ETV Bharat / bharat

বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকছিন অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই

author img

By

Published : Oct 7, 2021, 5:05 PM IST

World's First Malaria Vaccine Approved By WHO
প্ৰথমটো মেলেৰিয়া ভেকছিনত অনুমোদন বিশ্ব স্বাস্থ্য সংস্থাৰ

সমগ্ৰ বিশ্ববাসীৰ বাবে এক সুখবৰ । এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি বুধবাৰে বিশ্বৰ ভিতৰতে প্ৰথমটো মেলেৰিয়া ভেকছিনত অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই । সংবাদমেলযোগে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এই কথা জানিবলৈ দিয়ে ।

নিউজ ডেস্ক, ৭ অক্টোবৰ : দশক ধৰি মহৰ পৰা মানৱ জাতিয়ে ভুগি অহা মেলেৰীয়া ৰোগ প্ৰতিৰোধৰ পথত । বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ ভিতৰতে প্ৰথমটো মেলেৰিয়া ভেকছিনত অনুমোদন জনালে । ছ'চিয়েল মিডিয়াত পোনপটীয়াকৈ প্ৰচাৰিত এখন সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, এয়া এক ঐতিহাসিক মূহুৰ্ত । বহু প্ৰতীক্ষিত শিশুসকলৰ মেলেৰিয়া ভেকছিন বিজ্ঞান, শিশু স্বাস্থ্য আৰু মেলেৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক সফলতা ।

তেওঁ লগতে কয় যে, এই ভেকছিন ব্যৱহাৰ কৰিলে প্ৰতি বছৰে হাজাৰ হাজাৰ জীৱন ৰক্ষা কৰিব পৰা যাব । বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে জনায় যে ঘানা, কেনিয়া আৰু মালাৱীত অব্যাহত থকা পৰীক্ষণমূলক কাৰ্যসূচীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আফ্ৰিকা আৰু অন্যান্য অঞ্চলত মধ্যমীয়াৰ পৰা উচ্চ পি ফালচিপেৰাম মেলেৰিয়া সংক্ৰমণ হোৱা শিশুসকলৰ ক্ষেত্ৰত আৰটিএছ, এছ/এএছ01 (RTS,S/AS01) মেলেৰিয়া ভেকছিন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে । বিশ্ব স্বাস্থ্য সংস্থা আৰু ইয়াৰ অংশীদাৰসকলে বছৰি পাঁচ বছৰৰ অনুৰ্ধৰ ২,৬০,০০০ৰো অধিক আফ্ৰিকান শিশুৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰাৰ সময়তে মেলেৰিয়াৰ ভেকছিনত বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনাইছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আফ্ৰিকাত শৈশৱতে হোৱা ৰোগ আৰু মৃত্যুৰ এক মূল কাৰণ হৈ পৰিছে মেলেৰিয়া ।

বিশ্ব স্বাস্থ্য সংস্থাৰ আফ্ৰিকাৰ আঞ্চলিক সঞ্চালক ড০ মাৎশিদিছো মোৱেটিয়ে কয় যে, শতিকা ধৰি মেলেৰিয়াই আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ একাংশ জনবসতিপূৰ্ণ অঞ্চলক গ্ৰাস কৰি আহিছে । ফলত বহু লোকে মৃত্যুৰে যুঁজি দিবলগীয়া হৈছে ।

তেওঁ কয় যে, "আমি দীৰ্ঘদিন ধৰি এটা সুফলদায়ক মেলেৰিয়া ভেকছিনৰ আশা কৰি আহিছো আৰু এতিয়া প্ৰথমবাৰৰ বাবে, এনে এটা ভেকছিন ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া হৈছে" । এই পৰামৰ্শই সমগ্ৰ আফ্ৰিকা মহাদেশৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে । কিয়নো, আফ্ৰিকাতেই আটাইতকৈ বেছি শিশু মেলেৰিয়াত আক্ৰান্ত হয় । এতিয়া আফ্ৰিকান শিশু মেলেৰিয়াৰ পৰা সুৰক্ষিত হ'ব আৰু স্বাস্থ্যৱান হ'ব বুলি ড০ মাৎশিদিছো মোৱেটিয়ে আশা প্ৰকাশ কৰে ।

আনহাতে, টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, এই ভেকছিনে মেলেৰিয়াত আক্ৰান্ত হোৱাৰ সময়ত মৃত্যুৰ বহুখিনি বিপদাশংকা কম কৰিব । অৱশ্যে মেলেৰিয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে এই ভেকছিনটোৱেই একমাত্ৰ উপায় নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । মেলেৰিয়াৰ টীকাকৰণ কৰাৰ পাচতো আঠুৱা ব্যৱহাৰ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে । আৰ টি এছ, এছ-ক প্ৰথমবাৰৰ বাবে ২০১৫ চনত ইউৰোপীয় ঔষধ সংস্থাই আফ্ৰিকাত নৱজাতক আৰু শিশুৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক : ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.