ETV Bharat / bharat

Odisha Train Accident : বিশ্বনেতাসকলৰ শোক; দুৰ্ঘটনাত পীড়িতসকলক সহায়ৰ আশ্বাস

author img

By

Published : Jun 3, 2023, 3:01 PM IST

world leader condoles on Odisha train accident
world leader condoles on Odisha train accident

এটা যুগৰ ভিতৰত ভাৰতত সংঘটিত সবাতোকৈ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত শোকত ম্ৰিয়মাণ দেশবাসী । ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী তথা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এই দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্ততো এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ শোকৰ ছাঁ পৰিছে । লগতে বিশ্বৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে । প্ৰেৰণ কৰিছে শোকবাৰ্তা (world leader condoles on Odisha train accident) ।

নিউজ ডেস্ক, ৩ জুন : ওড়িশাৰ বালাছোৰ জিলাৰ বাহানাগাত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শনিবাৰে সমগ্ৰ বিশ্বৰ পৰা সমবেদনা জ্ঞাপন কৰা হৈছে (world leader condoles on Odisha train accident) । শুকুৰবাৰে সন্ধিয়া সংঘটিত এই ৰে'ল দুৰ্ঘটনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি চাবা কোৰোচিৰ লগতে অন্যান্য বিশ্বনেতাসকলে নিহত তথা আহতৰ পৰিয়াল আৰু ভাৰত চৰকাৰৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে (Odisha Balasore train accident) ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগৰ দক্ষিণ আৰু মধ্য এছিয়ান পৰিক্ৰমা ব্যুৰোৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে (US condoles on Odisha train accident) ।

বিশ্বজুৰি সংবাদ মাধ্যমত লাইনচ্যুত হোৱাৰ ব্যাপক বাতৰি প্ৰকাশৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ দক্ষিণ আৰু মধ্য এছিয়াৰ পৰিক্ৰমা ব্যুৰোৱে টুইট কৰি কয়, "পূব ভাৰতত সংঘটিত এক শোকাৱহ ৰে'ল দুৰ্ঘটনাত বহু লোক আহত তথা নিহত হোৱাৰ খবৰ লাভ কৰাৰ বাবে গভীৰভাৱে দুখিত । প্ৰিয়জনক হেৰুওৱা বেদনাৰ সন্মুখীন হোৱা সকলোৰে প্ৰতি আমাৰ গভীৰ সমবেদনা জনালোঁ (World leaders condole Odisha train tragedy victims) ।"

"ভাৰতৰ ওড়িশাত ৰে'ল দুৰ্ঘটনাৰ ছবি আৰু বাতৰিয়ে মোৰ হৃদয় টুকুৰা-টুকুৰ কৰিছে । যিসকলে প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । লগতে আঘাতপ্ৰাপ্তসকলৰ মই আশু আৰোগ্য কামনা কৰিছোঁ । এই কঠিন সময়ত কানাডিয়ানসকল ভাৰতৰ জনসাধাৰণৰ সৈতে আছে ।" কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে টুইটবাৰ্তাত কয় (Canadian PM Trudeau condoles Odisha tragedy) ।

আনহাতে, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিডাই ৰে'ল দুৰ্ঘটনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰে । "ওড়িশা ৰাজ্যত সংঘটিত ৰে'ল দুৰ্ঘটনাত বহু লোকে মূল্যৱান জীৱন হেৰুওৱা আৰু আঘাতপ্ৰাপ্ত হোৱাৰ খবৰপাই মই গভীৰভাৱে দুখিত । জাপান চৰকাৰ আৰু জনসাধাৰণৰ হৈ মই প্ৰাণ হেৰুওৱা লোকসকল আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ । আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও মই প্ৰাৰ্থনা জনাইছোঁ " তেওঁ কয় ।

নেপালৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, "আজি ভাৰতৰ ওড়িশাত সংঘটিত এক ৰে'ল দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যুত মই দুখিত । এই শোকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, চৰকাৰ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।"

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি কোৰোচিয়েও শোকাৱহ ৰে'ল দুৰ্ঘটনাটোৰ বাবে দুৰ্ঘটনাত পতিত লোকসকলৰ পৰিয়ালবোৰৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

"ভাৰতৰ ওড়িশাত ৰে'ল দুৰ্ঘটনাৰ খবৰ শুনি মই গভীৰভাৱে দুখিত । ভুক্তভোগী, তেওঁলোকৰ পৰিয়াল আৰু জৰুৰীকালীন সেৱাৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা । জনসাধাৰণ আৰু ভাৰত চৰকাৰৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ ।" সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিবেশনৰ সভাপতি কোৰোচিয়ে এনেদৰে টুইট কৰে ।

ইফালে অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পেনি ৱাঙে কয় যে আঘাতপ্ৰাপ্ত লোকসকল আৰু তেওঁলোকক সহায় কৰিবলৈ কাম কৰি থকা জৰুৰীকালীন কৰ্মচাৰীসকলৰ প্ৰতি তেওঁ শুভেচ্ছা জ্ঞাপন কৰে ।

পেনি ৱাঙে টুইট কৰি কয়, "ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য ওড়িশাত সংঘটিত বিধ্বংসী ৰে'ল দুৰ্ঘটনাৰ পিছত আমি আমাৰ গভীৰ সহানুভূতি প্ৰেৰণ কৰিছোঁ । আহতসকলৰ লগতে জৰুৰীকালীন কৰ্মচাৰীসকলে তেওঁলোকক সহায় কৰিবলৈ কাম কৰি থকা বাবে আমাৰ সমবেদনা জনালোঁ ।"

শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী চাব্ৰিয়ে কয় যে ওড়িশাত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি তেওঁ গভীৰভাৱে দুখিত । তেওঁ দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত সকলো লোকৰ দ্ৰুত আৰোগ্য কামনা কৰে ।

টুইটাৰযোগে আলী চাব্ৰিয়ে লিখিছে, "ওড়িশাত সংঘটিত শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাৰি গভীৰ দুখ পাইছোঁ । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা ভুক্তভোগীসকলৰ পৰিয়াল আৰু আহতসকলৰ প্ৰতি । মই ভুক্তভোগী সকলো লোকৰে দ্ৰুত আৰোগ্যৰ কামনা কৰিলোঁ । এই দুখৰ সময়ত শ্ৰীলংকা ভাৰতৰ সৈতে আছে ।"

লগতে পঢ়ক :Balasore train accident : কেনেকৈ হৈছিল ৰে'ল দুৰ্ঘটনাটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.