ETV Bharat / bharat

দুষ্কৃতিকাৰীৰ গুলীত দিল্লীত প্ৰাণ গ'ল মহিলাৰ

author img

By

Published : Dec 1, 2020, 3:25 PM IST

Woman shot dead at Mansarovar Park in New Delhi
দুষ্কৃতিকাৰীৰ গুলীত দিল্লীত প্ৰাণ গ'ল মহিলাৰ

উত্তৰ-পূৱ দিল্লীৰ মানসৰোবৰ পাৰ্ক অঞ্চলত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ দুজনকৈ অস্ত্ৰধাৰী অচিনাক্ত দুষ্কৃতিকাৰীৰ আক্ৰমণত থিতাতে নিহত হয় ছামা খান নামৰ এগৰাকী মহিলা ৷ তদুপৰি গুৰুতৰভাৱে আহত হয় মহিলাহগৰাকীৰ কন্যাও ৷

নিউজ ডেস্ক,1ডিচেম্বৰঃসোমবাৰে নিশা উত্তৰ-পূৱ দিল্লীৰ মানসৰোবৰ পাৰ্ক অঞ্চলত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ অস্ত্ৰধাৰী যুৱকৰ বন্দুকৰ গুলীত থিতাতে নিহত হয় ছামা খান নামৰ এগৰাকী মহিলাৰ লগতে গুৰুতৰভাৱে আহত হয় মহিলাহগৰাকীৰ কন্যা ৷ জানিব পৰা মতে, মানসৰোবৰ পাৰ্কত বাস কৰা ছামা খান নামৰ মহিলাগৰাকীৰ ভাড়াঘৰত সোমবাৰে সন্ধিয়া ইণ্টাৰনেটৰ সংযোগ স্থাপন কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল দুজনকৈ অস্ত্ৰধাৰী অচিনাক্ত দুষ্কৃতিকাৰী ৷ ঘৰত প্ৰৱেশ কৰিয়েই হঠাৎ গুলীবৰ্ষণ কৰে দুই দুষ্কৃতিকাৰীয়ে ৷ ইপিনে নিজ কন্যাক বচাবলৈ আহি দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হ'বলগীয়া হয় ছামা খান নামৰ মহিলাগৰাকী ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত কৰিয়েই বাইকেৰে পলায়ন কৰে দুই দুষ্কৃতিকাৰীয়ে ৷

দুষ্কৃতিকাৰীৰ গুলিত আহত মহিলাহগৰাকীৰ কন্যা মেহক খানক স্বামী দয়ানন্দ হস্পিতালত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে ছাফদৰজং হস্পিতাললৈ স্থানান্তৰিত কৰা হয় ৷ আনহাতে কি কাৰণে দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিলে সেইয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.