ETV Bharat / bharat

বৰ্ষাকালীন অধিৱেশনৰ মাজতে সংসদৰ কৰ্মচাৰীৰ বাবে নতুন ক'ভিড নিৰ্দেশনা

author img

By

Published : Jul 25, 2021, 8:40 PM IST

সকলো কৰ্মচাৰী-বিষয়াই সাপ্তাহিক ভিত্তিত বাধ্যতামূলক ক'ভিড আৰটিপিচিআৰ পৰীক্ষা কৰিব লাগিব । লোকসভাৰ বিষয়া-কৰ্মচাৰী আৰু সংসদ চৌহদত কাম কৰা অন্যান্য সহযোগী সংস্থাবোৰে তেওঁলোকৰ টীকাকৰণৰ স্থিতি স্পষ্ট কৰিব লাগিব ।

Lok Sabha staff
বৰ্ষাকালীন অধিবেশনৰ মাজতে সংসদৰ কৰ্মচাৰীৰ বাবে নতুন ক'ভিড নিৰ্দেশনা

নেশ্যনেল ডেস্ক, ২৫ জুলাই : যোৱা ১৯ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন (Monsoon Session of Parliament) । কিন্তু দেশজুৰি যিহেতু ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে, সেয়েহে সংসদ ভৱনত কঠোৰ স্বাস্থ্য বিধি পালনৰ নিৰ্দেশনা দিয়া হৈছে । সংসদ ভৱনৰ ক'ভিড প্ৰট'কল (Covid protocol) সন্দৰ্ভত এক বিশেষ বিজ্ঞপ্তি জাৰি কৰা হৈছে ।

লোকসভা সচিবালয়ৰ কল্যাণ শাখাই সংসদত কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি সংসদৰ সকলো কৰ্মচাৰীয়ে প্ৰয়োজনীয় ক'ভিড বিধি পালন কৰিব লাগিব । লোকসভাৰ বিষয়া-কৰ্মচাৰী আৰু সংসদ চৌহদত কাম কৰা অন্যান্য সহযোগী সংস্থাবোৰে তেওঁলোকৰ টীকাকৰণৰ (Vaccination) স্থিতি স্পষ্ট কৰিব লাগিব ।

সকলো কৰ্মচাৰী-বিষয়াই সাপ্তাহিক ভিত্তিত বাধ্যতামূলক ক'ভিড আৰটিপিচিআৰ পৰীক্ষা কৰিব লাগিব । এই উদ্দেশ্যেৰে সমিতিৰ কোঠা E, PHA, আৰু প্ৰেক্ষাগৃহৰ লগতে প্ৰথম মহলাত দুটাকৈ কাউণ্টাৰ স্থাপন কৰা হৈছে । বিজ্ঞপ্তিটোত প্ৰকাশ কৰা মতে, ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা ১৭ তম লোকসভাৰ ষষ্ঠ অধিৱেশন ১৩ আগষ্টত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যসভাৰো এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (President Ram Nath Kovind) আহ্বানমৰ্মে ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা অধিৱেশন ১৩ আগষ্টলৈ চলিব । ইফালে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নতুন চৰকাৰ গঠন হোৱাৰ পিছত এয়া সংসদৰ প্ৰথম অধিৱেশন । বিগত বছৰ বৰ্ষাকালীন অধিৱেশন ছেপ্তেম্বৰত আৰম্ভ হৈছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে শীতকালীন অধিৱেশন অনুষ্ঠিত হোৱা নাছিল ।

ইফালে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত পূৰ্বৰ দিনতকৈ সামান্য বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । দেশত ৩৯,৭৪২ গৰাকী লোকৰ পৰীক্ষাত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে দেশত আক্ৰান্ত সংখ্যা হ'লগৈ ৩,১৩,৭১,৯০১ টা ।

অৱশ্যে দেশত ক’ভিডত মৃত্যুৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে ৷ লগতে নতুনকৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫৩৫ গৰাকী । এতিয়ালৈ ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৪,২০,৫৫১ গৰাকী লোক ।

লগতে পঢ়ক: ৰাজ কুন্দ্ৰাৰ ৪ কৰ্মচাৰী হ'ব পৰ্ণ’গ্ৰাফী গোচৰৰ সাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.