ETV Bharat / bharat

Wrestlers Protest Row : দোষী প্ৰমাণিত হ'লে নিজে ওলমিম ফাঁচিকাঠত; ব্ৰীজ ভূষণ সিং

author img

By

Published : May 31, 2023, 5:36 PM IST

Wrestlers Protest Row
Wrestlers Protest Row

ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে কৈছে যে যদি তেওঁৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত হয় তেন্তে তেওঁ নিজে ফাঁচি ল'ব (Brij Bhushan reacted on wrestlers allegation) ।

নিউজ ডেস্ক, ৩১ মে' : ভাৰতীয় কুস্তি ফেডাৰেচনৰ (Wrestling Federation of India, WFI) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে বুধবাৰে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অভিযোগৰ প্ৰত্যুত্তৰ দি কয় যে যদি তেওঁৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত হয় তেন্তে তেওঁ নিজকে ফাঁচি দিব (Brij Bhushan reacted on wrestlers allegation) ।

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এক ৰাজহুৱা ৰেলীত ভাষণ দি WFI-ৰ মুৰব্বীগৰাকীয়ে কয়, "যদি মোৰ বিৰুদ্ধে এটাও অভিযোগ প্ৰমাণিত হয়, মই নিজকে ফাঁচি দিম ।" উল্লেখ্য যে ব্ৰীজ ভূষণে (WFI chief Brij Bhushan Sharan Singh) তেওঁৰ বিৰুদ্ধে প্ৰতিবাদৰ চিন স্বৰূপে মল্লযোদ্ধাসকলে গংগাত তেওঁলোকৰ পদক বিসৰ্জন দিয়াৰ কথা ঘোষণা কৰাৰ বাবে মল্লযোদ্ধাসকলক উপহাস কৰে (Wrestlers Protest Row) ।

"চাৰি মাহ হ'ল । এতিয়াও তেওঁলোকে মোক ফাঁচি দিয়াটো বিচাৰে । চৰকাৰে মোক ফাঁচি নিদিয়াৰ কাৰণে তেওঁলোকে মঙলবাৰে হৰিদ্বাৰত একত্ৰিত হয় আৰু গংগাত তেওঁলোকৰ পদক বিসৰ্জন দিয়াৰ ভাবুকি দিয়ে । ইয়াৰ দ্বাৰা তেওঁলোকে মোৰ বিৰুদ্ধে বিচৰা ধৰণে ৰায় আনিব নোৱাৰে, এইবোৰ সকলো আৱেগিক নাটক ।" তেওঁ কয় ।

ব্ৰীজ ভূষণ সিঙে লগতে কয়, "যদি আপোনালোকৰ (মল্লযোদ্ধাসকলৰ) ওচৰত কিবা প্ৰমাণ আছে, তেন্তে সেয়া আদালতত উপস্থাপন কৰক । মই যিকোনো শাস্তি গ্ৰহণ কৰিবলৈ সাজু (WFI chief sexual harassment allegation) ।"

"দিল্লী আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে । যদি অভিযোগৰ (মল্লযোদ্ধাসকলে আৰোপ কৰা) কোনো সত্যতা থাকে তেন্তে মোক গ্ৰেপ্তাৰ কৰা হ'ব ।" তেওঁ লগতে কয় । উল্লেখ্য বুধবাৰে আৰম্ভণিতে দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে যে WFI-ৰ সভাপতিৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকৈ কোনো সমৰ্থনযোগ্য প্ৰমাণ লাভ কৰা নাই ।

আনহাতে, শীৰ্ষ সূত্ৰ অনুসৰি দিল্লী আৰক্ষীয়ে ১৫ দিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব । "১৫ দিনৰ ভিতৰত আমি আমাৰ প্ৰতিবেদন আদালতত দাখিল কৰিম । এয়া অভিযোগনামা বা চূড়ান্ত প্ৰতিবেদনৰ ৰূপত হ'ব পাৰে ।" তেওঁলোকে কয় । দিল্লী আৰক্ষীৰ সূত্ৰই লগতে কয় যে মল্লযোদ্ধাসকলৰ দাবী প্ৰমাণ কৰিবলৈ কোনো সমৰ্থক প্ৰমাণ নাই । আৰক্ষীয়ে লগতে কয়, "তেওঁ সাক্ষীক প্ৰভাৱিত কৰা নাই বা প্ৰমাণো ধ্বংস কৰা নাই ।"

উল্লেখ্য, যৌন নিৰ্যাতনৰ অভিযোগত WFI-ৰ সভাপতিক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী কৰি অহা অলিম্পিয়ান বজৰং পুনিয়া (Olympian Bajrang Punia), সাক্ষী মালিক আৰু বিনেশ ফোগাটে মঙলবাৰে গঙ্গাত তেওঁলোকৰ পদক বিসৰ্জন কৰিবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল । মল্লযোদ্ধাসকলে পিছত কৰ্তৃপক্ষক WFI প্ৰধানৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ পাঁচ দিনৰ চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ।

বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিককে ধৰি কেইবাজনো আগশাৰীৰ মল্লযুঁজাৰুৱে WFI-ৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰৰ দাবী জনাই আহিছে ।

লগতে পঢ়ক : Wrestlers Protest : মল্লযোদ্ধাৰ প্ৰতিবাদৰ সমৰ্থনত বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত মহাপঞ্চায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.