ETV Bharat / bharat

Wrestlers Protest : মল্লযোদ্ধাৰ প্ৰতিবাদৰ সমৰ্থনত বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত মহাপঞ্চায়ত

author img

By

Published : May 31, 2023, 2:00 PM IST

টিকায়েটে কয় যে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান আৰু দিল্লীৰ পৰা অহা বিভিন্ন খাপ পঞ্চায়ত আৰু তেওঁলোকৰ মুৰব্বীৰ কেইবাজনো প্ৰতিনিধিয়ে মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ মহাপঞ্চায়তত অংশগ্ৰহণ কৰিব (Mahapanchyat in UP for Wrestlers Protest) ।

Wrestlers Protest
Wrestlers Protest

নিউজ ডেস্ক, ৩১ মে' : অলিম্পিয়ান বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটকে ধৰি দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে বিদায়ী ডব্লিউএফআই মুৰব্বী ব্ৰীজ ভূষণ সিঙৰ (protest against WFI chief Brij Bhushan Singh) বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিবলৈ বৃহস্পতিবাৰে মুজাফ্ফৰ নগৰৰ সোৰাম গাঁৱত এক 'মহাপঞ্চায়ত'ত মিলিত হ'ব (Mahapanchyat in UP for Wrestlers Protest) ।

মঙলবাৰে নিশা বালিয়ান খাপৰ মুৰব্বী তথা কৃষক নেতা নৰেশ টিকায়েটে (farmer leader Naresh Tikait) এই কথা ঘোষণা কৰে । উল্লেখ্য, টিকায়েটৰ হস্তক্ষেপত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে অন্তিম মুহূৰ্তত মঙলবাৰে সন্ধিয়া হৰিদ্বাৰৰ গংগা নদীত তেওঁলোকৰ বিশ্ব আৰু অলিম্পিক পদক বিসৰ্জনৰ পৰিকল্পনা স্থগিত ৰাখে । টিকায়েটে মল্লযোদ্ধাসকলৰ অভিযোগ সমাধান কৰিবলৈ পাঁচ দিন সময় বিচাৰে (Wrestlers Protest against Brij Bhushan Singh) ।

উল্লেখ্য যে মঙলবাৰে মল্লযোদ্ধাসকলে হৰিদ্বাৰত ১ ঘণ্টা ২৫ মিনিট অতিবাহিত কৰে আৰু তেওঁলোকৰ পদক গংগাত বিসৰ্জনৰ বাবে প্ৰস্তুত হয় । কিন্তু কেইবাজনো খাপ পঞ্চায়ত আৰু ৰাজনৈতিক নেতাই তেওঁলোকক এই চৰম পদক্ষেপ নল'বলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক উভতি আহে । টিকায়েটৰ মতে, মল্লযোদ্ধাজনৰ প্ৰতিবাদৰ বিষয়টো মহাপঞ্চায়তত বিতংভাৱে আলোচনা কৰা হ'ব । টিকায়েটে কয় যে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান আৰু দিল্লীৰ পৰা অহা বিভিন্ন খাপ আৰু সেইবোৰৰ মুৰব্বীৰ কেইবাজনো প্ৰতিনিধিয়ে মল্লযোদ্ধাসকলৰ প্ৰতিবাদ সন্দৰ্ভত পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ মহাপঞ্চায়তত অংশগ্ৰহণ কৰিব ।

মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে বিগত কেইবা মাহৰ পৰা প্ৰতিবাদ কৰি আহিছে । তেওঁৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে (sexual assaulting allegation against Brij Bhushan) । আনহাতে, তেওঁলোকৰ প্ৰতিবাদৰ সময়ত বহু ঘটনা-পৰিঘটনাও সংঘটিত হয় । শেহতীয়াভাৱে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এই পৰিস্থিতিয়ে চৰম ৰূপ লয় । দেওবাৰে দিল্লী আৰক্ষীয়ে মল্লযোদ্ধাসকলক প্ৰতিবাদস্থলীৰ পৰা উচ্ছেদ কৰি তেওঁলোকক আটক কৰে ।

আনহাতে, আৰক্ষীয়ে আইন-শৃংখলা উলংঘনৰ অভিযোগত মল্লযোদ্ধাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ইফালে দেওবাৰে সংঘটিত এই ঘটনাৰ ফলত একপ্ৰকাৰ হতাশ হৈ পৰিলেও বজৰং পুনিয়া আৰু সাক্ষী মালিকে নিজৰ স্থিতিত অটল থাকি কয় যে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব ।

লগতে পঢ়ক :Wrestler Protest: গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত স্থগিত কৰিলে মল্লযুঁজাৰুসকলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.