ETV Bharat / bharat

Elon Musk: এলন মাস্কে কিয় ক’লে আত্মহত্যাৰ কথা, এইটো আছিল ইয়াৰ আঁৰৰ কাৰণ

author img

By

Published : Dec 5, 2022, 10:10 PM IST

Why did Elon Musk talk about his suicide this is the big reason
ইলন মাস্কে কিয় ক’লে আত্মহত্যাৰ কথা, এইটো আছিল ইয়াৰ আঁৰৰ কাৰণ

শেষতীয়াকৈ এক সাক্ষাৎকাৰত এলন মাস্কক সোধা হৈছিল তেওঁ আত্মহত্যা কৰাৰ কথা ভাবিছে নেকি? এই প্ৰশ্নৰ উত্তৰত এলন মাস্কে কি ক'লে চাওক ।

টুইটাৰৰ নতুন বছ এলন মাস্কক তেওঁৰ বক্তব্যৰ বাবেই প্ৰায়ে বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হয়, এতিয়া শেহতীয়াকৈ লাইভ প্ৰশ্নোত্তৰ অধিবেশনৰ সময়ত যেতিয়া এলন মাস্কৰ মানসিক অৱস্থা আৰু সুৰক্ষাৰ সৈতে জড়িত প্ৰশ্ন সোধা হয়, তেতিয়া তেওঁ শ্ৰোতাসকলক আশ্বস্ত কৰে যে, আত্মহত্যাৰ ওপৰত তেওঁৰ মনত কোনো ধাৰণা অহা নাই । অৰ্থাৎ এলন মাস্কে তেওঁৰ সমৰ্থকসকলক আশ্বাস দিছে যে, তেওঁৰ বৰ্তমান মানসিক অৱস্থা ঠিকেই আছে(Why did Elon Musk talk about his suicide) ।

এজন ব্যক্তিয়ে এলন মাস্কক এই প্ৰশ্ন সুধিছিল

১ লাখৰো অধিক লোকে এই প্ৰশ্নোত্তৰ অধিৱেশন শুনি আছিল আৰু এই অধিৱেশনৰ সময়ত এলন মাস্কক বহু প্ৰশ্ন কৰা হৈছিল(elon musk twitter) । এজন ব্যক্তিয়ে মাস্কক সুধিলে যে, তেওঁ আত্মহত্যা কৰিছে নেকি? বিজনেছ ইনচাইডাৰৰ প্ৰতিবেদন অনুসৰি এই প্ৰশ্নসমূহৰ উত্তৰ দিওঁতে তেওঁ কয় যে নাই মোৰ আত্মহত্যাৰ দৰে কোনো চিন্তা নাই । যদি মই আত্মহত্যা কৰিছো তেন্তে সেয়া বাস্তৱ নহ’ব । টুইটাৰৰ তথ্য অনুসৰি টুইটাৰ স্পেচছৰ সাক্ষাৎকাৰত মুঠ ১৮ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰে ।

কেৱল এয়াই নহয়, শেহতীয়াকৈ এলন মাস্কেও নিজৰ জীৱনৰ বিপদৰ ইংগিত দিছে । তেওঁ কয় যে, তেওঁৰ জীৱন বিপদত পেলাইছে, যাৰ বাবে তেওঁ কোনো মুকলি গাড়ীত ঘূৰি ফুৰিব নোৱাৰে ।

  • If I die under mysterious circumstances, it’s been nice knowin ya

    — Elon Musk (@elonmusk) May 9, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, মাস্কে তেওঁৰ সম্ভাৱ্য ৰহস্যময় মৃত্যুৰ সৈতে জড়িত কোনো ইংগিত দিয়াটো প্ৰথমবাৰৰ বাবে নহয় । ইয়াৰ পূৰ্বে মে’ মাহত টুইটাৰৰ নতুন মালিক এলন মাস্কে টুইট কৰিছিল যে যদি মই সন্দেহজনক পৰিস্থিতিত মৃত্যুবৰণ কৰো, তেন্তে ইয়াক জানি ভাল হ’ব ।

উল্লেখ্য যে, শেহতীয়াকৈ এলন মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰৰ সৈতে জড়িত কিছুমান কথা ফাদিল কৰিছিল, টুইটাৰ ফাইল নামৰ এই প্ৰকাশসমূহত মাস্কে উল্লেখ কৰিছে যে, ২০২০ চনত হুনাৰ বাইডেনৰ সৈতে জড়িত বাতৰিসমূহ চেঞ্চৰ কৰা হৈছিল । বহু সংবাদ মাধ্যমত উল্লেখ আছে যে, নিউয়ৰ্ক পোষ্টৰ এই খবৰটো বন্ধ কৰোৱা হৈছিল ।

লগতে পঢ়ক: Apple plans to shift production: এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.