ETV Bharat / bharat

Apple plans to shift production: এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

author img

By

Published : Dec 5, 2022, 1:37 PM IST

শেহতীয়াকৈ দেশখনত বিশেষকৈ চীনৰ Zhengzhou ‘আইফোন চিটি’ প্লাণ্টত প্ৰতিবাদৰ মাজতে এপলে চীনৰ বাহিৰলৈ উৎপাদন স্থানান্তৰ কৰাৰ পৰিকল্পনা ত্বৰান্বিত কৰিছে ৷

Apple plans to shift production out of China in wake of violent protests
এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

ইন্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: শেহতীয়াকৈ দেশখনত বিশেষকৈ চীনৰ Zhengzhou ‘আইফোন চিটি’ প্লাণ্টত(Zhengzhou iPhone City plant) প্ৰতিবাদৰ মাজতে এপলে চীনৰ বাহিৰলৈ উৎপাদন স্থানান্তৰ কৰাৰ পৰিকল্পনা ত্বৰান্বিত কৰিছে (Apple plans to shift production out of China)। প্ৰতিবাদৰ ফলত Appleয়ে নিজৰ উৎপাদন এছিয়াৰ অন্য ঠাইলৈ, বিশেষকৈ ভাৰত আৰু ভিয়েটনামলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিবলৈ বাধ্য হয় (Assembling Apple product elsewhere in Asia)।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি এপলে Foxconn টেকন’লজি গ্ৰুপৰ নেতৃত্বত টাইৱানৰ এছেম্বলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিচাৰিছে(factory run by Foxconn to make iPhones) ।

ANIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চীনৰ Zhengzhouত Foxconnয়ে আইফোন আৰু এপলৰ অন্যান্য সামগ্ৰী নিৰ্মাণৰ বাবে পৰিচালিত এটা কাৰখানাত প্ৰায় ৩ লাখ শ্ৰমিকক নিয়োগ কৰা হৈছে (Zhengzhou iPhone City plant) । বজাৰ গৱেষণা সংস্থা কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ মতে, এটা সময়ত কেৱল Zhengzhouয়ে আইফোনৰ প্ৰ’ লাইনআপৰ প্ৰায় ৮৫ শতাংশ লাভ কৰিছিল ।

অৱশ্যে, এপলে কেতিয়া আৰু কিমান দিনলৈ নিজৰ এই চেন্টাৰক স্থানান্তৰিত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এপলৰ এই ফেচিলিটি চেণ্টাৰত প্ৰায় ৩,০০,০০০ কৰ্মচাৰীয়ে কাম কৰাৰ লগতে iPhone Proৰ ৮৫ শতাংশ কৰ্মচাৰীয়েই ইয়াত কৰ্মৰত ।

কিয় প্ৰতিবাদ সাব্যস্ত কৰিলে কৰ্মচাৰীসকলে?

নৱেম্বৰৰ শেষৰ ফালে Zhengzhou চহৰৰ ফক্সকনৰ সৰ্ববৃহৎ আইফোন প্লাণ্টত হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা কেইবাটাও পোষ্টত দেখা গৈছে যে চীনৰ এটা আইফোন কাৰখানাত দৰমহা আৰু চৰ্তক লৈ ৰাজপথত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

চীনৰ Zhengzhouত অৱস্থিত এই উদ্যোগটোত কৰ’নাৰ বাবে জাৰি কৰা নিষেধাজ্ঞা আৰু দৰমহা দিয়াত পলম হোৱাৰ বাবে বৃহৎ সংখ্যক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে । ইণ্টাৰনেটত প্ৰচাৰিত এই প্ৰতিবাদৰ কিছু ভিডিঅ’ত দেখা গৈছে যে কৰ্মচাৰীসকলে লাঠিৰে CCTVয়ো ভাঙিছে ।

এই ক্ষেত্ৰত এপলে এই প্ৰদৰ্শনৰ বাবে ক্ষমা বিচাৰিছিল আৰু ইয়াৰ কাৰণ কাৰিকৰী কাৰণ বুলি কয় । উল্লেখ্য যে, চীনত Corona ভাইৰাছৰ ঢৌৰ বাবে বহু চহৰত লকডাউন জাৰি কৰা হৈছে আৰু তাত কঠোৰ নীতি-নিৰ্দেশনা মানি চলিব লগা হৈছে । এনে পৰিস্থিতিত এপল কাৰখানাত সীমিত সংখ্যক লোকৰ দ্বাৰাহে কাম অব্যাহত আছে ।

লগতে পঢ়ক: China Giving Blow to Apple: চীনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে Apple, জানক কিদৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.