ETV Bharat / bharat

Haryana Nuh Violence : নুহৰ হিংসাত্মক ঘটনাৰ বাবে কোন দায়ী ?

author img

By

Published : Aug 3, 2023, 3:36 PM IST

নুহ হিংসাত এতিয়ালৈ ৬ জন লোকৰ মৃত্যু । হিংসাত্মক ঘটনাৰ পাছত এতিয়া বহুতো প্ৰশ্ন উত্থাপন হৈছে । ঘটনাক লৈ ৰাজনীতিও আৰম্ভ হৈছে । আৰক্ষী তথা চোৰাংচোৱাৰ ওপৰতো প্ৰশ্ন উঠিছে ।

Haryana Nuh Violence
নুহৰ হিংসাত্মক ঘটনাৰ বাবে কোন দায়ী

নেশ্যনেল ডেস্ক,৩ আগষ্ট : হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে । অৱশ্যে নুহৰ অগ্নিসংযোগ আৰু হিংসাৰ আঁৰত কোন আছে আৰু ইয়াৰ প্ৰকৃত দোষী কোন, চৰকাৰে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে । কিন্তু, যিধৰণে এই সাম্প্ৰদায়িক হিংসাই অতি সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, সেইটোৱে চৰকাৰৰ আইন শৃংখলাৰ প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । এই সন্দৰ্ভত ডাঙৰ প্ৰশ্নটো হ'ল ব্ৰজ মণ্ডল যাত্ৰাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা কোনো ত্ৰুটি আছিল নে চৰকাৰে তেনে কোনো ইনপুট লাভ নকৰিলে ?

নুহ হিংসা, ষড়যন্ত্ৰ আৰু ৰাজনীতি : নুহৰ হিংসাত্মক ঘটনাত শ শ বাহন জ্বলাই দিয়া হৈছে, ৬ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, বিভিন্ন স্থানত অগ্নিসংযোগ কৰা হৈছে, গুলীচালনাও হৈছে । কিন্তু আৰক্ষী প্ৰশাসনে একপ্ৰকাৰ দুৰ্বৃত্তৰ ওচৰত আত্মসমৰ্পণ কৰিছে । কিয়নো আৰক্ষী প্ৰশাসনৰ লোকৰ সন্মুখতে এই সকলোবোৰ ঘটনা ইমান সহজে কেনেকৈ সংঘটিত হ'ল ? গোটেই ঘটনাটো লক্ষ্য কৰিলে স্পষ্টভাৱে দেখা যায় যে এই সমগ্ৰ হিংসাত্মক ঘটনাটোৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুতি কৰা হৈছিল । কিন্তু আৰক্ষী আৰু প্ৰশাসনে সংগঠনটোৰ যাত্ৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কিয় কৰা নাছিল ? আৰক্ষী আৰু প্ৰশাসনে এনে হ'ব বুলি ধাৰণা কৰিবই নোৱাৰিলে নেকি ?

ঘটনাৰ দিনা ছুটীত আছিল নুহৰ আৰক্ষী অধীক্ষক : এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জিলাখনৰ আৰক্ষী অধীক্ষক ছুটীত আছিল । একে সময়তে, তেওঁৰ অনুপস্থিতিত পালৱালৰ আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছিল যদিও হিংসাত্মক ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁও উপস্থিত নাছিল । মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কৈছিল যে নুহ আৰক্ষী অধীক্ষকে তেওঁৰ সময়সূচী অনুসৰি ১০-১২ দিন আগতে ছুটীত গৈছিল । সেই সময়ত এনে হোৱাৰ কোনো সম্ভাৱনা নাছিল ।

অৱশ্যে, তেওঁ কয় যে যেতিয়া এই যাত্ৰাৰ কথা জনা গৈছিল জিলাখনৰ উপায়ুক্তই এদিন পূৰ্বে দুয়োপক্ষৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । য'ত তেওঁক আশ্বাস দিয়া হৈছিল যে যাত্ৰা শান্তিপূৰ্ণভাৱে চলিব আৰু কোনো ধৰণৰ উত্তেজনা নাথাকে । উপায়ুক্তগৰাকীয়ে নিৰন্তৰভাৱে ইয়াৰ ওপৰত দৃষ্টি ৰাখিছিল, কিন্তু হঠাতে এই সকলোবোৰ ঘটনা ঘটিল । অৱশ্যে তদন্তৰ সময়ত যি ধৰণৰ তথ্য পোহৰলৈ আহে, যদি ষড়যন্ত্ৰৰ কোনো উৎস পোৱা যায়, তেনেহ'লে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ব্ৰজ মণ্ডল যাত্ৰাৰ সুৰক্ষাৰ দায়িত্বত আছিল ৯০০ৰো অধিক আৰক্ষী : জানিব পৰা মতে এই যাত্ৰাৰ নিৰাপত্তাৰ দায়িত্বত ৯০০ গৰাকী আৰক্ষী আছিল । অৱশ্যে দুৰ্বৃত্তই যি ধৰণৰ হুলস্থূলৰ সৃষ্টি কৰিছিল সেয়া লক্ষ্য কৰি এনে লাগিছে যেন আৰক্ষীৰ প্ৰতি কোনো ভয় নাছিল দুৰ্বৃত্তৰ । যাত্ৰাত অংশ লোৱা একাংশ লোকেও অভিযোগ কৰিছে যে তাত পৰ্যাপ্ত আৰক্ষী নাছিল । যাত্ৰাত অংশ লোৱা লোকসকলক ৩ টা দিশৰ পৰা আগুৰি ধৰি আক্ৰমণ কৰা হৈছিল ।

হাৰিয়ানাৰ শিক্ষা মন্ত্ৰীৰ মন্তব্য : চৰকাৰৰ বিফলতা সম্পৰ্কে যেতিয়া হাৰিয়ানাৰ শিক্ষা মন্ত্ৰী কানৱাৰ পাল গুৰ্জাৰক প্ৰশ্ন কৰা হৈছিল তেওঁ কয় যে আৰক্ষীয়ে যিধৰণে পূৰ্বেও এই যাত্ৰাৰ ব্যৱস্থা কৰিছিল, সেইদৰে একেই ব্যৱস্থা কৰা হৈছিল । যাত্ৰাত থকা কিছুমান লোকৰ ভিডিঅ'ত তেওঁ শুনিছিল যে তাত ৫০০ জন আৰক্ষী নিয়োজিত হৈ আছিল । তেওঁ সন্দেহ কৰিছে যে ইমান ডাঙৰ ষড়যন্ত্ৰৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ নকৰিলে । যদি কোনো বিষয়াও ইয়াৰ বাবে দোষী হয়, তেন্তে নিশ্চিতভাৱে চৰকাৰে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব ।

নুহ হিংসাৰ বাবে কোন দায়ী : মনু মানেছাৰে সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅ'টোকো এই ঘটনাৰ বাবে দোষাৰোপ কৰা হৈছে । সন্দেহ কৰা হৈছে যে মনু মানেছাৰে যাত্ৰাত যোগদান কৰাৰ বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅ'টোৰ বাবে এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছিল । একে সময়তে, মনু মানেছাৰে যাত্ৰাত যোগদান কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰে, যাৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি হয় । অৰ্থাৎ, মনু মানেছাৰকো এই সকলো ঘটনাৰ বাবে দায়বদ্ধ বুলি বিবেচনা কৰা হৈছে ।

'হাৰিয়ানা চৰকাৰৰ হাতত মনু মানেছাৰৰ বিষয়ে কোনো ইনপুট নাই' : মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে মনু মানেছাৰৰ ক্ষেত্ৰত ৰাজস্থান চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । আমি ৰাজস্থান চৰকাৰক কৈছো যে এই ক্ষেত্ৰত তেওঁলোকক যিকোনো সহায়ৰ প্ৰয়োজন, আমি সহায় কৰিবলৈ সাজু । তেওঁলোকে কয় যে মনু মানেছাৰৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীয়ে অভিযান চলাই আছে, এতিয়ালৈ তেওঁৰ অৱস্থান সম্পৰ্কে চৰকাৰৰ হাতত কোনো ইনপুট নাই । ৰাজস্থান আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব, হাৰিয়ানা চৰকাৰেও যি সহায়ৰ প্ৰয়োজন হয় সেয়া কৰিব ।

নুহ হিংসাৰ ক্ষেত্ৰত হাৰিয়ানাৰ গৃহ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া : হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজে কয়, "এজন অপৰাধীয়ে সমগ্ৰ ঘটনাটোৰ বাবে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে বুলি তৰ্ক কৰাটো উচিত নহয় । ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি যিকোনো লোকৰ ঘৰ জ্বলাই দিব, বাহনত অগ্নি সংযোগ কৰিব বা গুলী চালনা কৰিব । কোনখন কিতাপত এয়া লিখা আছে ? ধৰি লওঁক কোনো এজন অপৰাধীয়ে এটা ভিডিঅ' আপলোড কৰিছে কিন্তু সেইটোৰ আধাৰত ইমানবোৰ কৰা হ'ব নেকি ? এনে পৰিস্থিতিত, সকলো অপৰাধী হৈ পৰিব আৰু এয়া উচিত নহয় । যদি মনু মানেছাৰৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক থাকে, তেন্তে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

তদন্তত নিয়োজিত চাইবাৰ বিষয়া : একে সময়তে, এই গোটেই ঘটনাটো সংঘটিত কৰাৰ ক্ষেত্ৰত বাহিৰৰ লোকৰ হাত থাকিব পাৰে বুলিও আশংকা কৰা হৈছে । অৰ্থাৎ বাহিৰৰ পৰা অহা কিছুমান লোকও এই হিংসাত জড়িত থাকিব পাৰে । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয়, "আমাৰ চাইবাৰ বিভাগে বিষয়টো তদন্ত কৰি আছে । সামাজিক মাধ্যম আৰু টেলিফোনিক কথোপকথনৰ ৰেকৰ্ডবোৰ পৰীক্ষা কৰা হৈছে । ইয়াৰ জৰিয়তে কোনে কাক কিমান বাৰ ফোন কৰিছিল সেই বিষয়ে চৰকাৰে সকলো তথ্য লাভ কৰিব । চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে । এই তদন্তৰ পাছত এতিয়ালৈ ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

চোৰাংচোৱাৰ ওপৰতো প্ৰশ্ন : ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কৈ আছে যে এই সকলো ঘটনা পৰিকল্পিতভাৱে কৰা হৈছে । কোনোৱে এই গোটেই ঘটনাটো সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছে । কিন্তু, এনে পৰিস্থিতিত প্ৰশ্নটো হ'ল যে এই ক্ষেত্ৰত চৰকাৰৰ চোৰাংচোৱা ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হৈছে নেকি ? একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে যে এই গোটেই ঘটনাটো চোৰাংচোৱা ব্যৱস্থাৰ বিফলতাৰ বাবে সংঘটিত হৈছিল । কাৰণ দুৰ্বৃত্তসকলে যিদৰে ব্ৰজ মণ্ডল যাত্ৰাত শিল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিছে । ইয়াৰ পৰা এইটো স্পষ্ট যে কৰবাত চোৰাংচোৱা বিভাগে এই সকলোবোৰ ইনপুট দিয়াত ব্যৰ্থ হৈছে ।

এই সন্দৰ্ভত সোধা প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰী মনোহৰ লালে কয়, "গোচৰটোৰ সমগ্ৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে সকলো কথা কোৱাটো ঠিক হ'ব । আজি সেই বিষয়ে যিকোনো কথা ক'লে সেইবোৰক উৎসাহিত কৰাৰ দৰে হ'ব, আমাক তদন্ত কৰিবলৈ দিয়ক তেতিয়াহে আপোনালোকে সকলো তথ্য লাভ কৰিব ।"

লগতে পঢ়ক :Nuh Violence : হাৰিয়ানাৰ কেইবাখনো জিলাত ৫ আগষ্টলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.