ETV Bharat / bharat

Nuh Violence : হাৰিয়ানাৰ কেইবাখনো জিলাত ৫ আগষ্টলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

author img

By

Published : Aug 3, 2023, 10:46 AM IST

৩১ জুলাইত হাৰিয়ানাৰ নুহত ব্ৰজ মণ্ডল যাত্ৰাৰ সময়ত দুটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । এই হিংসাত এতিয়ালৈ ৬ গৰাকী লোকৰ মৃত্যু হৈছে । একে সময়তে আৰক্ষীয়ে এতিয়ালৈকে ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে । কিছুমান জিলাত এতিয়াও উত্তেজনা অব্যাহত আছে । ৫ আগষ্টলৈকে ইণ্টাৰনেট বন্ধ ৰখাৰ ঘোষণা চৰকাৰৰ ।

Nuh Violence
৫ আগষ্টলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক,৩ আগষ্ট : হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি উদ্বেগৰ সৃষ্টি হৈছে । ইফালে ৰাজ্যখনৰ কিছুমান জিলাত পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত ফৰিদাবাদ আৰু পালৱাল জিলাৰ পৰিস্থিতিৰ লগতে গুৰুগ্ৰামৰ ৩ টা মহকুমাত পৰিৱেশ স্পৰ্শকাতৰ হৈ আছে । এনে পৰিস্থিতিত হাৰিয়ানা চৰকাৰে বুধবাৰে এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্দেশনাত কোৱা হৈছে যে উক্ত অঞ্চলবোৰত ৫ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব ।

হাৰিয়ানাৰ গৃহ সচিবে এই নিৰ্দেশ জাৰি কৰি কৈছে যে এই জিলাসমূহৰ পৰিস্থিতি গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ হৈ আছে । নুহ, ফৰিদাবাদ, পালৱাল আৰু গুৰুগ্ৰামৰ উপায়ুক্তসকলৰ সৈতে সংশ্লিষ্ট জিলাসমূহত আইন-শৃংখলা পৰ্যালোচনা কৰা হৈছে । এই জিলাসমূহত পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । যাৰ বাবে এই জিলাসমূহত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে ।

  • फरीदाबाद में 5 अगस्त 2023 तक इंटरनेट की सेवाएं स्थगित रहेंगी। pic.twitter.com/GIRjzAfHb1

    — People’s Police - Faridabad Police (@FBDPolice) August 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গৃহ সচিবে নিৰ্দেশনাটোত লগতে সকীয়াই দিছে যাতে কোনেও হোৱাটছএপ, ফেচবুক, টুইটাৰ আদিৰ দৰে বিভিন্ন সামাজিক মাধ্যম প্লেটফৰ্মৰ জৰিয়তে মোবাইল ফোন আৰু এছএমএছত ভুল তথ্য আৰু উৰাবাতৰি বিয়পোৱাৰ চেষ্টা নকৰে । ভুল তথ্যৰ ভিত্তিত আন্দোলনকাৰী আৰু প্ৰতিবাদকাৰীসকলে পুনৰ সংগঠিত হৈ প্ৰচুৰ ক্ষতি সাধন কৰিব পাৰে বুলি আশংকা কৰা হৈছে । যাৰ বাবে চৰকাৰে হিংসা প্ৰভাৱিত অঞ্চলসমূহত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

ইফালে, হাৰিয়ানা চৰকাৰে দ্বিতীয় আইআৰবি বেটেলিয়নৰ মুখ্য কাৰ্যালয় ভণ্ডচিৰ পৰা অতি সোনকালে নুহলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই সন্দৰ্ভত সকীয়নি প্ৰদান কৰি কয় যে দোষী প্ৰমাণিত হ'লে নুহ হিংসাৰ সৈতে জড়িত কোনো অভিযুক্তকে ৰেহাই দিয়া নহ'ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ন্যায়ক অগ্ৰাধিকাৰ দিয়া হ'ব ।

উল্লেখ্য যে সাম্প্ৰদায়িক হিংসাৰ পৰিপ্ৰেক্ষিতত গুৰুগ্ৰাম আৰক্ষীয়ে অঞ্চলটোত আইন-শৃংখলা, শান্তি আৰু সমন্বয় স্থাপনৰ বাবে নিৰন্তৰ চেষ্টা কৰি আছে । গুৰুগ্ৰাম আৰক্ষীয়ে বিভিন্ন অঞ্চলত নিৰন্তৰভাৱে ফ্লেগ মাৰ্চ কৰি আছে আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । আনহাতে উৰাবাতৰি বিয়পোৱা কামত জড়িত নহ'বলৈ বা উৰাবাতৰিত বিশ্বাস নকৰিবলৈও আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে ।

লগতে পঢ়ক :Haryana violence : হাৰিয়ানা সংঘৰ্ষত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.