ETV Bharat / bharat

গুৰপতৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰ, ভাৰতক তদন্তত সহযোগিতাৰ আহ্বান আমেৰিকাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 12:32 PM IST

শেহতীয়াকৈ হোৱাইট হাউছে আমেৰিকাৰ নাগৰিক তথা শিখ নেতা গুৰপতৱন্ত সিং পান্নুনৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ আঁৰত থকা সকলক জবাবদিহি কৰিবলৈ ভাৰতক আহ্বান জনাইছে । ভাৰতেও আমেৰিকাৰ ইনপুটৰ ভিত্তিত এক তদন্ত সমিতি গঠন কৰিছে ।

White House urges India
গুৰপতৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰ

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : বিচ্ছিন্নতাবাদী শিখ নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত ইতিমধ্যে আমেৰিকাই এগৰাকী ভাৰতীয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । তাৰ পাছতে হোৱাইট হাউছে আমেৰিকাৰ বাবে এক কৌশলগত অংশীদাৰ নতুন দিল্লীক গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ বাবে দোষীসকলক জবাবদিহি কৰিবলৈ আহ্বান জনাইছে ।

ৰাষ্ট্ৰীয় সুৰক্ষাৰ মুখপাত্ৰ জন কাৰ্বিয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত আমেৰিকাৰ এক কৌশলগত অংশীদাৰ । দুয়োখন দেশে সেই কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি আছে । দুয়োখন দেশ প্ৰশান্ত মহাসাগৰৰ কোৱাডৰো সদস্য । জন কাৰ্বিৰ মতে আমেৰিকাই ভাৰতৰ সৈতে বিভিন্ন বিষয়ত অংশগ্ৰহণ কৰে আৰু তেওঁলোকে সেইবোৰ অবিৰতভাৱে অব্যাহত থকাটো চাব বিচাৰে । একে সময়তে, আমেৰিকাই নিশ্চিতভাৱে এই অভিযোগবোৰকো গুৰুত্ব সহকাৰে লৈছে ।

জন কাৰ্বিয়ে দ্বিপাক্ষিক ভাৰত-আমেৰিকাৰ সম্পৰ্কত কথিত ষড়যন্ত্ৰৰ প্ৰভাৱৰ ওপৰত এক প্ৰশ্নৰ উত্তৰ দি কয় যে তেওঁলোকে ইয়াৰ সম্পূৰ্ণ তদন্ত হোৱাটো বিচাৰে আৰু ইয়াৰ বাবে দায়বদ্ধসকলক দোষী সাব্যস্ত কৰা হ'ব ।

তেওঁৰ মতে আমেৰিকাৰ নাগৰিক গুৰপতৱন্ত সিং পান্নুনৰ হত্যা ষড়যন্ত্ৰ গোচৰৰ সক্ৰিয় তদন্ত চলি আছে । তেওঁ উল্লেখ কৰা মতে ভাৰতেও এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে । তেওঁ লগতে কয় যে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত হোৱাটো আমেৰিকাই নিশ্চিত কৰিব ।

ইফালে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাজ্যসভাত কয় যে এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় । ভাৰতে গোচৰটোত আমেৰিকাক প্ৰদান কৰা তথ্যৰ বিষয়ে আলোচনা কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰিছে । একে সময়তে,মন্ত্ৰীগৰাকীয়ে কয় যে কানাডাৰ অভিযোগৰ প্ৰতি কোনো ন্যায়সঙ্গত ব্যৱস্থা গ্ৰহণ কৰা নহ'ব কিয়নো কানাডাই খালিস্তানী বিচ্ছিন্নতাবাদী নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্টৰ সম্ভাৱ্য জড়িত থকাৰ নিৰ্দিষ্ট তথ্য-প্ৰমাণ প্ৰদান কৰা নাই । জয়শংকৰে লগতে কয় যে আমেৰিকাই সংগঠিত অপৰাধ, সৰবৰাহ আৰু অন্যান্য বিষয়ৰ ওপৰত কিছুমান তথ্য প্ৰদান কৰিছে, যিবোৰ ভাৰতৰ বাবে উদ্বেগৰ বিষয় আছিল ।

লগতে পঢ়ক :নিজ্জৰৰ হত্যাকাণ্ড, কানাডাৰ তদন্তত পুনৰ ভাৰতৰ সহযোগিতা কামনা প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.