ETV Bharat / bharat

WhatsApp: অক্টোবৰ মাহত হোৱাটছএপে নিষিদ্ধ কৰিলে লাখ লাখ একাউন্ট

author img

By

Published : Dec 1, 2022, 8:26 PM IST

তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা প্লেটফৰ্ম হোৱাটছএপে বিগত অক্টোবৰ মাহত ২৩.২৪ লাখ একাউণ্ট নিষিদ্ধ কৰে । ইয়াৰে ৮.১১ লাখ একাউণ্ট এনেকুৱা যে ব্যৱহাৰকাৰীয়ে অভিযোগ কৰা নাছিল যদিও সতৰ্কতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ছেপ্টেম্বৰ মাহত হোৱাটছএপে ২৬.৮৫ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল ।

WhatsApp banned so many lakh accounts in October presented monthly report
অক্টোবৰ মাহত হোৱাটছএপে নিষিদ্ধ কৰে লাখ লাখ একাউন্ট, দাখিল কৰিলে প্ৰতিবেদন

নিউজ ডেস্ক, 1 ডিচেম্বৰ: তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা প্লেটফৰ্ম হোৱাটছএপে অক্টোবৰ মাহত ২৩.২৪ লাখ একাউণ্ট নিষিদ্ধ কৰিছে । ইয়াৰে ৮.১১ লাখ একাউণ্ট এনেকুৱা যে ব্যৱহাৰকাৰীয়ে অভিযোগ কৰা নাছিল যদিও সতৰ্কতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ছেপ্টেম্বৰ মাহত হোৱাটছএপে ২৬.৮৫ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল(WhatsApp banned so many lakh accounts) ।

তথ্য প্ৰযুক্তি নিয়ম ২০২১ৰ অধীনত ২০২২ চনৰ অক্টোবৰৰ বাবে ভাৰতৰ ওপৰত হোৱা মাহেকীয়া প্ৰতিবেদনত হোৱাটছএপে কয় যে ২০২২ চনৰ ১ অক্টোবৰৰ পৰা ২০২২ চনৰ ৩১ অক্টোবৰলৈকে ২,৩২৪,০০০টা হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছিল, ইয়াৰে ৮ লাখ ১১ হাজাৰ একাউণ্ট এনেকুৱা যে সতৰ্কতাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হয়। যদিও কোনো ব্যৱহাৰকাৰীয়ে সেইবোৰৰ অভিযোগ কৰা নাছিল। ভাৰতীয় একাউণ্টসমূহ +৯১ৰ পৰা আৰম্ভ হোৱা ফোন নম্বৰৰ দ্বাৰা চিনাক্ত কৰা হয় ।

ছেপ্টেম্বৰ মাহত ৭০১ টা অভিযোগ লাভ কৰা হৈছিল

ITৰ কঠোৰ নিয়ম যোৱা বছৰ কাৰ্যকৰী হৈছিল । এইবোৰৰ অধীনত বৃহৎ ডিজিটেল প্লেটফৰ্মসমূহে (যিসমূহত ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী আছে) প্ৰতিমাহে অভিযোগ আৰু ইয়াৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ তথ্য সন্নিবিষ্ট কম্প্লাইয়েন্স ৰিপৰ্ট দাখিল কৰিব লাগিব । শেহতীয়া প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰ মাহত হোৱাটছএপে ৭০১টা অভিযোগ লাভ কৰিছিল, ইয়াৰে মাত্ৰ ৩৪টা অভিযোগৰ ওপৰতহে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । মুঠ অভিযোগৰ ভিতৰত ৫৫০টা অভিযোগ আছিল একাউণ্ট ফ্ৰীজিঙৰ বাবে ।

ইয়াৰ পূৰ্বেও WhatsAppৰ প্ৰায় ৫০ কোটি ব্যৱহাৰকাৰীৰ ফোন নম্বৰ বিক্ৰীৰ বাবে অনলাইনত ৰখাৰ খবৰ আহিছিল । ইয়াৰ ফলত ইতিহাসৰ অন্যতম বৃহৎ তথ্য ভংগৰ সম্ভাৱনা উত্থাপন হ’ল ।

এক প্ৰতিবেদন অনুসৰি, প্ৰায় ৫০ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ বিক্ৰীৰ বাবে উপলব্ধ বুলি দাবী কৰি হেকিং কমিউনিটি ফ’ৰামত এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । ৮৪খন ভিন্ন দেশৰ WhatsApp ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ ডাটাবেছত উপস্থিত আছে । ইয়াৰ ভিতৰত আমেৰিকা, ব্ৰিটেইন, ইজিপ্ত, ইটালী, চৌদি আৰব আৰু ভাৰত আদি অন্যতম ।

লগতে পঢ়ক: Snapchat web app for Windows: এতিয়াৰে পৰা কম্পিউটাৰ-লেপটপতো ব্যৱহাৰ কৰক Snapchat, এইদৰে কৰক ডাউনলোড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.