ETV Bharat / bharat

WFI Chief Controversy : এটা পৰিয়ালৰ আক্ৰোশৰ বাবেই অপৰাধী হিচাপে পদত্যাগ নকৰোঁ : WFI প্ৰধান

author img

By

Published : Apr 29, 2023, 9:23 PM IST

WFI Chief Controversy
WFI Chief Controversy

শনিবাৰে পুৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ মল্লযোদ্ধাসকলৰ সৈতে হোৱা বৈঠকৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিঙে কয়, "আজি দেখা গৈছে যে এই বিতৰ্কৰ আঁৰত কোন আছে (WFI chief slams Priyanka Gandhi) । মই আৰম্ভণিৰে পৰা কৈ আহিছোঁ যে এজন উদ্যোগপতি আৰু কংগ্ৰেছৰ ইয়াত হাত আছে । তেওঁলোক মোৰ ওপৰত বিৰক্ত হৈছে ।"

নিউজ ডেস্ক, ২৯ এপ্ৰিল : সাতগৰাকী মহিলা মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙে শনিবাৰে কয় যে, তেওঁ "যিকোনো ধৰণৰ তদন্তৰ" বাবে সাজু (sexual harassment allegations on WFI president) । কিন্তু তেওঁ পদবীৰ পৰা পদত্যাগ নকৰে । কিয়নো ইয়াৰ অৰ্থ হ'ব যে তেওঁ তেওঁৰ বিৰুদ্ধে থকা অভিযোগ গ্ৰহণ কৰিছে (WFI chief Brij Bhushan Sharan Singh) ।

"মই সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু উচ্চতম ন্যায়ালয় আৰু দিল্লী আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছোঁ । মই যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ'বলৈ সাজু ।" উত্তৰ প্ৰদেশৰ গোণ্ডা চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈত বিষ্ণোহৰপুৰত থকা তেওঁৰ বাসগৃহত সিঙে সাংবাদিকৰ আগত এনেদৰে কয় (president of Wrestling Federation of India) । "ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাটো মোৰ বাবে ডাঙৰ কথা নহয়, কিন্তু মই অপৰাধী হিচাপে পদত্যাগ নকৰোঁ ।" তেওঁ লগতে কয় ৷

উল্লেখ্য, শনিবাৰে পুৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰতিবাদী মল্লযোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় (Priyanka Gandhi Vadra meets protesting wrestlers) । এই বৈঠকৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিঙে কয়, "আজি দেখা গৈছে যে এই বিতৰ্কৰ আঁৰত কোন আছে । মই আৰম্ভণিৰে পৰা কৈ আহিছোঁ যে এজন উদ্যোগপতি আৰু কংগ্ৰেছৰ ইয়াত হাত আছে । তেওঁলোক মোৰ ওপৰত বিৰক্ত হৈছে ।" তেওঁ অৱশ্যে এই সম্পৰ্ক বিতংকৈ কোৱাৰ পৰা বিৰত থাকে ।

প্ৰিয়ংকা গান্ধীয়ে নতুন দিল্লীৰ যন্তৰ-মন্তৰত মল্লযোদ্ধাসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে একাত্মতা প্ৰকাশ কৰে । বৈঠকৰ সময়ত চৰকাৰে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বীক "সুৰক্ষা" প্ৰদানৰ অভিযোগ উত্থাপন কৰে । উল্লেখ্য যে, কেইবাজনো মল্লযোদ্ধাই তেওঁলোকৰ আন্দোলন পুনৰ আৰম্ভ কৰিছে আৰু ২৩ এপ্ৰিলৰ পৰা ধৰ্ণাত বহিছে । তেওঁলোকে "গোণ্ডাৰ শক্তিশালী ব্যক্তি"ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ দাবী জনাইছে । আনহাতে, প্ৰতিবাদকাৰী কুস্তি যোদ্ধাসকলে সিঙক তেওঁৰ সকলো পদৰ পৰা আঁতৰাই দিয়াৰো দাবী জনাইছে । এই ক্ষেত্ৰত কংগ্ৰেছে কৈছে যে, তেওঁক গ্ৰেপ্তাৰ কৰা উচিত ।

ইফালে শুকুৰবাৰে নিশা দিল্লী আৰক্ষীয়ে সিঙৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰে । প্ৰথম এজাহাৰখন এগৰাকী নাবালক মল্লযোদ্ধাৰ অভিযোগৰ সৈতে সম্পৰ্কিত আৰু পক্সো আইনৰ অধীনত এজাহাৰখন পঞ্জীয়ন কৰা হয় । দ্বিতীয়খন শ্লীলতাহানিৰ সৈতে সম্পৰ্কিত । "মই অপৰাধী নহয় । পদত্যাগ কৰাৰ অৰ্থ হৈছে মই তেওঁলোকৰ অভিযোগ স্বীকাৰ কৰিছোঁ ।" উত্তৰ প্ৰদেশৰ কাইজাৰগঞ্জৰ বিজেপি সাংসদ সিঙে কয় । তেওঁ দাবী কৰে যে, মহিলা মল্লযোদ্ধাসকলৰ সকলো দাবী মানি লোৱা হৈছে । "মোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে, তথাপিও তেওঁলোকে ধৰ্ণাত বহি আছে কিয় ?" তেওঁ ওলোটাই প্ৰশ্ন কৰে ।

ষষ্ঠটো কাৰ্যকালৰ বাবে ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা সিঙে কয় যে, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে আৰু নতুন সভাপতি নিৰ্বাচনৰ লগে লগে তেওঁ স্বয়ংক্ৰিয়ভাৱে পদত্যাগ কৰিব । তেওঁ নিৰ্বাচনলৈকে কেৱল এজন "তত্ত্বাৱধায়ক"ৰ ভূমিকা পালন কৰি আছে । সিঙে ডব্লিউএফআইৰ মুৰব্বী হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰিছে আৰু আন এটা কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অযোগ্য । তেওঁ কয়, মল্লযোদ্ধাসকল এতিয়াও ধৰ্ণাত কিয় বহি আছে, যিহেতু তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । "তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিৰুদ্ধে নিৰন্তৰ কিয় কথা কৈ আছে ?" তেওঁৰ প্ৰশ্ন ।

লগতে পঢ়ক :Protest against WFI chief : পদত্যাগ নকৰাৰ ঘোষণা ব্ৰীজ ভূষণ শৰণ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.