ETV Bharat / bharat

দেশবাসীক প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীৰ বৰদিনৰ শুভেচ্ছা

author img

By ANI

Published : Dec 25, 2023, 10:06 AM IST

দেশৰ ভিন্ন প্ৰান্তত বৰদিনৰ ব্যাপক আয়োজন (Christmas celebration)। পবিত্ৰ দিনটোত দেশৰ খ্ৰীষ্টধৰ্মী লোকসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে । কংগ্ৰেছ দল আৰু নেতা ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমৰ জৰিয়তে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

Christmas celebration
দেশবাসীক প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীৰ বৰদিনৰ শুভেচ্ছা

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্ববাসী বৰদিন উদযাপনত ব্যস্ত হৈ পৰিছে । কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে প্ৰতিটো গীৰ্জঘৰ । এই বিশেষ দিনটোত খ্ৰীষ্টানধৰ্মী লোকসকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে বাবে শান্তি আৰু সমৃদ্ধি কামনা কৰে । তেওঁ যীশুৰ মহৎ বাণীৰ কথাও স্মৰণ কৰে ।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, "সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছো ! এই উৎসৱৰ বতৰে সকলোৰে বাবে আনন্দ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক । আহক সম্প্ৰীতি আৰু সহানুভূতিৰ ভাৱনাৰ উদযাপন কৰো যি খ্ৰীষ্টমাছৰ প্ৰতীক আৰু এনে এখন পৃথিৱীৰ বাবে কাম কৰো য'ত সকলোৱে সুখী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰে । আমি ভগৱান খ্ৰীষ্টৰ মহৎ বাণীও স্মৰণ কৰো আহক ।"

  • Wishing everyone a Merry Christmas! May this festive season bring joy, peace and prosperity to all. Let’s celebrate the spirit of harmony and compassion that Christmas symbolizes, and work towards a world where everyone is happy and healthy. We also recall the noble teachings of…

    — Narendra Modi (@narendramodi) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বৰদিন উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ সামাজিক মাধ্যমৰ পোষ্টত লিখিছে, "মেৰী খ্ৰীষ্টমাছ ! আপোনাৰ হৃদয় সুখেৰে ভৰি থাকক, আপোনাৰ ঘৰবোৰত সুখ আৰু আপোনাৰ জীৱন শান্তিৰে ভৰি থাকক ।" ইফালে কংগ্ৰেছ দলেও সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ইফালে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো বিভিন্ন ৰাজ্যত মাজনিশাৰ প্ৰাৰ্থনাৰ সৈতে প্ৰাক-খ্ৰীষ্টমাছ উদযাপন কৰা হয় । গীৰ্জাবোৰ ভিন্ন ৰঙৰ লাইটেৰে আলোকিত হৈ পৰিছে । মধ্য প্ৰদেশৰ আকাশত মাজনিশা আতচবাজীৰ ব্যাপক প্ৰদৰ্শন দেখা গৈছে ।

বৰদিন উপলক্ষে দিল্লীৰ চেক্ৰেড হাৰ্ট কেথেড্ৰেল কেথলিক গীৰ্জাত মাজনিশা সামুহিক প্ৰাৰ্থনাৰ আয়োজন কৰা হয় । বেংগালুৰুৰ ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰ কেথেড্ৰেলতো প্ৰাৰ্থনাৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক :মহানগৰীত পবিত্ৰ বৰদিনৰ উলাহ : কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.