ETV Bharat / state

মহানগৰীত পবিত্ৰ বৰদিনৰ উলাহ : কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জা

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 8:07 PM IST

Preparations of Christmas: অসমতো দেখা গৈছে বৰদিনৰ উলাহ ৷ সজাই-পৰাই তোলা হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰসমূহ ৷ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে মহানগৰীতো ৷

Christmas Celebration in Guwahati
পবিত্ৰ বৰদিনৰ প্ৰস্তুতি

মহানগৰীত উৎসৱমুখৰ পৰিৱেশ

গুৱাহাটী,২৪ ডিচেম্বৰ: সোমবাৰে পবিত্ৰ বৰদিন ৷ বিশ্বৰ লগতে ভাৰত তথা অসমতো খ্ৰীষ্টানধৰ্মী লোক সকলৰ মাজত দেখা গৈছে বৰদিনৰ উলাহ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টানধৰ্মী লোক সকলে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰিছে পবিত্ৰ বৰদিন ৷ সোমবাৰে অৰ্থাৎ 25 ডিচেম্বৰত কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্যৰ গীৰ্জাঘৰ সমূহ ৷ বৰদিনক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে গীৰ্জাঘৰ সমূহত ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বৰদিনক লৈ দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ সজাই-পৰাই তোলা হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰসমূহ ৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ প্ৰধান উৎসৱ বৰদিনক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে মহানগৰীতো ৷

বৰদিনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিচাৰি বজাৰত ভিৰ কৰিছে গ্ৰাহকে ৷ খ্ৰীষ্টমাছ ট্ৰী , ৰং বিৰঙৰ তৰা , সৰু সৰু পুতলা, চান্টাক্লজ আদিৰে উপচি পৰিছে মহানগৰীৰ বজাৰ ৷ ব্যৱসায়ী বি কলিতাই কয় যে বিগত বৰ্ষত কৈ এইবাৰ বজাৰ ভাল হৈছে ৷ আজি শেষ বজাৰৰ দিনটোতো ব্যৱসায় ভাল হৈছে বুলি জানিবলৈ দিয়ে ব্যৱসায়ীজনে ৷ আনহাতে এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে কয় যে, এইবাৰ মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বাবে তেওঁলোকে অনুষ্টুপীয়াকৈ উদযাপন কৰিব বৰদিন ৷

মহানগৰীৰ পাণবজাৰ খ্ৰাইষ্ট গীৰ্জা কৰ্তৃপক্ষই জনোৱা মতে আজি নিশা 11 বজাৰ পৰা 12 বজালৈ খ্ৰীষ্টমাছ চাৰ্ভিচ হ'ব ৷ কাইলৈ পুৱা 9 বজাৰ পৰা 12 বজালৈ চাৰ্ভিচ হ'ব ৷ বিগত বৰ্ষৰ দৰে এইবাৰো এই গীৰ্জাত 10 হাজাৰতকৈ অধিক লোক হ'ব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই ৷ কৰ্তৃপক্ষই জনোৱা মতে বৰদিন উপলক্ষে ডিচেম্বৰৰ প্ৰথমৰ পৰাই প্ৰস্তুতি আৰম্ভ হৈছে ৷

লগতে পঢ়ক : গ্ৰন্থৰ বিপণিত পঢ়ুৱৈৰ ৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.