ETV Bharat / bharat

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বিষ্ণু দেও সাইৰ, উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:28 PM IST

বিষ্ণু দেও সায়ে বুধবাৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় । আনহাতে, অৰুণ চাও আৰু বিজয় শৰ্মাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । শপত গ্ৰহণ অনুষ্ঠানত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ সহিতে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Vishnu deo Sai Chhattisgarh New CM
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বিষ্ণু দেও সাইৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : বুধবাৰৰ পৰা ছত্তীশগড়ত আৰম্ভ হৈছে বিষ্ণু যুগ । ৰাজ্যখনত ঐতিহাসিক বিজয়ৰ পিছত বিজেপি বিধায়িনী দলৰ নেতা বিষ্ণু দেও সায়ে ৰায়পুৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁ হৈছে ছত্তীশগড়ৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকে । তেওঁলোকৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ।

ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনে বিষ্ণুদেৱ সাইক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় । ৰায়পুৰৰ ছায়েন্স কলেজ খেলপথাৰত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ।

আনহাতে, অৰুণ চাও আৰু বিজয় শৰ্মাই বিষ্ণু দেও সাইৰ সৈতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । অৰুণ চাও লৰ্মিৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ বিপৰীতে বিজয় শৰ্মা কাৱাৰধাৰ এগৰাকী বিজেপি বিধায়ক । তেওঁ নিৰ্বাচনত প্ৰবীণ কংগ্ৰেছ মন্ত্ৰী মহম্মদ আকবৰক পৰাস্ত কৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিছত ছত্তীশগড়ত উপস্থিত হয় । তেওঁ ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও সাইৰ ৰাজ্যাভিষেকত উপস্থিত থাকে ।

প্ৰধানমন্ত্ৰীৰ উপৰি বিষ্ণু দেও সাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট নেতাসকল হৈছে :

অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী

জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰমোদ সাৱন্ত, গোৱাৰ মুখ্যমন্ত্ৰী

মনোহৰ লাল খট্টৰ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

মোহন যাদৱ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী

মাণিক শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

মনসুখ মাণ্ডব্য, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

বিশেশ্বৰ টুডু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী

দেৱেন্দ্ৰ ফাড়নভিশ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী

সঞ্জীৱ কুমাৰ গৌৰ, উত্তৰ প্ৰদেশৰ ৰাজ্যিক মন্ত্ৰী

ৰামদাস আঠৱালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী

উল্লেখ্য যে ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত যশপুৰ জিলাৰ বাগিয়া গাঁৱত জন্ম বিষ্ণু দেও সাইৰ । কুংকুৰিৰ লয়োলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰে । ১৯৯১ চনৰ ২৭ মে'ত সাই কৌশল্যা সাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ এটি পুত্ৰ আৰু দুগৰাকী কন্যা আছে । তেওঁ পঞ্চায়ত সদস্যৰ পৰা পঞ্চায়ত সভাপতি হয় । ১৯৯০ চনত তেওঁ তপকাৰা বিধান সভাৰ (অবিভক্ত মধ্যপ্ৰদেশ) পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হয় ।

১৯৯৯ চনত বিষ্ণু দেও সায়ে লোকসভাত জয়লাভ কৰে আৰু ২০০৪, ২০০৯ আৰু ২০১৪ চনত একেৰাহে চাৰিবাৰ লোকসভালৈ নিৰ্বাচিত হয় । ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ গঠনৰ পিছত বিষ্ণু দেও সাইক ইস্পাত আৰু খনন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হয় । বিষ্ণু দেও সাইক সংঘৰ ঘনিষ্ঠ নেতাসকলৰ মাজত এগৰাকী হিচাপে গণ্য কৰা হয় । ৰমন সিঙৰ ঘনিষ্ঠ হিচাপে গণ্য কৰা সাই ছত্তীশগড়ৰ দ্বিতীয়গৰাকী জনজাতীয় মুখ্যমন্ত্ৰী । প্ৰথমগৰাকী জনজাতীয় মুখ্যমন্ত্ৰী আছিল অজিত যোগী ।

লগতে পঢ়ক :মোদী-শ্বাহৰ উপস্থিতিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.