ETV Bharat / bharat

TTAADC অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে

author img

By

Published : Apr 29, 2022, 1:36 PM IST

ত্ৰিপুৰা জনজাতীয় অঞ্চলৰ প্ৰতিখন গাঁৱক ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা হ'ব (Villages under TTAADC will be connected with NH)। জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে আৰু কেইবাটাও আঁচনি হাতত লৈছে চৰকাৰে । ত্ৰিপুৰাৰ দশদা কাঞ্চনপুৰৰ এক সভাত এই মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

TTAADC
TTAADC অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে

আগৰতলা,২৯ এপ্ৰিল : ত্ৰিপুৰাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কেইবাটাও পদক্ষেপ লোৱা দেখা গৈছে । এইবাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ (TTAADC) উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । TTAADC অঞ্চলৰ প্ৰতিখন গাঁৱকে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে কাম কৰি আছে (Villages under TTAADC will be connected with NH)। ত্ৰিপুৰাৰ দশদা কাঞ্চনপুৰৰ এক সভাত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা ঘোষণা কৰে ।

অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয় যে এয়া এক ঐতিহাসিক পদক্ষেপ । তেওঁৰ মতে এখন স্বাৱলম্বী ত্ৰিপুৰা গঢ়ি তুলিবলৈ দশদা কাঞ্চনপুৰৰো সামগ্ৰিক বিকাশ কৰিব লাগিব । উল্লেখ্য যে, দাশদা কাঞ্চনপুৰ হৈছে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ এখন গাঁও আৰু মহকুমা, যিটো অঞ্চল মিজোৰাম আৰু অসমৰ আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত । মুখ্যমন্ত্ৰী দেৱে কাঞ্চনপুৰ মহকুমাৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে (Tripura CM visit Kanchanpur)।

তেওঁ লগতে কয় য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল লৈ খোৱাপানী যোগান ধৰিবলৈ জলজীৱন মিছন আৰম্ভ কৰিছে (Govt starts Jal Jeevan Mission)। ৰাজ্যখনত এই আঁচনিখনে এতিয়ালৈকে ৫০ শতাংশত কৈও অধিক পৰিয়ালক খোৱাপানীৰ সংযোগৰ সৈতে সংযুক্ত কৰিছে (Jal Jeevan Mission scheme in Tripura) বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে শিক্ষাৰ্থীসকল ভয়ৰ পৰা মুক্ত হ'ব লাগিব আৰু নীতি-নিয়ম অনুসৰি কাম কৰিব লাগিব । ৰাজ্যখনত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে মিছন ১০০ বিদ্যাজ্যোতি প্ৰকল্পৰ অধীনলৈ ১২৫ খন বিদ্যালয় অনা হৈছে । চৰকাৰে জনজাতীয় অঞ্চলত শিক্ষাৰ সম্প্ৰসাৰণ আৰু গুণগত শিক্ষাৰ বিকাশক অগ্ৰাধিকাৰ দিছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী দেৱে । তেওঁ দাবী কৰা মতে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত নতুন মানসিকতা, ইতিবাচক চিন্তা আৰু উদ্ভাৱনৰ দিশত ৰাষ্ট্ৰ আগবাঢ়িছে । প্ৰধানমন্ত্ৰী মোডীৰ বাবেই ত্ৰিপুৰা আজি আগবাঢ়ি আছে ।

মুখ্যমন্ত্ৰীৰ মতে অহা ২৫ বছৰত ত্ৰিপুৰাত হ'বলগীয়া উন্নয়নৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰা হৈছে । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সমাজ কল্যাণ আৰু সমাজ শিক্ষামন্ত্ৰী ছাণ্টানা চাকমাই কয় যে ৰাজ্যখনত বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ লগে লগে সকলো ক্ষেত্ৰতে যেনে-পথ, খোৱাপানী, বিদ্যুৎ আদিৰ ক্ষেত্ৰত উন্নয়ন সম্ভৱ হৈছে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ প্ৰতিখন বিদ্যালয়তে খোলা হ'ব 'Child Rights Club'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.