ETV Bharat / bharat

পুনৰ চৰ্চাত বাৰাণসীৰ নমো ঘাট : নিৰ্মাণত ত্ৰুটিৰ অভিযোগ

author img

By

Published : Sep 5, 2022, 8:42 PM IST

Baranasi
Baranasi

বাৰাণসীৰ নমো ঘাট পুনৰ চৰ্চালৈ আহিছে । ইয়াৰ কাৰণ হৈছে ইয়াৰ নিৰ্মাণৰ মানদণ্ড । নমো ঘাটৰ প্ৰণামৰ ভংগীমাত থকা চিহ্নটোৰ তলৰ অংশটো ক্ষতিগ্ৰস্ত হৈছে (Varanasi NAMO Ghat Hole at namaste symbol) ।

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ বাৰণসী জিলাত বৰ্তমান কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম চলি আছে (Development projects underway in Varanasi) । তাৰে ভিতৰত অন্যতম হৈছে বাৰাণসী খিদকিয়া ঘাটৰ নমো ঘাট প্ৰকল্প (Namo Ghat Project at Varanasi in UP) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চাভিলাষী পৰিকল্পনা আৰু স্মাৰ্ট চিটি প্ৰকল্পত খিদকিয়া ঘাটৰ নমো ঘাটো অন্তৰ্ভুক্ত আছে (PM Modi smart city project) ।

কিন্তু এই প্ৰকল্পটো বৰ্তমান পুনৰবাৰ চৰ্চালৈ আহিছে । উল্লেখ্য যে, নমো ঘাট প্ৰথমতে বাৰাণসীৰ আটাইতকৈ ধুনীয়া ঘাট হিচাপে চৰ্চালৈ আহিছিল । ইয়াৰ পিছত কেতিয়াবা টিকটৰ নামত ধন লোৱা আৰু কেতিয়াবা ঘাটত বাহন ৰখোৱাৰ নামত উপাৰ্জন কৰা আদি ঘটনাৰ বাবেও এই ঘাটটো শিৰোনামত আছে । কিন্তু এই মূহুৰ্তত ঘাটটোৰ গুণগত মানদণ্ডৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে ।

পুনৰ চৰ্চাত বাৰাণসীৰ নমো ঘাট : নিৰ্মাণত ত্ৰুটিৰ অভিযোগ
পুনৰ চৰ্চাত বাৰাণসীৰ নমো ঘাট : নিৰ্মাণত ত্ৰুটিৰ অভিযোগ

উল্লেখ্য, বাৰাণসীত বানপানীৰ সময়ত সমগ্ৰ ঘাটটো পানীত ডুব গৈছিল । ফলত ঘাটটোলৈ অহা-যোৱাও বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ পিছত যেতিয়া বানপানী হ্ৰাস পায়, ঘাটৰ কাষত হাতযোৰ কৰি থকা ভংগীত নিৰ্মাণ কৰা চিহ্নৰ তলত নিৰ্মাণকাৰ্যত ত্ৰুটি হোৱাৰ ফলত গাঁতৰ সৃষ্টি হোৱাৰ ঘটনা পোহৰলৈ আহে (Varanasi NAMO Ghat Hole at namaste symbol) ।

ফলত অনুমান কৰা হৈছে যে নিৰ্মাণকাৰ্যৰ উচিত মানদণ্ডৰ অভাৱৰ বাবে নিৰ্মাণৰ তলৰ অংশটো কোনো নাৱে আঘাত কৰাৰ লগে লগে ভাঙি পৰিছে । য'ত এটা ডাঙৰ ছিদ্ৰ ওলাবলৈ আৰম্ভ কৰে ।

উল্লেখ্য, নমো ঘাটৰ বিষয়ে এই তথ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত বানপানী নামি যোৱাৰ লগে লগে নিৰ্মাণ সংস্থাটোৱে ভঙা অংশটো মেৰামতি কৰাৰ কাম আৰম্ভ কৰে । তাৰ ভিডিঅ'ও ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত জনসাধাৰণে ইয়াৰ নিৰ্মাণৰ মানদণ্ডৰ বাবেও তীব্ৰ সমালোচনা কৰে ।

যাৰ ফলত বৰ্তমান আকৌ এবাৰ বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ সংসদীয় সমষ্টিত উন্নয়ন প্ৰকল্পত নিৰ্মাণৰ মানদণ্ডক লৈ আক্ৰমণ কৰাৰ কোনো সুবিধায়ে এৰি দিব খোজা নাই ।

লগতে পঢ়ক :আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.