ETV Bharat / bharat

আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

author img

By

Published : Sep 5, 2022, 10:59 AM IST

পণ্ডিত, ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছু শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক 5 ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল (Birth anniversary of Radhakrishnan) । তেতিয়া তেওঁ কৈছিল, "মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে গৌৰৱান্বিত সৌভাগ্য হ'ব ।"

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : আজি শিক্ষক দিৱস (Teachers day celebrated in India) । সমগ্ৰ দেশজুৰি আজি মহান দাৰ্শনিক, শিক্ষাবিদ তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জনম্দিনটো শিক্ষক দিৱস হিচাবে পালন কৰা হয় (second president of India) ।

এগৰাকী পণ্ডিত, ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছু শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক 5 ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল (Birth anniversary of Radhakrishnan) । তেতিয়া তেওঁ কৈছিল, "মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে গৌৰৱান্বিত সৌভাগ্য হ'ব ।"

এই কথা এইটো প্ৰতীয়মান কৰে যে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ শিক্ষক সমাজৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি । ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে 'শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে'। 1962 চনৰ পৰা তেওঁৰ জন্মদিন প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে ভাৰতত উদযাপন কৰা হয় (5th september Sarvepalli Radhakrishnan birth day) ।

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰ ১৮৮৮ চনত । এইগৰাকী ভাৰতীয় দাৰ্শনিক আৰু ৰাজনীতিবিদে (Indian philosopher and politician Radhakrishnan) ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । আহাতে, ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (first vice president of India) । ইয়াৰ উপৰি তেওঁ ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈকে ছোভিয়েট ইউনিয়নত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰদূত আৰু ১৯৩৯ চনৰ পৰা ১৯৪৮ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (Banaras Hindu University) চতুৰ্থ উপাচাৰ্য আছিল ।

তুলনামূলক ধৰ্ম আৰু দৰ্শনৰ বিংশ শতিকাৰ অন্যতম বিশিষ্ট পণ্ডিত ৰাধাকৃষ্ণনে (scholars of comparative religion and philosophy Radhakrishnan) ১৯২১ চনৰ পৰা ১৯৩২ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ত ৰজা পঞ্চম জৰ্জৰ মানসিক আৰু নৈতিক বিজ্ঞানৰ আসন আৰু ১৯৩৬ চনৰ পৰা ১৯৫২ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পূব ধৰ্ম আৰু নৈতিকতাৰ স্পালডিং আসনত অধিষ্ঠিত আছিল (King George V)।

ৰাধাকৃষ্ণনৰ দৰ্শন অদ্বৈত বেদান্তত (Advaita Vedanta) আধাৰিত হৈছিল, যিয়ে সমসাময়িক বুজাবুজিৰ বাবে এই পৰম্পৰাক পুনৰ ব্যাখ্যা কৰিছিল । তেওঁ হিন্দু ধৰ্মক "অজ্ঞাত পাশ্চাত্য সমালোচনা" বুলি কোৱাৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল । লগতে সমসাময়িক হিন্দু পৰিচয় গঠনত অৰিহণা যোগাইছিল । তেওঁ ভাৰত আৰু পশ্চিমীয়া দুয়ো দেশতে হিন্দু ধৰ্মৰ বুজাবুজি গঢ়ি তোলাত অতি প্ৰভাৱশালী আছিল আৰু ভাৰত আৰু পশ্চিমীয়া বিশ্বৰ মাজত সেতু নিৰ্মাতা হিচাপে খ্যাতি অৰ্জন কৰিছিল ।

ৰাধাকৃষ্ণনে তেওঁৰ জীৱনকালতে কেইবাটাও উচ্চ পৰ্যায়ৰ সন্মান লাভ কৰিছিল । ইয়াৰে ভিতৰত মুখ্য হৈছে ১৯৩১ চনত নাইটহুড (knighthood Radhakrishnan) , ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন (Bharat Ratna Radhakrishnan) আৰু ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অব মেৰিটৰ সন্মানীয় সদস্যপদ । তেওঁ ভাৰতৰ বয়োজ্যেষ্ঠ দুখীয়াসকলৰ বাবে এক অনা লাভজনক সংগঠন হেল্পেজ ইণ্ডিয়াৰ অন্যতম প্ৰতিষ্ঠাপক আছিল (Helpage India) ।

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম পূৰ্বৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ মাদ্ৰাজ জিলাৰ তিৰুট্টানিত তেলেগুভাষী নিযোগী ব্ৰাহ্মণ পৰিয়ালত হৈছিল । পিছলৈ উক্ত স্থান 1960 চনলৈকে অন্ধ্ৰপ্ৰদেশত আছিল । বৰ্তমান 1960 চনৰ পৰা তামিলনাডুৰ তিৰুভাল্লুৰ জিলাত এই স্থান । তেওঁ সৰ্বপল্লী বীৰাস্বামীৰ ঔৰসত আৰু সীতাৰ (সীতাম্মা) গৰ্ভত জন্ম হৈছিল ।

তেওঁৰ পৰিয়ালটো অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাৰ সৰ্বপল্লী গাঁৱৰ বাসিন্দা । তেওঁৰ প্ৰাৰম্ভিক বছৰবোৰ থিৰুট্টানি আৰু তিৰুপতিত অতিবাহিত হৈছিল । তেওঁৰ দেউতাক এজন স্থানীয় জমিদাৰৰ অধীনস্থ ৰাজহ বিষয়া আছিল । তেওঁৰ প্ৰাথমিক শিক্ষা থিৰুট্টানিৰ কে ভি হাইস্কুলত হৈছিল । ১৮৯৬ চনত তেওঁ তিৰুপতিৰ হাৰমেঞ্চবাৰ্গ ইভাঞ্জেলিকেল লুথেৰান মিছন স্কুল আৰু ৱালাজাপেটৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ যায় ।

ৰাধাকৃষ্ণনে তেওঁৰ শিক্ষা জীৱনজুৰি বৃত্তি লাভ কৰিছিল । তেওঁ উচ্চ শিক্ষাৰ বাবে ভেলোৰৰ ভুৰহিছ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল । এফ এ (কলাৰ প্ৰথম) শ্ৰেণীৰ পিছত তেওঁ 16 বছৰ বয়সত মাদ্ৰাজ খ্ৰীষ্টান মহাবিদ্যালয়ত (মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত) নামভৰ্তি কৰে । তেওঁ ১৯০৭ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেখন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীও সমাপ্ত কৰে ।

ৰাধাকৃষ্ণনে নিজৰ পছন্দৰ বিপৰীতে আকস্মিকভাৱে দৰ্শন অধ্যয়ন কৰিছিল । এজন আৰ্থিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থী হোৱা বাবে একেখন মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা এজন সম্পৰ্কীয় ভাতৃয়ে তেওঁৰ দৰ্শনৰ পাঠ্যপুথি ৰাধাকৃষ্ণনলৈ প্ৰেৰণ কৰিছিল ।

সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ স্নাতক ডিগ্ৰী থেচিছ "The Ethics of the Vedanta and its Metaphysical Presuppositions" বিষয়ত লিখিছিল । এইটো আছিল বেদন্ত প্ৰণালীত নৈতিকতাৰ কোনো স্থান নাই বুলি কৰা অভিযোগৰ এক যোগ্য প্ৰত্যুত্তৰ । তেওঁৰ দুজন অধ্যাপক ৰেভ উইলিয়াম মেষ্টন আৰু ডঃ আলফ্ৰেড জৰ্জ হগে ৰাধাকৃষ্ণণৰ প্ৰবন্ধক প্ৰশংসা কৰিছিল। উল্লেখ্য, ৰাধাকৃষ্ণণৰ থেচিছ মাত্ৰ ২০ বছৰ বয়সতে প্ৰকাশিত হৈছিল ।

ৰাধাকৃষ্ণনে অধ্যাপক হগক তেওঁৰ বিশিষ্ট শিক্ষক আৰু 'ভাৰতত আমাৰ এজন মহান খ্ৰীষ্টান চিন্তাবিদ' বুলি প্ৰশংসা কৰিছিল । ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ কাৰ্যকৰী অধ্যক্ষ অধ্যাপক উইলিয়াম স্কিনাৰে এক প্ৰশংসা-পত্ৰ প্ৰদান কৰি কৈছিল, "ৰাধাকৃষ্ণন শেহতীয়া বছৰবোৰত আমাৰ ওচৰত থকা শ্ৰেষ্ঠ পুৰুষসকলৰ মাজৰ এজন ।" ইয়াৰ ফলতেই তেওঁ প্ৰেছিডেন্সি কলেজত প্ৰথম চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ প্ৰতিদানস্বৰূপে ৰাধাকৃষ্ণনে তেওঁৰ প্ৰাৰম্ভিক কিতাপ এখন উইলিয়াম স্কিনাৰক উৎসৰ্গা কৰিছিল ।

ৰাধাকৃষ্ণনে তেওঁৰ সফল শৈক্ষিক কেৰিয়াৰৰ পিছত জীৱনৰ শেষৰ ফালে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁৰ আন্তৰ্জাতিক কৃতিত্ব তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ পূৰ্বতেই আছিল । তেওঁ ১৯২৮ চনত অন্ধ্ৰ মহাসভাত অংশগ্ৰহণ কৰা উক্ত মহান ব্যক্তিসকলৰ মাজৰ এজন আছিল ।

1931 চনত তেওঁ বৌদ্ধিক সহযোগিতাৰ বাবে লীগ অব নেচনছ (League of Nations) কমিটীলৈ মনোনীত হৈছিল । তাত তেওঁ পশ্চিমীয়া দৃষ্টিত ভাৰতীয় ধাৰণাসমূহৰ ওপৰত স্বীকৃত হিন্দু কৰ্তৃত্ব আৰু সমসাময়িক সমাজত প্ৰাচ্য প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ এক প্ৰেৰণাদায়ক মধ্যস্থতাকাৰী আছিল ।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভৰ পিছত ৰাধাকৃষ্ণনে ইউনেস্কোত (১৯৪৬-৫২) ভাৰতক প্ৰতিনিধিত্ব কৰিছিল (UNESCO) আৰু পিছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল (Ambassador of India to the Soviet Union) । তেওঁ ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল (Constituent Assembly of India) ।

অৱশ্যে ৰাধাকৃষ্ণনৰ কংগ্ৰেছ দলত কোনো পটভূমি নাছিল বা তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা সংগ্ৰামত সক্ৰিয়ও নাছিল । তেওঁ পৰ্দাৰ আঁৰত থকা ৰাজনীতিবিদ আছিল । তেওঁৰ অনুপ্ৰেৰণা হৈছে তেওঁৰ হিন্দু সংস্কৃতিৰ গৌৰৱ আৰু অজ্ঞাত পাশ্চাত্য সমালোচনাৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ প্ৰতিৰক্ষাত ব্ৰতা আছিল । বুৰঞ্জীবিদ ডোনাল্ড মেকেঞ্জি ব্ৰাউনৰ মতে, তেওঁ সদায় অজ্ঞাত পশ্চিমীয়া সমালোচনাৰ বিৰুদ্ধে হিন্দু সংস্কৃতিক ৰক্ষা কৰিছিল আৰু তেওঁলোকৰ নিজৰ বৌদ্ধিক পৰম্পৰাত ভাৰতীয়সকলৰ গৌৰৱৰ প্ৰতীক আছিল।

এইগৰাকী মহান মনীষীয়ে ১৭ এপ্ৰিল, ১৯৭৫ চনত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক :জম্মুত নতুন দল গঠনৰ ঘোষণা গোলাম নবী আজাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.