ETV Bharat / bharat

বাৰাণসীৰ এটা পৰিয়ালৰ আত্মহত্যা: ভাবুকিৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণৰ সন্দেহ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:00 PM IST

Varanasi mass suicide
বাৰাণসীৰ গণ আত্মহত্যা

বাৰাণসীৰ ধৰমশালাত আত্মহত্যাৰ পথ বাচি লোৱা অন্ধ্ৰপ্ৰদেশৰ চাৰিজন লোকৰ পৰা উদ্ধাৰ হোৱা চুইচাইড নোটৰ পৰা নতুন নতুন তথ্য পোহৰলৈ আহিছে । চুইচাইড নোটখনত পৰিয়ালটোৱে নিজৰ দুৰ্দশাৰ কথা লিখিছিল ।

নিউজ ডেস্ক, 10 ডিচেম্বৰ : 6 ডিচেম্বৰত বাৰাণসীৰ 'ধৰমশালাত' ঋণ দাতাৰ অত্যাচাৰৰ বলি হৈ অন্ধ্ৰ প্ৰদেশৰ এটি পৰিয়ালে আত্মহত্যাৰ পথ বাচি লয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বাৰাণসী আৰক্ষীয়ে অন্ধ্ৰ প্ৰদেশৰ তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

ঘটনা সংঘটিত হোৱা কোঠাটোৰ পৰা আৰক্ষীয়ে এখন চুইচাইড নোট উদ্ধাৰ কৰিছে ৷ এই চুইচাইড নোটে বহু কথাই পোহৰলৈ আনিছে ৷ 6 ডিচেম্বৰ বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাৰ বাসিন্দা 50 বছৰীয়া কণ্ডা বাবু, তেওঁৰ পত্নী লাৱণ্য (45), পুত্ৰ ৰাজেশ (25) আৰু জয়ৰাজে (22) আত্মহত্যা কৰে ৷ শনিবাৰে গভীৰ নিশা বাৰাণসীত ‘ধৰমশালা’ পৰিচালনা কৰা ট্ৰাষ্টে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰে ৷

আৰক্ষীয়ে জনোৱা মতে, চুইচাইড নোটত উল্লেখ কৰা অনুসৰি ৰাজেশে দাবী কৰিছে যে তেওঁ এখন দোকান চলোৱা মল্লী বাবু নামৰ এজন ব্যক্তিৰ বাবে চৰম পদক্ষেপ ল’বলৈ বাধ্য হৈছিল ৷ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, "ৰাজেশে পন্তগল প্ৰসাদ নামৰ এজন ব্যক্তিৰ পৰা ছয় লাখ টকাৰ ঋণ লৈছিল ৷ মল্লী বাবু নামৰ ব্যক্তিজনে ৰাজেশক ঋণ লোৱাত সহায় কৰিছিল ৷ এতিয়া ৰাজেশে 20 লাখ টকা দাবী কৰিছিল ৷ ঋণ পৰিশোধ নকৰিলে তেওঁলোকৰ সম্পত্তি দখল কৰাৰ ভাবুকি দিছিল মাল্লীয়ে ৷"

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে চুইচাইড নোট অনুসৰি মাল্লীয়ে ভাবুকি দিছিল যে যদি পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে তেন্তে তেওঁলোকক অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দৰে জেললৈ প্ৰেৰণ কৰা হ’ব ৷ আৰক্ষীয়ে আৰু কয় যে চুইচাইড নোট অনুসৰি মল্লী বাবুৱে “নিজকে ৱাই এছ আৰ চি পিৰ মন্ত্ৰীৰ ঘনিষ্ঠ বুলি কৈছিল” আৰু বাৰে বাৰে ভাবুকি দি পৰিয়ালটোক হাৰাশাস্তি কৰি আছিল ৷

ৰাজেশে মন্দাপেটাৰ ‘দুৰ্গা দিৱভেট অটো কনচালটেন্সি’ নামৰ এখন দোকানত কাম কৰি আছিল ৷ চুইচাইড নোটত উল্লেখ কৰা অনুসৰি তেওঁ আৰু তেওঁৰ পিতৃয়ে 10 খন শ্বেতপত্ৰ আৰু 20 টা বণ্ডত স্বাক্ষৰ কৰিছিল ৷

তেলেগু ভাষাত লিখা চুইচাইড নোটখনত ৰাজেশে দাবী কৰিছে যে এই ভাবুকিৰ বাবেই তেওঁলোকে চহৰ এৰি গুচি যায় ৷ তেওঁ দাবী কৰে যে মল্লী বাবুৱে তেওঁক মৃত্যুৰ ভাবুকি দিছিল ৷

চুইচাইড নোটত ৰাজেশে লিখিছে- "আমাৰ হাতত টকা বহুত কম আছিল ৷ তেতিয়াৰ পৰা আমি দুমাহ কলকাতা, তামিলনাডু, হৰিদ্বাৰ আৰু বাৰাণসীত থাকিলোঁ ৷ অৱশেষত আমাৰ টকা শেষ হৈ গ'ল ৷ আমাৰ মৃত্যু ওচৰ চাপিছে আৰু মৃত্যুৰ সময়ত কোনেও মিছা নকয় ৷ আমাৰ মৃত্যুৰ কাৰণ হ'ল তিনিজন ব্যক্তি – পন্তগদল প্ৰসাদ, ৰামিৰেড্ডী বীৰা লক্ষ্মী আৰু মল্লী বাবু ৷ আমি আশা কৰিছো যে আমাৰ লগত ন্যায় হ’ব ৷ এইবোৰৰ কোনো এজনকো ৰেহাই দিয়া উচিত নহয় ৷"

আৰক্ষীয়ে জনোৱা মতে, কণ্ডা বাবুৱে তেওঁৰ অন্তিম ৰীতি-নীতি তেওঁৰ কন্যাই কৰিব লাগে বুলি ইচ্ছা প্ৰকাশ কৰিছিল যদিও কন্যা উপস্থিত নথকাৰ বাবে সেয়া অপূৰ্ণ হৈয়েই আছে ৷

লগতে পঢ়ক : বিদেশত আত্মগোপন সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.