ETV Bharat / bharat

বিদেশত আত্মগোপন সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:19 PM IST

ক্ৰমান্বয়ে পোহৰলৈ আহিছে সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ এটাৰ পিচত আনটো চাঞ্চল্যকৰ তথ্য ৷ ঘটনাৰ মাষ্টাৰ মাইণ্ডে বৰ্তমান বিদেশত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

rohit godara is mastermind behind sukhdev singh murder case
পোহৰলৈ আহিছে সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা

নিউজ ডেস্ক, 10 ডিচেম্বৰ : ক্ৰমান্বয়ে পোহৰলৈ আহিছে শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ড সমগ্ৰ ঘটনা ৷ শনিবাৰে নিশা এছ আই টি আৰু দিল্লী আৰক্ষীয়ে যৌথ অভিযান চলাই চণ্ডীগড়ৰ পৰা দুই অভিযুক্ত শ্বুটাৰ নিতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰেপ্তাৰ কৰিছিল ৷

তাৰ পাচতে আজি দিল্লীৰ অপৰাধ অনুসন্ধান শাখাৰ চি পি ৰবীন্দ্ৰ সিং যাদৱে কয়, ‘‘সুখদেৱ সিং গোগামেড়ীৰ হত্যা সন্দৰ্ভত ৩ জন অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷ শনিবাৰে হাৰিয়ানাৰ পৰা এজনক আৰু নিশাৰ ভাগলৈ চণ্ডীগড়ৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ চণ্ডীগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক যোৱা 72 ঘণ্টা ধৰি আমি অনুসৰণ কৰি আছিলো ৷’’

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে গোগামেড়ীৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল কুখ্যাত গেংষ্টাৰ ৰোহিত গোদাৰা ৷ যি বৰ্তমান বিদেশত আত্মগোপন কৰি আছে ৷ আনহাতে শনিবাৰে নিশা আৰক্ষীৰ জালত পৰা অভিযুক্ত ৰোহিত ৰাথোড়ে আৰক্ষীৰ জেৰাত সমগ্ৰ কথা বৰ্ণনা কৰা বুলি উল্লেখ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

তেওঁ কয় , ‘‘এটা ধৰ্ষণ কাণ্ডৰ বাবে ৰাজস্থানৰ কাৰাগাৰত বন্দী হৈ আছিল ৰোহিত ৷ তেতিয়াই ৰোহিতে লগ পাইছিল বীৰেন্দ্ৰ চৰণক ৷ ৰোহিতৰ বিৰুদ্ধে যি গোচৰ দাখিল কৰিছিল সেইজন আছিল সুখদেৱ ৷ সেয়ে কাৰাগাৰত থাকোতেই বীৰেন্দ্ৰ আৰু ৰোহিতে সুখদেৱ সিঙক হত্যাৰ পৰিকল্পনা কৰিছিল ৷ প্ৰায় এসপ্তাহৰ পূৰ্বে সুখদেৱক হত্যাৰ পৰিকল্পনা কৰিছিল দুয়ো অভিযুক্তই ৷ ইফালে সিঙক হত্যাৰ পূৰ্বে শ্বুটাৰ নিতিন আৰু ৰোহিতে পঞ্চাশ হাজাৰকৈ টকা লাভ কৰিছিল ৷’’

আৰক্ষী বিষয়া যাদৱে কয়, ‘‘দুই অভিযুক্তই সিঙক হত্যাৰ পাচত হিমাচললৈ গৈছিল ৷ তাৰপৰা চণ্ডীগড়ৰলৈ আহিছিল দুয়োজন অপৰাধী ৷ পিছত দুয়োজনে গোৱালৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷ গোৱাৰ পৰা তেওঁলোকে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷’’

লগতে পঢ়ক : সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰে জড়িত দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.