ETV Bharat / bharat

১৫ দিনে মুকলি বতাহত উশাহ লোৱাৰ আশাত বন্দী ৪১ জন শ্ৰমিক

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 9:03 AM IST

Updated : Nov 26, 2023, 9:53 AM IST

উত্তৰকাশী ছিল্কয়াৰ সুৰংগত বিগত ১৫ দিনে আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিকে ৷ যিমানে সময় পাৰ হৈ গৈ আছে, সিমানেই হতাশাত ভুগিছে আৱদ্ধ ৪১ জন শ্ৰমিক (Uttarkashi Silkyara Tunnel Rescue Work) ৷

Uttarkashi Silkyara Tunnel Rescue Work
উত্তৰকাশী ছিল্কয়াৰ সুৰংগত আবদ্ধ শ্ৰমিক

নেশ্যেনেল ডেস্ক, ২৬ নৱেম্বৰ : উত্তৰকাশী ছিল্কয়াৰ সুৰংগত শ্ৰমিক আৱদ্ধ হৈ পৰাৰ ডেৰ মাহ হ’ল । কিন্তু শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত প্ৰতিমুহূৰ্ততে বাধাৰ সন্মুখিন হৈ আহিছে । ছিল্কয়াৰ সুৰংগত খনন কৰি থাকোতেই ভাঙি গৈছিল ড্ৰিলিং মেচিনৰ ব্লেড ৷ তাৰ পাচৰ পৰাই স্তব্ধ হৈ আছে খনন কাৰ্য ৷ এতিয়া দ্বিতীয় বিকল্প খননৰো চিন্তা চৰ্চা কৰি আছে উদ্ধাৰকাৰী দলে ৷

উত্তৰকাশী ছিল্কয়াৰ সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি ১৫ দিন । সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে যোৱা ডেৰমাহ ধৰি মুকলি বতাহত উশাহ লোৱাৰ আশাত বন্দী । উদ্ধাৰ কামত বাৰে বাৰে বাধাৰ সৃষ্টি হৈছে ৷ আমেৰিকাৰ হেভি ড্ৰিলিং মেচিনটো পুনৰ বিজুতি ঘটিছে ।

Uttarkashi Silkyara Tunnel Rescue Work
উত্তৰকাশী ছিল্কয়াৰ সুৰংগত আবদ্ধ শ্ৰমিক

শেহতীয়া পৰিস্থিতিৰ কথা ক’বলৈ গ’লে উদ্ধাৰ কামৰ সময়ত আমেৰিকান ড্ৰিলিং মেচিনতো বিসংগতি দেখা দেখিছিল ৷ সেয়া শীঘ্ৰে মেৰামতিৰ কাম কৰা হ’ব । ইয়াৰ উপৰিও সুৰংগটোত হাতৰ খননৰ কামো কৰা হ’ব । উলম্ব ড্ৰিলিঙৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে । যাৰ বাবে স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ৷ লগতে মেচিনো সাজু কৰি ৰখা হৈছে ।

পুনৰ সুৰংগত ড্ৰিলিং কৰা হ’ব :

সুৰংগটোত উদ্ধাৰ কামত নিয়োজিত বিষয়াসকলে আশা প্ৰকাশ কৰিছে যে অতি সোনকালে হাতৰেৰে খনন আৰম্ভ কৰিব । উদ্ধাৰকাৰী দল আৰু আৱদ্ধ শ্ৰমিকৰ মাজত প্ৰায় ৬ ৰ পৰা ৯ মিটাৰ বিস্তৃত ধ্বংসাৱশেষ আছে । যিটো অতি সোনকালে হাতৰ ড্ৰিলিঙৰ জৰিয়তে আঁতৰোৱা হ’ব ।

উদ্ধাৰ কামত অহা বাধাসমূহ :

মন কৰিবলগীয়া যে উত্তৰকাশী ছিল্কয়াৰ সুৰংগত খনন কাৰ্যত অহা বাধাক বাবে আৱদ্ধ শ্ৰমিকসকল হতাশ হোৱা দেখা গৈছে । সুৰংগ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত এতিয়াও শ্ৰমিকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । সুৰংগটোত কৰ্মৰত কিছু শ্ৰমিকে এতিয়া মাননী অবিহনে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : উদ্ধাৰ অভিযানত ব্যৱহৃত ড্ৰিলিং মেচিন ক্ষতিগ্ৰস্ত, মেনুৱেল ড্ৰিলিঙৰ কাম আৰম্ভ

Last Updated :Nov 26, 2023, 9:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.