ETV Bharat / bharat

চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলগা নাছাৰ মহাকাশচাৰী দলক আতিথ্য বাইডেনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 12:36 PM IST

Joe Biden hosted NASA astronauts
চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলগা নাছাৰ মহাকাশচাৰী দলক আতিথ্য বাইডেনৰ

অৰ্ধ শতিকা পিচত চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ লক্ষ্য লোৱা নাছাৰ মহাকাশচাৰীসকলৰ প্ৰথম দলটোক আতিথ্য দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । দলটোৱে হোৱাইট হাউছত বাইডেনক সাক্ষাৎ কৰে । নাছাৰ অৰিয়ন কেপচুল উৰোৱা প্ৰথম দলটোৱে ২০২৪ চনৰ শেষৰ ফালে তেওঁলোকৰ আশ্চৰ্যজনক যাত্ৰা আৰম্ভ কৰিব (Aastronauts to fly around moon)।

ইণ্টাৰনেচনেল ডেস্ক, ১৫ ডিচেম্বৰ : ৫০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ নিৰ্বাচিত হোৱা চাৰিগৰাকী মহাকাশচাৰীয়ে বৃহস্পতিবাৰে হোৱাইট হাউছত ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাৎ কৰে । তাত তেওঁ অ'ভেল অফিচত এপ'লো যুগত সংগ্ৰহ কৰা এটা চন্দ্ৰশিলা দেখুৱায় ।

আৰ্টেমিছ ২ দলটোত আছে তিনিগৰাকী আমেৰিকান আৰু এগৰাকী কানাডিয়ান । তেওঁলোকে কয় যে ৰাষ্ট্ৰপতিয়ে এই বছৰৰ আৰম্ভণিতে তেওঁলোকক এই মিছনটোৰ বাবে নিৰ্বাচন কৰা পিচত হোৱাইট হাউছত তেওঁলোকক আতিথ্য দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে । তেওঁলোকে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছকো সাক্ষাৎ কৰে ।

"তেওঁলোকক হাত জোকাৰি অভিবাদন জনোৱা আৰু তেওঁলোকৰ নেতৃত্বৰ বাবে ধন্যবাদ জনোৱাৰ লগতে আমাৰ বাবে এই আশ্চৰ্যজনক যাত্ৰা কৰাটো সম্ভৱ কৰি তোলাটো সঁচাকৈয়ে উল্লেখযোগ্য ।" পাইলট ভিক্টৰ গ্লোভাৰে কয় ।

উল্লেখ্য যে, এই চাৰিগৰাকী মহাকাশচাৰী হৈছে নাছাৰ অৰিয়ন কেপচুল উৰুৱাবলগা প্ৰথমটো দল । ২০২৪ চনৰ শেষৰফালে কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচ লঞ্চ ছিষ্টেম ৰকেটৰ ওপৰত ইয়াৰ উৎক্ষেপণ কৰিব । অৱশ্যে তেওঁলোকে চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰে বা আনকি চন্দ্ৰৰ কক্ষপথলৈও নাযায় । ইয়াৰ বিপৰীতে চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি পোনে পোনে পৃথিৱীলৈ উভতি আহিব ।

অভিযান সন্দৰ্ভত কমাণ্ডাৰ ৰিড ৱাইজমেনে কয় যে ক্ৰু হিচাপে আমি তাৰিখটোৰ বিষয়ে ইমান চিন্তা নকৰোঁ । যেতিয়া নাছা আৰু বাহনখন উৰিবলৈ সাজু হ'ব তেতিয়া আমি যাম । এই সময়ছোৱাত ক্ৰুসকলে প্ৰস্তুতি চলাই আছে । তেওঁলোকে চিমুলেটৰ ব্যৱহাৰ কৰিছে আৰু মিছন কণ্ট্ৰোলৰ সৈতে কেনেদৰে সুৰক্ষিতভাৱে উঠিব আৰু উভতি আহিব লাগে তাৰ ওপৰত কাম কৰি আছে ।

ইয়াৰ ভিতৰত আছে পৃথিৱীলৈ উভতি অহাৰ সময়ত কেনেদৰে বাহিৰলৈ ওলাই যাব লাগে তাৰ প্ৰশিক্ষণ । আনহাতে, তেওঁলোকৰ ফেব্ৰুৱাৰীত এটা ড্ৰেছ ৰিহাৰ্চেল আছে । তাত তেওঁলোকে প্ৰশান্ত মহাসাগৰত এটা কেপচুলত ববিং কৰাৰ অনুশীলন কৰিব ।

লগতে পঢ়ক : জো বাইডেনৰ বিৰুদ্ধে অভিযোগনামা তদন্তত অনুমোদন, "ভিত্তিহীন ৰাজনৈতিক ষ্টাণ্ট" আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.