ETV Bharat / bharat

নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিয়া এজনক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ

author img

By

Published : Jul 7, 2022, 5:06 PM IST

সামাজিক মাধ্যমৰ জৰিয়তে নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰিছিল নাছিৰ হুছেইন নামৰ এজন লোকে (One arrested for threatening to behead Nupur Sharma)। ভাবুকি প্ৰদান কৰাৰ কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । লোকজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু ।

UP
নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিয়া এজনক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,৭ জুলাই : বিজেপিৰ প্ৰাক্তন নেত্ৰী নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যক লৈ আজিও দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে (Nupur Sharma controversy)। নূপুৰ শৰ্মাৰ বিৰুদ্ধে আনকি বিভিন্ন ৰাজ্যত প্ৰতিবাদো অব্যাহত আছে । ইয়াৰ মাজতে কেইবাখনো ৰাজ্যত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত বহুতকে আটক কৰিছে আৰক্ষীয়ে । এইবাৰ নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰি ৰঙাঘৰৰ আলহী হ'ল এজন (One who threatened Nupur Sharma arrested in UP)।

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বৰেলীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । লোকজন নাছিৰ হুছেইন বুলি জানিব পৰা গৈছে । নাছিৰে সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত নূপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিছিল নাছিৰে । এই ভাবুকি প্ৰদানৰ কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাছিৰ হুছেইনক ।

আৰক্ষী অধীক্ষক ৰাজকুমাৰ আগৰৱালে গ্ৰেপ্তাৰ সন্দৰ্ভত কয় যে নাছিৰ হুছেইনক তেওঁলোকে ভাবুকি প্ৰদান আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে । ফৰিদপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাচৱান অঞ্চলৰ তেওঁৰ ঘৰৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নাছিৰৰ বিৰুদ্ধে ফৰিদপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

ইফালে উত্তৰ প্ৰদেশত নূপুৰ শৰ্মাৰ বিতৰ্কক লৈ কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে । যাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ লক্ষ্যৰে কৰা যিকোনো কাৰ্যকলাপ বা মন্তব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ।

লগতে পঢ়ক :Bihar Professor Gandhigiri: শিক্ষাৰ্থী নাই বাবে অধ্যাপকে উভতাই দিলে দৰমহা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.