ETV Bharat / bharat

UP Police dismissed : ৰক্ষকৰ ৰূপত ভক্ষক, উত্তৰ প্ৰদেশ আৰক্ষীৰ আন এক কলংকিত অধ্যায়

author img

By

Published : Jun 12, 2023, 2:13 PM IST

UP Police dismissed
উত্তৰ প্ৰদেশ আৰক্ষীৰ আন এক কলংকিত অধ্যায়

পুনৰ আৰক্ষীৰ পোছাকত চেকা লগালে উত্তৰ প্ৰদেশৰ ৭ গৰাকীকৈ জোৱানে । এগৰাকী ব্যৱসায়ীৰ পৰা ১.৪ কোটি টকাৰ ডকাইতি কৰাৰ অভিযোগ উঠিছে আৰক্ষী জোৱানকেইজনৰ বিৰুদ্ধে । চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰক্ষীকেইজনক ।

নেশ্যনেল ডেস্ক,১২ জুন : কেইবাজনো জোৱানে উত্তৰ প্ৰদেশ আৰক্ষীৰ পোছাকত লগালে দাগ । গুজৰাটৰ এগৰাকী ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে লুটিলে প্ৰায় ১.৪ কোটি টকা । পৰিদৰ্শকসহ ৭ গৰাকী আৰক্ষীক ইতিমধ্যে বৰ্খাস্ত কৰিছে ।

বৰ্খাস্ত আৰক্ষী জোৱানকেইজনৰ বিৰুদ্ধে আউৰিয়া জিলাৰ এজন বান্দাভিত্তিক ব্যৱসায়ীৰ কৰ্মচাৰীক অপহৰণ আৰু ডকাইতি কৰাৰ অভিযোগ আছিল । বৰ্খাস্ত আৰক্ষীকেইজনৰ ভিতৰত আছে এজন ষ্টেচন হাউচ বিষয়া, ৩ জন উপ-পৰিদৰ্শক আৰু কনিষ্টবল । তেওঁলোক ক্ৰমে ষ্টেচন হাউচ বিষয়া ৰমা কান্ত দুবে, উপ-পৰিদৰ্শক সুশীল কুমাৰ, মহেশ কুমাৰ,উৎকৰ্ষ চতুৰ্বেদী আৰু কনিষ্টবল ক্ৰমে মহেন্দ্ৰ কুমাৰ পেটেল, কপিল দেৱ পাণ্ডে আৰু শিৱচান্দ বুলি চিনাক্ত কৰা হৈছে । সকলোক বাৰাণসী জিলাৰ ভেলুপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল ।

আৰক্ষীয়ে জনোৱা মতে ১.৪ কোটি টকাৰ ডকাইতিৰ গোচৰৰ তদন্ত চলাই থকা হৈছে আৰু এতিয়ালৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে তেওঁলোকে এতিয়াও বৰ্খাস্ত কৰা ৭ জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই । আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ মতে কামত অৱহেলাৰ বাবে বৰ্খাস্ত কৰা আৰক্ষীসকলক প্ৰথমে নিলম্বিত কৰা হৈছিল ।ঘটনাটোৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে আৰক্ষীকেইজন ডকাইতিকাণ্ডত সক্ৰিয়ভাৱে জড়িত আছিল । শীৰ্ষ আৰক্ষীয়ে জনোৱা মতে ডকাইতিৰ সৈতে জড়িত আৰক্ষীকেইজনৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

জানিব পৰা মতে, ৩১ মে'ত বাৰাণসী আৰক্ষীয়ে ভেলুপুৰ অঞ্চলত এখন পৰিত্যক্ত বাহনৰ পৰা ৯২.৯৪ লাখ টকা নগদ ধন উদ্ধাৰ কৰা বুলি দাবী কৰিছিল । পাছত সেই ধনখিনি গুজৰাটৰ ব্যৱসায়ীৰ এজন কৰ্মচাৰীক কিছুদিন পূৰ্বে এক সশস্ত্ৰ ডকাইতিৰ দলে লুটি লৈ যোৱা ধন বুলি চিনাক্ত হৈছিল ।

অভিযোগ অনুসৰি ডকাইতিৰ ঘটনাত জড়িত এজন আৰক্ষীয়ে তেওঁ লাভ কৰা ধনৰ অংশত অসন্তুষ্ট আছিল আৰু ডকাইতৰ সক্ৰিয় ভূমিকাৰ বিষয়ে তথ্য প্ৰকাশ কৰিছিল । তথ্যবোৰ পোহৰলৈ অহাৰ লগে লগে, এক তদন্তকাৰী দলে অনুসন্ধান আৰম্ভ কৰি ইয়াৰ সৈতে জড়িতসকলৰ সম্ভেদ উলিয়ায় । এই ঘটনাই এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জনসাধাৰণে যি আৰক্ষীক লৈ সুৰক্ষিত অনুভৱ কৰে সেই আৰক্ষীয়ে যদি জনসাধাৰণৰ প্ৰতি ভাবুকি হয় তেনেহ'লে জনসাধাৰণে কাক বিশ্বাস কৰিব ?

লগতে পঢ়ক :Sharad Pawar death threat case : শৰদ পাৱাৰ ভাবুকি গোচৰত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.