ETV Bharat / bharat

২০১৪ চনৰ পৰা আৰম্ভ উত্তৰ-পূৱৰ উন্নয়ন : সৰ্বানন্দ সোণোৱাল

author img

By

Published : Feb 16, 2022, 11:59 AM IST

Tripura
২০১৪ চনৰ পৰা আৰম্ভ উত্তৰ পূৱৰ উন্নয়ন

ত্ৰিপুৰাত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(Sarbananda Sonowal criticizes previous UPA government)। ত্ৰিপুৰাৰ ভৱিষ্যৎ অতি উজ্জ্বল বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ ।

আগৰতলা,১৬ ফেব্ৰুৱাৰী : '২০১৪ চনৰ পৰাহে উত্তৰ-পূৱৰ উন্নয়ন আৰম্ভ হৈছে । পূৰ্বৰ ইউপিএ চৰকাৰে উত্তৰ-পূৱৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল ।' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ত্ৰিপুৰাৰ আগৰতলা বিজেপি কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি পূৰ্বে কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে (Sarbananda Sonowal criticises UPA govt for neglecting NE)।

তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে এই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সম্ভৱ হৈছে । কংগ্ৰেছ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰাৰ অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । উত্তৰ-পূৱৰ বৰ্তমানৰ চৰকাৰৰ মনোভাৱৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে সকলো কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ-পূব অঞ্চল ভ্ৰমণ কৰিবলৈ আৰু অঞ্চলটোত কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ সঠিক ৰূপায়ণৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিছে । যাৰবাবে বৰ্তমান উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যই ভাৰতৰ মানচিত্ৰত সামৰ্থ আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবক ভাৰতৰ 'অষ্ট লক্ষ্মী' বুলি অভিহিত কৰিছে । মন্ত্ৰী সোণোৱালৰ মতে এতিয়া সকলো সম্পদ উত্তৰ-পূবত উপলব্ধ । ত্ৰিপুৰা সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাও বহুক্ষেত্ৰত দ্ৰুতগতিত বিকাশ লাভ কৰিছে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰা চৰকাৰে বহুতো ক্ষেত্ৰত যথেষ্ট উন্নয়ন সাধন কৰিছে যাৰবাবে অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে ।

সোণোৱালৰ লগতে কয় যে, প্ৰধানমন্ত্ৰীৰ বিশেষ পদক্ষেপৰ বাবেই এতিয়া ত্ৰিপুৰাত ৮ টাৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ, আগৰতলাৰ পৰা ৬ খনকৈ এক্সপ্ৰেছ ৰেলে দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছে । সকলো শ্ৰেণীৰ লোকে এতিয়া এই ব্যৱস্থাৰ সুবিধা ল'বলৈ সক্ষম হৈছে । মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বাস কৰে যে ত্ৰিপুৰাৰ ভৱিষ্যৎ অতি উজ্জ্বল ।

লগতে পঢ়ক :'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.