ETV Bharat / bharat

শক্তিশালী দেশ গঢ়ি তুলিবলৈ পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাম কৰিছে কেন্দ্ৰই: প্ৰতিমা ভৌমিক

author img

By

Published : Apr 25, 2022, 2:23 PM IST

union minister in tripura on panchayat day
এক শক্তিশালী দেশ গঢ়ি তুলিবলৈ পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰই কাম কৰি আছে: প্ৰতিমা ভৌমিক

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে দেওবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কাৰণ যদি পঞ্চায়ত শক্তিশালী হয় তেন্তে দেশ শক্তিশালী হ'ব(If panchayat is strong then country will be strong) ।

আগৰতলা,২৫ এপ্ৰিল: ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে দেওবাৰে আগৰতলাত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক(Union Minister in Tripura on panchayat day) । আগৰতলা খণ্ডৰ উত্তৰ চম্পামুৰা গ্ৰাম পঞ্চায়তৰ এখন বিশেষ গাঁও সভাত বক্তব্য ৰাখে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । ভাষণত কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই তোলে মন্ত্ৰীগৰাকীয়ে(Union Minister Pratima Bhoumik praised the Union Government) ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পঞ্চায়ত ব্য়ৱস্থা শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰেও কেন্দ্ৰৰ এই উদ্যোগত যোগদান কৰিছে । তেঁও লগতে কয় যদি পঞ্চায়ত শক্তিশালী হয় তেন্তে দেশ শক্তিশালী হ'ব(If panchayat is strong then country will be strong) ।

সভাখনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়েও গাঁওসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছিল । গান্ধীজীৰ প্ৰসংগ উত্থাপন কৰি তেঁও কয় যে গান্ধীজীয়ে এবাৰ কৈছিল যদি ভাৰতখনক চাব বিচাৰে তেন্তে গাঁৱলৈ যাব লাগিব । আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই লক্ষৰ দিশতে কাম কৰি আছে ।

লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো স্তৰৰ লোকৰ সহায়ত গ্ৰাম পঞ্চায়তৰ বিকাশ কেনেদৰে কৰিব লাগে দেখুৱাইছে । প্ৰতিখন পঞ্চায়ত নিজৰ প্ৰয়োজনীয়তা আৰু সম্পদৰ ওপৰত নিৰ্মাণ কৰিব লাগে । পঞ্চায়তৰ অধীনত প্ৰয়োজনীয় কৰ্মীসকলক অগ্ৰাধিকাৰ দিব লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । পঞ্চায়তৰ মুখ্য লক্ষ্য হৈছে স্থায়ী সম্পত্তি সৃষ্টি কৰা আৰু সংশ্লিষ্ট বিভাগবোৰে অঙ্গনবাদী কেন্দ্ৰসমূহৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: পৌৰ নিগমৰ নিৰ্বাচনত ৫৯.৩১ শতাংশ ভোট লাভ বিজেপিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.