ETV Bharat / bharat

Manipur Violence update: প্ৰতিশ্ৰুতি মতেইল হিংসাজৰ্জৰ মণিপুৰত পদাৰ্পণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

author img

By

Published : May 29, 2023, 11:02 PM IST

Home Minister Amit Shah visit to Manipur
26 দিনৰ অন্তত মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ পদাৰ্পণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah visit to Manipur) ৷ মণিপুৰত পুনৰ শান্তি ঘূৰাই আনিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে বাৰ্তালাপ কৰিব বুলি প্ৰকাশ কৰে ৷

তেজপুৰ, ২৯ মে' : তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত উপস্থিত হয় (Home Minister Amit Shah visit to Manipur)। যোৱা 3 মে'ৰ নিশাৰ পৰা আজি পৰ্যন্ত মণিপুৰত হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে (Manipur violence news) ৷ ইয়াৰ পিচতে যোৱা 25 মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটী ভ্ৰমণৰ সময়তে মণিপুৰৰ শাসক বিৰোধী বিধায়কৰ এটা দলক সাক্ষাৎ কৰি অচিৰেই তেওঁ মণিপুৰলৈ আহিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ শ্বাহে ৰাজহুৱাকৈ ঘোষণা কৰি কৈছিল যে, মণিপুৰত পুনৰ শান্তি ঘূৰাই আনিবলৈ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে তেওঁ মণিপুৰলৈ আহিব (Manipur Violence update)৷

ইয়াৰ প্ৰায় 5 দিনৰ পিচতে শ্বাহে সোমবাৰে নিশা 9.15 বজাত মণিপুৰত পদাৰ্পণ কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইম্ফল বিমানবন্দৰ পৰা আদৰি আনে ৷ কাইলৈ অৰ্থাৎ 30 মে’ত মণিপুৰৰ ৰাজ্যপালৰ লগত সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে শ্বাহৰ (Amit Shah will meet Governor)।

উল্লেখ্য যে, ৰাজ্যখনত পুনৰ পূৰ্বৰ দৰে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে বাৰ্তালাপ কৰিব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ পিচতে বুধবাৰে বিয়লি তেওঁ মণিপুৰৰ পৰা দিল্লীলৈ গমন কৰিব বুলি জানিব পৰা গৈছে । স্মৰ্তব্য যে ৰাজ্যখনত এই মুহূৰ্তও ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰি ৰখা হৈছে ।

ইতিমধ্যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ 38 খন জিলাত অতিৰিক্ত সেনাৰ দল মোটায়েন কৰা হৈছে ৷ ইতিমধ্যে সেনাই যোৱা দুদিনত 21 টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰি বহুতো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে বুলি জানিব পৰা গৈছে । যোৱা 3 মে’ত চুৰাচান্দপুৰত সংঘটিত হোৱা অবাঞ্চিত হিংসাত্মক সংঘৰ্ষত 75 জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোকে আঘাতপ্ৰাপ্ত হৈছিল ৷ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক গৃহহীন হোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰা হৈছিল ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি মুঠ 60 জন লোক সংঘৰ্ষত মৃত্যু হৈছে বাকী কেইগৰাকী লোকক পৰৱৰ্তী সময়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰিছিল ৷ এই ঘটনাত ২৩১ জন লোক আহত হয় । সম্প্ৰতি ৰাজ্যখনত সেনা অসম ৰাইফলছ আৰু সুৰক্ষা বাহিনীয়ে ৩৫,০০০ তকৈ অধিক লোকক হিংসা জৰ্জৰিত স্থানৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Manipur violence : মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি, ৰাষ্ট্ৰপতিক সাক্ষাতৰ ঘোষণা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.