ETV Bharat / bharat

ULFA declared bandh on August 15: ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ

author img

By

Published : Aug 6, 2022, 10:51 AM IST

ULFA declared bandh on August 15
১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ

প্ৰতিবছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱসৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে আলফা(স্বাধীন)য়ে (ULFA declared bandh on August 15)। উক্ত দিনটোত ৰাজনৈতিক, অ-ৰাজনৈতিক দল, বিভিন্ন সংগঠন আৰু জনসাধাৰণক স্বাধীনতা দিৱসৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে ।

নিউজ ডেস্ক,৬ আগষ্ট : সমগ্ৰ দেশবাসীয়ে ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে (Independence Day 2022)। ইতিমধ্যে চৰকাৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিছে । ইফালে ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে সমগ্ৰ দেশতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে ।

কিন্তু ইয়াৰ মাজতে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ই অসমত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে (ULFA declared bandh on August 15)। বিবৃতিযোগে সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) ৰাজনৈতিক, অ-ৰাজনৈতিক দল, বিভিন্ন সংগঠন আৰু জনসাধাৰণক স্বাধীনতা দিৱসৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে । লগতে ব্যক্তিগত ভাৱেও স্বাধীনতা দিৱস পালন নকৰিবলৈও ৰাইজক আহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে ।

লগতে পঢ়ক :Lok Kalyan Diwas in Baksa: বাক্সাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.