Lok Kalyan Diwas in Baksa: বাক্সাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী পালন

By

Published : Aug 5, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত(Barama College) আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীত লোক কল্যাণ দিৱস পালন কৰা হয় (Lok Kalyan Diwas in Baksa)৷ সভাত উপস্থিত থাকি বাক্সা জিলা উপায়ুক্ত(Baksa DC) মাচন্দ পাৰটিনে কয় যে ভাৰত স্বাধীন হোৱাৰ সময়ত গোপীনাথ বৰদলৈৰ যি অৱদান আছিল তাক লৈ আমি গৌৰৱ কৰো অসমীয়া হিচাপে । অনুষ্ঠানটোত উপস্থিত থাকি জেষ্ঠ সমাজকৰ্মী ডালিম তালুকদাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷ উক্ত অনুষ্ঠানত তিনিজন কৰ্মচাৰী ক্ৰমে ৰাতুল তালুকদাৰ, দ্বীপেজ দিব্বা আৰু তীৰ্থৰাজ কুৰ্মীক আৰনাই, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ ইয়াৰোপৰি তিনিওগৰাকীৰে চাকৰিকাল এবছৰ বৃদ্ধি কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ সভাৰ শেষত সকলোৱে একেলগে জাতীয় সংগীত পৰিৱেশন কৰে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.