ETV Bharat / bharat

কেৰালাত বোমা বিস্ফোৰণত নিহত অসমৰ পিতা-পুত্ৰ

author img

By

Published : Jul 7, 2022, 1:54 PM IST

a
a

মৃত ব্যক্তি দুজনৰ এজনৰ নাম হৈছে ফজল হক (৪৫) । আনহাতে, তেওঁৰ পুত্ৰৰ নাম হৈছে চহিদুল হক (২২)। দুয়ো বৰপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ছমাহ পূৰ্বে তেওঁলোক কেৰালালৈ গৈছিল ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ৰ বাবে ।

নিউজ ডেস্ক, ৭ জুলাই : কেৰালাত বোমা বিস্ফোৰণত নিহত হৈছে অসমৰ দুই পিতা-পুত্ৰ (Father and son of Assam killed in Kerala bombing) । বুধবাৰে বিয়লি সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনাটো । জানিব পৰা মতে, তেওঁলোক কোৰালাৰ কুন্নুৰ জিলাৰ মাট্টান্নুৰৰ কাছিমক্কুত এটা ভাৰাঘৰত আছিল (They staying at a rented house in Kunnur district) । পিতা-পুত্ৰ দুয়ো ভঙা-ছিঙা সামগ্ৰী সংগ্ৰহ কৰা ব্যৱসায়ত জড়িত আছিল ।

মৃত ব্যক্তি দুজনৰ এজনৰ নাম হৈছে ফজল হক (৪৫) । আনহাতে, তেওঁৰ পুত্ৰৰ নাম হৈছে চহিদুল হক (২২)। দুয়ো বৰপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ছমাহ পূৰ্বে তেওঁলোক কেৰালালৈ গৈছিল ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ৰ বাবে । লগত আন পাঁচজন ব্য়ক্তিও যোৱা বুলি এক সূত্ৰত প্ৰকাশ (Fajal and Sahidul involved in collecting scrap)।

এক অসমৰ্থিত সূত্ৰ মতে, বিস্ফোৰণ হোৱা বোমাটো এটা ষ্টীল বোমা আছিল (a steel bomb exploded) । কিন্তু কেনেদৰে উক্ত বোমাটো বিস্ফোৰণ ঘটিল সেয়া জানিব পৰা হোৱা নাই । সন্দেহ কৰা মতে, ভঙা-ছিঙা সামগ্ৰীৰ লগত তেওঁলোকে সংগ্ৰহ কৰিছিল উক্ত বোমাটো । ফজল হকৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে, বিস্ফোৰণৰ ফলত হাত এখন ছিগি যোৱা পুত্ৰ চহিদুল হকৰ পিছত হাস্পটালত মৃত্যু হয় ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বুধবাৰে সন্ধিয়া ৫.৩০ মান বজাত সংঘটিত হয় উক্ত বিস্ফোৰণৰ ঘটনাটো (accident occurred at 5.30 pm on wednesday)। বোমা বিশেষজ্ঞৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিস্ফোৰিত বোমাটোৰ টুকুৰা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে (bomb squad examined exploded site) । স্থানীয় আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ তদন্ত আৰম্ভ কৰিছে (police launched an investigation) ।

লগতে পঢ়ক: কলিয়াবৰত পথ দুৰ্ঘটনাত আহত ৭

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.