ETV Bharat / bharat

Covid situation in Tripura: ৩১ জানুৱাৰীৰ পৰা পুনৰ খুলিব ত্ৰিপুৰাৰ বিদ্যালয়সমূহ

author img

By

Published : Jan 30, 2022, 7:07 PM IST

Covid situation in Tripura
৩১ জানুৱাৰীৰ পৰা পুনৰ খুলিব ত্ৰিপুৰাৰ বিদ্যালয়সমূহ

ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে ত্ৰিপুৰাৰ বিদ্যালয়সমূহ । কিন্তু ৩১ জানুৱাৰীৰ পৰা পুনৰ খুলিব ৰাজ্যখনৰ বিদ্যালয়সমূহ (Tripura schools to reopen from January 31)। শিক্ষা বিভাগে ইতিমধ্যে এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে ।

আগৰতলা,৩০ জানুৱাৰী : পূৰ্বৰ তুলনাত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হৈছে ত্ৰিপুৰাত । যাৰ বাবে ত্ৰিপুৰাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩১ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ অফলাইন পাঠদান পুনৰ আৰম্ভ হ'ব (Tripura schools to reopen from January 31)। শিক্ষা বিভাগৰ যুটীয়া সচিব চান্দনী চন্দ্ৰনে এক জাননী যোগে এই কথা ঘোষণা কৰিছে ।

যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰা মতে বৰ্তমানৰ ক'ভিড পৰিস্থিতি (COVID situation in Tripura) পৰ্যৱেক্ষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । জাননীত উল্লেখ কৰা মতে ক'ভিড বিধি কঠোৰভাৱে পালন কৰি প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান পুনৰ আৰম্ভ হ'ব । সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী বিদ্যালয় লগতে মাদ্ৰাছাসমূহৰ বাবেও এই নিৰ্দেশনা প্ৰযোজ্য হ'ব ।

উল্লেখ্য যে, ২৮ জানুৱাৰীলৈ ত্ৰিপুৰাত ৫,০২৬ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু তাৰ ভিতৰত ৩১০ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । চৰকাৰী সূত্ৰৰ মতে ৩১ জানুৱাৰীৰ পৰা বিদ্যালয়সমূহৰ লগতে সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰো পাঠদান আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছে ।

লগতে পঢ়ক :Tripura assembly election 2023: নিৰ্বাচনৰ পূৰ্বে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.