ETV Bharat / bharat

টুইটাৰ কৰ্তৃপক্ষলৈ কিহৰ পত্ৰ পঠিয়ালে ত্ৰিপুৰা আৰক্ষীয়ে ?

author img

By

Published : Nov 7, 2021, 2:20 PM IST

Twitter
টুইটাৰ কতৃপক্ষলৈ কিয় পত্ৰ লিখিলে ত্ৰিপুৰা আৰক্ষীয়ে

সম্প্ৰতি ত্ৰিপুৰাত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ উৰা বাতৰি প্ৰচাৰ হৈ আছে । সাম্প্ৰদায়িক মন্তব্যৰে একাংশ লোকে ধৰ্মীয় সংঘাত সৃষ্টি কৰিব বিচাৰিছে । যাৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ । টুইটাৰ কৰ্তৃপক্ষলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

আগৰতলা, ৭ নৱেম্বৰ : ত্ৰিপুৰাত সাম্প্ৰদায়িক হিংসা অব্যাহত আছে । শেহতীয়াকৈ সামাজিক মাধ্যমত ত্ৰিপুৰাৰ এটা মছজিদত আক্ৰমণ কৰা সন্দৰ্ভত এক ভুৱা প্ৰচাৰ চলিছে । যাৰ দ্বাৰা ৰাজ্যখনত সাম্প্ৰদায়িক হিংসা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

একাংশ দুষ্টচক্ৰই সামাজিক মাধ্যমত কিছুমান ভুৱা তথ্য প্ৰচাৰ কৰা দেখা গৈছে । যাৰ বাবে ত্ৰিপুৰা আৰক্ষী সেই দুষ্টচক্ৰৰ বিৰুদ্ধে যথেষ্ট সষ্টম হৈছে । আনকি সাম্প্ৰদায়িক মন্তব্য কৰা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

সাম্প্ৰদায়িক তথ্য শ্বেয়াৰ কৰা প্ৰায় ৬৮ টাকৈ একাউণ্ট বন্ধ কৰি দিবলৈ টুইটাৰ (Twitter) কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে । পশ্চিম আগৰতলা আৰক্ষী থানাই ৩ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত থকা টুইটাৰ কাৰ্যালয়ৰ অভিযোগ বিষয়ালৈ পত্ৰখন প্ৰেৰণ কৰিছে । য'ত আটাইকেইটা একাউণ্টৰ প্ৰফাইলৰ লিংক উল্লেখ কৰিছে ।

পত্ৰখনত আৰক্ষীয়ে কৈছে যে কিছুমান ব্যক্তি বা সংগঠনে শেহতীয়া সংঘৰ্ষ আৰু ৰাজ্যখনৰ মুছলমান সম্প্ৰদায়ৰ মছজিদসমূহত আক্ৰমণৰ অভিযোগ সন্দৰ্ভত টুইটাৰত বিকৃত আৰু আপত্তিজনক বাতৰি বা পোষ্ট কৰি আছে । সেই বাতৰি বা পোষ্টসমূহ প্ৰকাশ কৰাৰ সময়ত ব্যক্তি বা সংগঠনবোৰে আন কিছুমান ঘটনাৰ ফটো আৰু ভিডিঅ' ব্যৱহাৰ কৰা দেখা গৈছে । লগতে অপৰাধমূলক ষড়যন্ত্ৰৰ উদ্দেশ্যে ৭ টাকৈ সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ বাবে মিছা বিবৃতি বা ভাষা ব্যৱহাৰ কৰা দেখা গৈছে ।

পত্ৰখনত আৰক্ষীয়ে উল্লেখ কৰিছে যে এই পোষ্টবোৰে ত্ৰিপুৰাত বিভিন্ন ধৰ্মীয় লোকসকলৰ মাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা কৰা হৈছে । পত্ৰখনৰ জৰিয়তে আৰক্ষীয়ে আইপি ঠিকনাৰ (IP Address) এখন তালিকাৰ বিৱৰণো বিচাৰিছে । য'ত ব্যৱহাৰকাৰীয়ে একাউণ্টত লগ ইন কৰিছিল আৰু লগতে টুইটাৰ একাউণ্টত দিয়া ম'বাইল নম্বৰবোৰো বিচাৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : গুজৰাটত ভয়ংকৰ অগ্নিকাণ্ড : ২৫ খনকৈ বাহন ভস্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.