ETV Bharat / bharat

উত্তৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত তিনিজন এনএলএফটি উগ্ৰপন্থী আটক

author img

By

Published : Apr 14, 2021, 10:17 AM IST

উত্তৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত তিনিজন এনএলএফটি উগ্ৰপন্থী আটক
উত্তৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত তিনিজন এনএলএফটি উগ্ৰপন্থী আটক

উত্তৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নিযুক্ত ত্ৰিপুৰা আৰক্ষী আৰু বিএছএফৰ সৈনিকসকলৰ এক যুটীয়া অভিযানত মঙলবাৰে তিনিজন এনএলএফটি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে ৷ তেওঁলোক সকলো এনএলএফটিৰ পৰিমল দেৱবৰ্মা গোটৰ আছিল বুলি জানিব পৰা যায় ৷

ত্ৰিপুৰা, 14 এপ্ৰিল : মঙলবাৰে তিনিজন এনএলএফটি উগ্ৰপন্থীক আটক ৷ উত্তৰ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নিযুক্ত ত্ৰিপুৰা আৰক্ষী আৰু বিএছএফৰ জোৱানসকলৰ এক যুটীয়া অভিযানত মঙলবাৰে তিনিজন এনএলএফটি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে উগ্ৰপন্থীসকলে বাংলাদেশৰ পৰা ভাৰতত লুকাই প্ৰৱেশ কৰোতে ত্ৰিপুৰা আৰক্ষী আৰু বিএছএফে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ কৰা তিনিজন উগ্ৰপন্থী কিৰণজিৎ ৰিয়াং(20), বিশ্ব কুমাৰ ৰিয়াং(24) আৰু সুকুমাৰ ৰিয়াং(26) বুলি চিনাক্ত কৰে । তেওঁলোক সকলো এনএলএফটিৰ পৰিমল দেৱবৰ্মা গোটৰ আছিল বুলি জানিব পৰা যায় ৷

উল্লেখ্য যে, টিটিএএডিচি নিৰ্বাচনৰ ঠিক আগে আগে এনএলএফটি গোটৰ মুৰব্বী পৰিমল দেৱবৰ্মাক ত্ৰিপুৰা আৰক্ষীয়ে মিজোৰামৰ পৰা গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : মিজোৰামত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ বন হৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.