ETV Bharat / bharat

Tripura district council: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত পৰিষদৰ

author img

By

Published : Aug 6, 2022, 10:07 PM IST

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council)ৰাজ্য় চৰকাৰক জিলা পৰিষদৰ সৈতে সহযোগিতা নকৰা বুলি অভিযোগ উত্থাপন কৰিছে । টিটিএএডিচিৰ মুখ্য হুইপ ৰবীন্দ্ৰ দেববৰ্মাই অভিযোগ উত্থাপন কৰি কয় যে জিলা পৰিষদে বিভিন্ন বিষয়ত সহায়ৰ বাবে ৰাজ্য চৰকাৰলৈ বহুবাৰ পত্ৰ লিখিছে যদিও এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ইতিবাচক উত্তৰ অহা নাই ।

Tripura district council
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত পৰিষদৰ

আগৰতলা ,৬আগষ্ট: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council) ৰাজ্য় চৰকাৰক জিলা পৰিষদৰ সৈতে সহযোগিতা নকৰা বুলি অভিযোগ উত্থাপন কৰিছে । তদুপৰি স্বায়ত্ব শাসিত জিলা পৰিষদক চৰকাৰে সন্মান নকৰাৰো অভিযোগ উত্থাপিত হৈছে । যোৱা শুকুৰবাৰে 'ঝুম খেতি' (Jhum Cultivation) শীৰ্ষক এখন কৰ্মশালাত বক্তব্য আগবঢ়াই টিটিএএডিচিৰ মুখ্য হুইপ ৰবীন্দ্ৰ দেববৰ্মাই কয় যে, জিলা পৰিষদে বিভিন্ন বিষয়ত সহায়ৰ বাবে ৰাজ্য চৰকাৰলৈ বহুবাৰ পত্ৰ লিখিছে (Chief Whip of TTAADC Rabindra Debbarma)। এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ইতিবাচক উত্তৰ অহা নাই বুলিও তেওঁ কয় ।

টিটিএএডিচিৰ মুখ্য হুইপ ৰবীন্দ্ৰ দেববৰ্মাই পুনৰ কয় যে, ৰাজ্য চৰকাৰে টিটিএএডিচি প্ৰশাসনৰ সৈতে দুৰ্ব্যৱহাৰ কৰি আছে । টিটিএএডিচিয়ে বিভিন্ন বিষয়ত সহায়ৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিছে । ইয়াৰ পিছতো ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্তৃপক্ষই টিটিএএডিচি কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰা নাই । ৰবৰ খেতিৰ বতৰ অহা কেইদিনমানৰ ভিতৰত শেষ হ'ব । কিন্তু ৰাজ্য চৰকাৰে জিলা পৰিষদক ৰবৰৰ গছপুলি যোগান ধৰাৰ বিষয়ে একো অৱগত কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য় যে, ৰাজবংশধৰ প্ৰদ্যুত কিশোৰ মানিক্য দেববৰ্মাৰ নেতৃত্বত টিপ্ৰা মোথাই টিটিএএডিচিত পৰিষদ গঠন কৰাৰ পিছতে তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন উন্নয়নমূলক কামত জিলা পৰিষদৰ সৈতে সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন কৰিছে । উচ্চ শিক্ষা, গৃহ আদিৰ দৰে মুখ্য বিভাগবোৰ ত্ৰিপুৰা চৰকাৰৰ জিলা পৰিষদৰ অধীনত যদিও এইক্ষেত্ৰত আজি পৰ্যন্ত কোনো সহযোগিতা কৰা নাই ।

লগতে পঢ়ক:Tripura CM Delhi visit : প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.