ETV Bharat / bharat

Agartala Municipal Corporation ৰ মেয়ৰ হ’ব দীপক মজুমদাৰ

author img

By

Published : Dec 6, 2021, 9:16 PM IST

Agartala Municipal Corporation ৰ মেয়ৰ হ’ব দীপক মজুমদাৰ
Agartala Municipal Corporation ৰ মেয়ৰ হ’ব দীপক মজুমদাৰ

আগৰতলা পৌৰ নিগমৰ মেয়ৰ হিচাপে দীপক মজুমদাৰৰ নাম চূড়ান্ত কৰিছে ত্ৰিপুৰা আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বই(Tripura BJP finalizes Deepak Majumder as Mayor of AMC) ৷ সৰ্ব সন্মতি ক্ৰমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মজুমদাৰক এই দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷

আগৰতলা, 6 ডিচেম্বৰ : ত্ৰিপুৰা আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বই আগৰতলা পৌৰ নিগমৰ মেয়ৰ হিচাপে দীপক মজুমদাৰৰ নাম চূড়ান্ত কৰিছে ৷ ৰাজ্যিক বিজেপিৰ এক সূত্ৰই জনাইছে যে, ত্ৰিপুৰা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোনকাৰ, মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ নেতৃত্বত আগৰতলাত দেওবাৰে প্ৰদেশ বিজেপিৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকত আগৰতলা পৌৰ নিগমত জয়ী হোৱা বিজেপিৰ আন প্ৰাৰ্থীসকলৰ ভিতৰত দীপক মজুমদাৰৰ নাম মেয়ৰৰ বাবে সৰ্বাধিক আলোচিত হয়(Deepak Majumder as Mayor of the AMC)।

তেওঁৰ সৈতে, অধ্যাপক আলোক ভট্টাচাৰ্যৰ নামো আলোচিত হয় । '' যেতিয়া আমি আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক নামটো প্ৰস্তাৱ কৰিছিলো তেতিয়া তেওঁ মেয়ৰ পদৰ বাবে দীপক মজুমদাৰৰ নাম নিশ্চিত কৰিছিল (National BJP president JP Nadda has confirmed AMC mayor)", এজন জ্যেষ্ঠ বিজেপি নেতাই এইদৰে কয় ।

সূত্ৰটোৱে লগতে কয় যে, এএমচিৰ আন এগৰাকী নিৰ্বাচিত প্ৰতিনিধি মনিকা দাস দত্তক বিজেপি মহিলা মৰ্চাই উপ-মেয়ৰ পদৰ বাবে মনোনীত কৰিছে(Monika Das Datta as Deputy Mayor of AMC) ৷

তেওঁ লগতে জনায় যে আগৰতলা পৌৰ নিগমৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ শপত গ্ৰহণ অনুষ্ঠান অহা ০৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠনৰ পিছত দীপক মজুমদাৰ ত্ৰিপুৰা ৰোড এণ্ড ট্ৰান্সপোৰ্ট কৰ্পোৰেচনৰ অধ্যক্ষ আছিল । তেওঁ AMCৰ ৱাৰ্ড নম্বৰ-16ৰ পৰা নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নগালেণ্ডত :নেফিউ ৰিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.