ETV Bharat / bharat

চৰকাৰৰ আশ্বাসৰ পিছত পৰিবহণ সন্থাৰ ধৰ্মঘট প্ৰত্যাহাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:43 AM IST

চৰকাৰৰ আশ্বাসৰ পিছত পৰিবহণ সন্থাৰ ধৰ্মঘট প্ৰত্যাহাৰ
চৰকাৰৰ আশ্বাসৰ পিছত পৰিবহণ সন্থাৰ ধৰ্মঘট প্ৰত্যাহাৰ

AIMTC call off strike : নতুন অপৰাধ সংহিতাৰ আওতালৈ অহা 'হিট এণ্ড ৰান' গোচৰত শাস্তিৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে এই প্ৰতিবাদ কৰা হৈছিল । কেন্দ্ৰৰ আশ্বাসৰ পিছত মঙলবাৰে নিশা প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ।

নিউজ ডেস্ক, ৩ জানুৱাৰী : মঙলবাৰে 'হিট এণ্ড ৰান' পথ দুৰ্ঘটনা সন্দৰ্ভত নতুন দণ্ড আইনৰ এক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ট্ৰাক চালকসকলে তেওঁলোকৰ দেশজোৰা ধৰ্মঘট প্ৰত্যাহাৰ কৰে । কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিয়াৰ পিছত এই প্ৰতিবাদ উটাই লয় । কেন্দ্ৰই আশ্বাস দিছে যে ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ পূৰ্বে তেওঁলোকৰ সৈতে চৰকাৰে আলোচনা কৰিব ।

উল্লেখ্য যে নতুন অপৰাধ সংহিতাৰ আওতালৈ অহা 'হিট এণ্ড ৰান' গোচৰত শাস্তিৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে এই প্ৰতিবাদ কৰা হৈছিল । কিন্তু কেন্দ্ৰৰ আশ্বাসৰ পিছত প্ৰতিবাদকাৰীসকলে মঙলবাৰে নিশা ধৰ্মঘট প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় ।

অল ইণ্ডিয়া মটৰ ট্ৰেন্সপোৰ্ট কংগ্ৰেছে (এআইএমটিচি) মঙলবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাক সাক্ষাৎ কৰে । সেই সময়ত ভাল্লাই তেওঁলোকক জনায় যে নতুন আইনৰ অধীনত ব্যৱস্থাসমূহৰ বিষয়ে এতিয়াও জাননী জাৰি কৰা হোৱা নাই ।

তেওঁ প্ৰতিনিধি দলটোক এইটোও কয় যে মন্ত্ৰালয়ে ইয়াক কাৰ্যকৰী কৰাৰ পূৰ্বে এআইএমটিচিৰ সৈতে আলোচনা কৰিব। ইয়াৰ পিছতে এআইএমটিচিয়ে ট্ৰাক চালকসকলক ধৰ্মঘট সমাপ্ত কৰিবলৈ আহ্বান জনায় । এআইএমটিচিৰ অধ্যক্ষ মালকিত সিং বালৰ মতে, নতুন আইনৰ ধাৰা 106 (2)ত 'হিট এণ্ড ৰান' গোচৰত 10 বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহা হৈছে ।

কিন্তু পৰিবহণকাৰী আৰু ট্ৰাক চালকসকলে এই ব্যৱস্থাৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে ব্যৱস্থাটো কাৰ্যকৰী নকৰিবলৈও আহ্বান জনাইছে । উল্লেখ্য যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় অসামৰিক প্ৰতিৰক্ষা সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইনত সন্মতি প্ৰদান কৰে আৰু ইয়াৰ ওপৰত ২৬ জানুৱাৰীৰ পূৰ্বে জাননী জাৰি কৰাৰ সম্ভাৱনা আছে । অৱশ্যে গৃহ মন্ত্ৰালয়ে কয় যে এই পৰিৱৰ্তনৰ সৈতে এক ব্যৱস্থা গ্ৰহণ কৰা হ'ব, যাৰ জৰিয়তে যিকোনো ভুক্তভোগীয়ে 3 বছৰৰ ভিতৰত ন্যায় পাব পাৰে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ইডিৰ অন্তিম সুযোগ; চমনক অবৈধ আখ্যা হেমন্ত সোৰেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.