ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ইডিৰ অন্তিম সুযোগ; চমনক অবৈধ আখ্যা হেমন্ত সোৰেনৰ

author img

By ANI

Published : Jan 3, 2024, 10:08 AM IST

Hemant Soren ED Summon : "সোৰেনে তেওঁক জাৰি কৰা চমনক 'অবৈধ' বুলি উল্লেখ কৰি ইডিলৈ পত্ৰ লিখিছে । তেওঁ ইডিৰ ওপৰত গোটেই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ দৃষ্টিৰে বিচাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে । উত্তৰত তেওঁ লগতে কৈছে যে তেওঁ ইতিমধ্যে সম্পত্তিবোৰৰ বিৱৰণ প্ৰদান কৰিছে । তেওঁ ইডিৰ বিৰুদ্ধে চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে ।" এক সূত্ৰত প্ৰকাশ ।

চমনক অবৈধ আখ্যা হেমন্ত সোৰেনৰ
চমনক অবৈধ আখ্যা হেমন্ত সোৰেনৰ

নিউজ ডেস্ক, ৩ জানুৱাৰী : এক ভূমি কেলেংকাৰীত অভিযুক্ত কৰি প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) হেমন্ত সোৰেনৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে 'অন্তিম সুযোগ' হিচাপে জাৰি কৰা চমনক 'অবৈধ' আখ্যা দিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে । মঙলবাৰে সূত্ৰত এই কথা প্ৰকাশ ।

সূত্ৰ অনুসৰি, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইডিলৈ লিখা পত্ৰত লগতে কয় যে তেওঁ ইতিমধ্যে তেওঁৰ সম্পত্তিৰ বিৱৰণ প্ৰদান কৰিছে । উল্লেখ্য যে তেওঁ এতিয়ালৈকে ইডিয়ে জাৰি কৰা ছয়টা চমন এৰাই গৈছে ।

"সোৰেনে তেওঁক জাৰি কৰা চমনক 'অবৈধ' বুলি উল্লেখ কৰি ইডিলৈ পত্ৰ লিখিছে । তেওঁ ইডিৰ ওপৰত গোটেই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ দৃষ্টিৰে বিচাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে । উত্তৰত তেওঁ লগতে কৈছে যে তেওঁ ইতিমধ্যে সম্পত্তিবোৰৰ বিৱৰণ প্ৰদান কৰিছে । তেওঁ ইডিৰ বিৰুদ্ধে চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে ।" সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে বিগত সপ্তাহৰ আৰম্ভণিতে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ধন আত্মসাত প্ৰতিৰোধ আইন, 2002-ৰ ধাৰাৰ অধীনত সপ্তমবাৰৰ বাবে চমন জাৰি কৰে আৰু তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ ইডিৰ কাৰ্যালয়লৈ তলৱ কৰে । ইয়াৰ পূৰ্বে যিহেতু ইডিয়ে জাৰি কৰা ছয়টা চমনত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱা নাছিল, সেয়ে এইবাৰ সংস্থাটোৱে বিবৃতি ৰেকৰ্ড কৰাৰ বাবে এইটো তেওঁৰ অন্তিম সুযোগ বুলি উল্লেখ কৰিছিল ।

"যিহেতু আপুনি আপোনাক জাৰি কৰা চমনবোৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ অহা নাই, সেয়ে আমি আপোনাক ধন আত্মসাত প্ৰতিৰোধ আইন, 2002-ৰ ধাৰা 50-ৰ অধীনত আপোনাৰ বিবৃতি লিপিবদ্ধ কৰাৰ এই অন্তিম সুযোগ প্ৰদান কৰিছোঁ । নিৰ্দিষ্ট স্থান, তাৰিখ আৰু সময়ত আপোনাৰ লগতে নিম্নস্বাক্ষৰিতৰ (ইডি) বাবে পাৰস্পৰিকভাৱে সুবিধাজনক হোৱাকৈ উপস্থিত হওক । এই জাননী/চমন লাভ কৰাৰ 7 দিনৰ ভিতৰত এইটো হ'ব লাগে ।" ইডিৰ নিৰ্দেশত কোৱা হৈছে ।

আনহাতে, সংস্থাটোৱে তেওঁক এই যোগাযোগ লাভ কৰাৰ দুদিনৰ ভিতৰত স্থান, তাৰিখ আৰু সময় নিৰ্দিষ্ট কৰিবলৈও কয় । "ছয়খন চমন জাৰি কৰা সত্ত্বেও আপুনি (হেমন্ত সোৰেন) ভিত্তিহীন কাৰণ উল্লেখ কৰি কাৰ্যালয়ত হাজিৰ হোৱা নাই । এই অনুপস্থিতিয়ে বৰ্তমানৰ গোচৰটোৰ তদন্তৰ অগ্ৰগতিত বাধা প্ৰদান কৰিছে ।" ইডিয়ে চমনত উল্লেখ কৰিছে ।

ইয়াৰ পূৰ্বে ইডিয়ে সোধা-পোছাৰ বাবে ১২ ডিচেম্বৰত ষষ্ঠখন চমন জাৰি কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমনকো উপেক্ষা কৰিছিল । ভূমি 'কেলেংকাৰী' গোচৰ সন্দৰ্ভত যোৱা বছৰ আগষ্টৰ মাজভাগত মুখ্যমন্ত্ৰী সোৰেনক প্ৰথমে ইডিয়ে মাতি পঠিয়াইছিল । অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই চমন উপেক্ষা কৰি দাবী কৰে যে তেওঁ ৰাজ্যখনৰ স্বাধীনতা দিৱস উদযাপনত ব্যস্ত আছিল ।

তেওঁক পুনৰ ২৪ আগষ্ট আৰু ৯ ছেপ্টেম্বৰত উপস্থিত হ'বলৈ কোৱা হৈছিল । কিন্তু তেওঁ ব্যস্ততাৰ কথা উল্লেখ কৰি এই তাৰিখকেইটাও এৰাই চলিছিল । তাৰ পিছত সংস্থাটোৱে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক চতুৰ্থ চমন জাৰি কৰি ২৩ ছেপ্টেম্বৰত সংস্থাটোৰ ওচৰত হাজিৰ হ'বলৈ কয় । কিন্তু মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ ভাবুকি দিয়ে যে যদি তেওঁৰ বিৰুদ্ধে জাৰি কৰা চমন প্ৰত্যাহাৰ নকৰে, তেন্তে কেন্দ্ৰৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ বাবে আগবাঢ়িব ।

আনহাতে, সংস্থাটোলৈ লিখা পত্ৰত সোৰেনে কৈছে যে তেওঁ ইডিক সকলো প্ৰয়োজনীয় নথি-পত্ৰ আৰু তথ্য প্ৰদান কৰিছে । তেওঁ লিখিছে যে যদি ইডিক কোনো তথ্যৰ প্ৰয়োজন হয়, তেন্তে তেওঁ ইতিমধ্যে সংস্থাটোক প্ৰদান কৰা নথিপত্ৰবোৰ উল্লেখ কৰিব পাৰে । অৱশ্যে তেওঁ অভিযোগ কৰে যে ইডিয়ে তেওঁক ১৪ আগষ্টত তেওঁলোকৰ 'ৰাজনৈতিক প্ৰভুসকলৰ' নিৰ্দেশত মাতি পঠিয়াইছিল ।

লগতে পঢ়ক :বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.