ETV Bharat / bharat

Transgender Marriage News: মাত্ৰ এৰাতিৰ বাবে কইনা হয় কিন্নৰসকল, পিছদিনা স্বামীৰ মূৰ কাটি কৰা হয় বিধৱা ইয়াৰ আঁৰৰ কাৰণ জানো আহক

author img

By

Published : Jun 19, 2023, 9:04 PM IST

Eunuchs become brides for just one night, become widows the next day
মাত্ৰ এৰাতিৰ বাবে কইনা হয় কিন্নৰসকল, পিছদিনা স্বামীৰ মূৰ কাটি কৰা হয় বিধৱা ইয়াৰ আঁৰৰ কাৰণ জানো আহক

আমাৰ মনলৈ প্ৰায়ে আহে যে কাৰ নামত এই নপুংসকসকলে সেন্দুৰ আৰু মংগলসূত্ৰ ধাৰণ কৰে । আপুনি জানি আচৰিত হ’ব যে কিন্নৰসকলেও অন্য লোকৰ দৰেই বিবাহপাশত আৱদ্ধ হয় যদিও তেওঁলোক মাত্ৰ এৰাতিৰ বাবে কইনা হৈ পিছদিনা বিধবা হৈ পৰে । কিন্তু কিয় ? ইয়াৰ ৰহস্য জানো আহক...

আমাৰ সমাজত কিন্নৰসকলক এক বেলেগ মৰ্যাদা দিয়া হৈছে । পুৰুষ-মহিলাৰ বাহিৰেও কিন্নৰসকলক তৃতীয় লিংগৰ মৰ্যাদা দিয়া হৈছে । তেওঁলোকৰ জীৱন আমাৰ জীৱনতকৈ বহুত পৃথক । কিন্নৰসকলৰ নিজস্ব এখন বেলেগ পৃথিৱী আছে ।

তেওঁলোকৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰীতি-নীতিলৈকে সম্পূৰ্ণ বেলেগ । আমাৰ হিন্দু শাস্ত্ৰত বহু ঠাইত যক্ষ, গন্ধৰ্ব আৰু কিন্নৰৰ কথা উল্লেখ আছে ।

কিন্নৰৰ সমাজত এনে বহু ৰহস্যময় পৰম্পৰা আছে, যাৰ বিষয়ে হয়তো আপুনি কেতিয়াও শুনা নাই । বেছিভাগ মানুহেই ভাবে যে কিন্নৰে কেতিয়াও বিবাহ নকৰে, যদি আপুনিও এনেকৈ চিন্তা কৰি আছে তেন্তে আপুনি ভুল ভাবিছে । কিন্নৰসকলেও আন লোকৰ দৰে বিয়া পাতি কইনা হয় ।

কিন্নৰসকল এৰাতিৰ বাবে হয় কইনা

কিন্নৰৰ বিয়া আনতকৈ অলপ বেলেগ, বিয়া হয়, কিন্তু মাত্ৰ এৰাতিৰ বাবে কইনা হৈ পৰে । এওলোকৰ বিবাহ কোনো মানুহৰ লগত নহয় বৰঞ্চ ভগৱানৰ সৈতে কৰোৱা হয় । পৰম্পৰা অনুসৰি ১৮ তাৰিখে আৰাৱন দেৱৰ মূৰ্তি সিংহাসনত ৰাখি সমগ্ৰ গাঁৱতে শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পিছদিনাই তেওঁ বিধৱা হয় ।

Eunuchs become brides for just one night, become widows the next day
কিন্নৰসকল এৰাতিৰ বাবে হয় কইনা

৮ দিনৰ বাবে বিবাহ অনুষ্ঠান

সাধাৰণ মানুহৰ দৰে কিন্নৰসকলেও কোনো মানুহৰ লগত নহয় নিজৰ ঈশ্বৰৰ লগত বিবাহপাশত আৱদ্ধ হয় । তামিল পঞ্জিকা অনুসৰি প্ৰতিটো নৱবৰ্ষৰ প্ৰথম পূৰ্ণিমাৰ দিনা কিন্নৰসকলে তামিলনাডুৰ ভিল্লুপুৰম জিলাৰ কুনাগাম গাঁৱত বিবাহ অনুষ্ঠানৰ আয়োজন কৰে । কিন্নৰসকলৰ এই বিবাহ ১৮ দিনলৈকে চলে । ইয়াৰ সময়ত গায়ন-বায়ন আৰু নৃত্য কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইয়াত হাজাৰ হাজাৰ কিন্নৰ গোট খায় ।

কিন্নৰসকলৰ বিবাহ হয় আৰাৱন দেৱৰ সৈতে

এই বিবাহ অনুষ্ঠানৰ ১৭ দিনত কিন্নৰসকলক কইনা হিচাপে সজাই তোলা হয় । কিন্নৰসকলৰ ইষ্টদেৱ হৈছে অৰ্জুন আৰু নাগ কন্যা উলুপিৰ পুত্ৰ ইৰাৱন যাক আৰাৱন নামেৰেও জনা যায় । মহাভাৰতত নিৰ্বাসনৰ সময়ত অৰ্জুনে কিন্নৰৰ ৰূপত বাস কৰিছিল । আৰু এই সময়ছোৱাতেই তেওঁ উলূপীক লগ পাই বিবাহপাশত আৱদ্ধ হৈ ইৰাৱান নামৰ এটি পুত্ৰ সন্তান জন্ম দিয়ে । সেই বাবেই ১৭ নম্বৰ দিনত নিজকে কইনাৰ ৰূপত সজাই কিন্নৰসকলে ভগৱান আৰাৱনৰ মন্দিৰলৈ যায় আৰু ইয়াত তেওঁলোকক আৰাৱন দেৱৰ নামত মংগলসূত্ৰ পিন্ধাই দিয়া হয় । ইয়াৰ পিছত কিন্নৰগৰাকীৰ ঈশ্বৰৰ লগত বিবাদ হয় ।

কাটি পোলোৱা হয় স্বামীৰ ডিঙি

বিবাহৰ পিছত ১৮ দিন আৰাৱন দেৱৰ মূৰ্তি সিংহাসনত ৰাখি গোটেই গাঁওখনতে শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পিছত পণ্ডিতসকলে প্ৰতীকীভাৱে আৰাৱন দেৱৰ মূৰ কাটি পেলায় । ইয়াৰ পিছত সকলো কিন্নৰ বিধৱা হয় । কিন্নৰসকলে বিধৱাৰ দৰে খাৰু ভাঙি বিধৱাৰ পোছাক অৰ্থাৎ বগা শাৰী পিন্ধে । ১৯ দিনত কিন্নৰসকলে নিজৰ মংগলসূত্ৰ আৰাৱন দেৱৰ নামত উচৰ্গা কৰি নতুন মংগলসূত্ৰ পৰিধান কৰে ।

লগতে পঢ়ক: Cactus Benefits: কেকটাচৰ আছে আচৰিত উপকাৰিতা, কেকটাচে দূৰ কৰে এইসমূহ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.