ETV Bharat / bharat

Assam worker died in Kerala : কেৰালাৰ গ্লাছ ফেক্টৰীত দুৰ্ঘটনা; অসমৰ শ্ৰমিকৰ মৃত্যু

author img

By

Published : Jul 11, 2023, 12:26 PM IST

Assam worker died in Kerala
কেৰালাৰ গ্লাছ ফেক্টৰীত দুৰ্ঘটনা

কেৰালাৰ এটা গ্লাছ ফেক্টৰীত সংঘটিত দুৰ্ঘটনাত অসমৰ এজন শ্ৰমিকৰ মৃত্যু হয় । শ্ৰমিকজন ২০ বছৰীয়া ধন কুমাৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নেশ্যনেল ডেস্ক,১১ জুলাই : কেৰালাৰ এটা গ্লাছ ফেক্টৰীত শোকাৱহ দুৰ্ঘটনা । কৰ্মৰত অৱস্থাত গাৰ ওপৰত পৰিল বৃহৎ আকাৰৰ গ্লাছৰ ফলক । দুৰ্ঘটনাটোত মৃত্যু হয় ধন কুমাৰ নামৰ এজন শ্ৰমিকৰ । ধন কুমাৰ অসমৰ যুৱক বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে কেৰালাৰ এৰ্নাকুলাম ইদায়াৰ ৰয়েল গ্লাছ ফেক্টৰীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । ষ্টিকাৰ লগাই থকাৰ সময়তে প্ৰব্ৰজনকাৰী শ্ৰমিকজনৰ গাৰ ওপৰত খহি পৰে গ্লাছৰ ডাঙৰ ফলক । ফলত শ্ৰমিকজনৰ মৃত্যু হয় । দুৰ্ঘটনাটোত নিহত অসমৰ বাসিন্দা ধন কুমাৰৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ২.৪০ মান বজাত সংঘটিত হৈছে ।

প্ৰাথমিক তদন্তৰ ভিত্তিত সন্দেহ কৰা হৈছে যে ট্ৰলী ষ্টেণ্ড খহি পৰাৰ বাবে গ্লাছৰ ডাঙৰ ফলকবোৰ শ্ৰমিকজনৰ গাৰ ওপৰত বাগৰি পৰে । ফলত শ্ৰমিকজন গধুৰ গ্লাছ আৰু যন্ত্ৰৰ মাজত আৱদ্ধ হৈ পৰে । জানিব পৰা মতে সেই সময়ত বাকী শ্ৰমিকসকল তেওঁৰ পৰা কিছু আঁতৰত আছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাচতে এলোৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল সেই ফেক্টৰীটোত উপস্থিত হয় । উদ্ধাৰকাৰী দলটোৱে গ্লাছবোৰ আঁতৰাই দিয়ে আৰু গুৰুতৰভাৱে আহত শ্ৰমিকজনক উদ্ধাৰ কৰে ।

অসমৰ শ্ৰমিকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয় । ইফালে শ্ৰমিকজনৰ মৃতদেহটো কালামাচেৰী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গলৈ স্থানান্তৰ কৰা হৈছে । বিনানীপুৰম আৰক্ষীয়ে দুৰ্ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।

গ্লাছৰ ফেক্টৰীটোৱে সুৰক্ষাৰ মানদণ্ড মানি চলিছে নে নাই আৰক্ষীয়ে তাৰ অনুসন্ধান আৰম্ভ কৰিছে । যদি নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি ধৰা পৰে, তেনেহ'লে আৰক্ষীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব । সমান্তৰালকৈ আৰক্ষীয়ে অসমৰ শ্ৰমিকজনৰ পৰিয়ালৰ লোকসকলকো অৱগত কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Andhra Pradesh Bus Accident : বিয়ালৈ গৈ আছিল; নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৭ জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.