ETV Bharat / bharat

Andhra Pradesh Bus Accident : বিয়ালৈ গৈ আছিল; নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৭ জনক

author img

By

Published : Jul 11, 2023, 11:00 AM IST

বিয়াৰ অভ্যৰ্থনাৰ বাবে এটা পৰিয়াল আৰু তেওঁলোকৰ আত্মীয়সকল গৈ আছিল । হঠাৎ খাৱৈত বাগৰি পৰিলে তেওঁলোকে গৈ থকা বাছখন । ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক আহত হয় ।

Andhra Pradesh Bus Accident
নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৭ জনক

নেশ্যনেল ডেস্ক, ১১ জুলাই : অন্ধ্ৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীভৰ্তি বাছ দ' খাৱৈত পৰি যোৱাৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । বাছখনত থকা আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

অন্ধ্ৰ প্ৰদেশৰ প্ৰকচম জিলাৰ দৰ্চিত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । বাছখন বিবাহ যাত্ৰীৰ আছিল বুলি জানিব পৰা গৈছে । সোমবাৰে মাজনিশা ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।

জানিব পৰা মতে বিবাহ যাত্ৰীৰ বাছখন প্ৰকচম জিলাৰ পোডিলিৰ পৰা পূব গোদাৱৰী জিলাৰ কাকিনাডালৈ গৈ আছিল । তেনে সময়তে হঠাৎ বাছখন দ' খাৱৈত বাগৰি পৰে । খবৰ অনুসৰি দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৩৫ ৰ পৰা ৪০ গৰাকী লোক আছিল । য'ত ৭ গৰাকী লোকৰ থিতাতে মৃত্যু হয় আৰু প্ৰায় ১২ জন লোক আহত হয় । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয় । স্থানীয় লোক, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে বাছখনৰ পৰা লোকসকলক উদ্ধাৰ কৰে । আহত লোকসকলক ততালিকে ওচৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

জানিব পৰা মতে এটা পৰিয়ালে বিয়াৰ অভ্যৰ্থনাৰ বাবে কাকিনাডালৈ যাবলৈ আৰটিচি বাছখন ভাড়া লৈছিল । ইফালে সন্দেহ কৰা হৈছে যে চালকজনৰ টোপনি আহিছিল যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব কাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে ।

দুৰ্ঘটনাটোত নিহত লোকসকলক আব্দুল আজিজ, আব্দুল হানি, শ্বেখ ৰমিজ, মুল্লা নুৰজাহান, মুল্লা জানি বেগম, শ্বেখ শবীনা আৰু পোডিলি গাঁৱৰ শ্বেখ হীনা বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাটোক লৈ এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে । নিহত লোকসকলৰ পৰিয়ালতো অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :West Bengal Panchayat polls : পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.