ETV Bharat / bharat

TMC will not participating in VP poll: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছ

author img

By

Published : Jul 22, 2022, 11:48 AM IST

TMC will not participating in VP poll
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছ

কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিকে ধৰি ১৮ টা ৰাজনৈতিক দলে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল মাৰ্গাৰেট আলভাক বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে(Vice-presidential election 2022) ৷ মাৰ্গাৰেট আলভাক মনোনীত কৰাৰ সময়ত তৃণমূল কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা নকৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ তথা সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ ৷

নিউজ ডেস্ক, 22 জুলাই : 6 আগষ্টত অনুষ্ঠিত হ'বলগীয়া উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছ ৷ দলটোৰ সাংসদ তথা সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে বৃহস্পতিবাৰে সদৰি কৰে এই কথা(TMC MP Abhishek Banerjee) ৷ টিএমচিৰ সাংসদগৰাকীয়ে কয় যে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী জগদীপ ধনখৰক সমৰ্থন কৰাৰ কোনো প্ৰশ্নই নাহে । আনহাতে বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাক মনোনীত কৰাৰ সময়ত তৃণমূল কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিল ৷

  • TMC will not support NDA's Vice-Presidential candidate Jagdeep Dhankhar. The party will abstain from the upcoming Vice Presidential polls as it was decided in the meeting: TMC MP Abhishek Banerjee

    (File pic) pic.twitter.com/gf12NiuhME

    — ANI (@ANI) July 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় য়ে, দুয়োখন সদনত 35 জন সাংসদ থকা এটা দলৰ সৈতে সঠিক পৰামৰ্শ আৰু আলোচনা অবিহনে বিৰোধীয়ে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক মনোনীত কৰিছে ৷ যাৰ বাবে আমি সৰ্বসন্মতিক্ৰমে ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছো ৷ তৃণমূলৰ সাংসদগৰাকীয়ে লগতে কয় যে মাৰ্গাৰেট আলভা আৰু মমতা বেনাৰ্জীৰ মাজত এটা ভাল সমীকৰণ আছে ৷ কিন্তু ব্যক্তিগত সমীকৰণৰ ওপৰত ভিত্তি কৰি দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ব নোৱাৰে । আমাৰ 85% সাংসদেই ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে ৷

Abishek Benerjee
তৃণমূল কংগ্ৰেছৰ সাংসদ তথা সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন এন ডি এই পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে ৷ আনহাতে বিৰোধীয়ে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল মাৰ্গাৰেট আলভাক(Former Rajasthan Governor Margaret Alva) তেওঁলোকৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । দেওবাৰে কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিকে ধৰি ১৮ টা ৰাজনৈতিক দলৰ বৈঠকৰ পিছত মাৰ্গাৰেট আলভাক বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰে(Vice-presidential election 2022) ।

লগতে পঢ়ক : Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.