ETV Bharat / bharat

TMC to hold protest : ১৪ নৱেম্বৰত ত্ৰিপুৰাত তৃণমূলৰ বিশাল প্ৰতিবাদ

author img

By

Published : Oct 30, 2022, 9:35 PM IST

ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব তৃণমূল কংগ্ৰেছ দলে (TMC protest in Tripura)। ১৪ নৱেম্বৰত ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনৰ সন্মুখত এক গণ সমাৱেশৰ আয়োজন কৰিছে দলটোৱে । বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ ।

TMC
১৪ নৱেম্বৰত ত্ৰিপুৰাত তৃণমূলৰ বিশাল প্ৰতিবাদ

আগৰতলা,৩০ অক্টোবৰ : ত্ৰিপুৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলৰ প্ৰতিবাদ অব্যাহত আছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা ১৪ নৱেম্বৰত ৰাজ্যখনত তৃণমূল কংগ্ৰেছে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব (TMC to hold protest in Tripura)।

সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত ৰাজীব বেনাৰ্জীয়ে । বেনাৰ্জীয়ে অভিযোগ কৰা মতে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে (Law and order situation in Tripura)। তেওঁ দাবী কৰা মতে উত্তৰ-পূবত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত ত্ৰিপুৰা দ্বিতীয় স্থানত আছে (Crime against woman in Tripura) ৷

তেওঁ উল্লেখ কৰা মতে যোৱা কেইদিনমানৰ পৰা ৰাজ্যজুৰি যিধৰণে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে সেয়া সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক (Gang rape in Tripura)। বেনাৰ্জীয়ে অভিযোগ কৰা মতে এই দলবদ্ধ ধৰ্ষণৰ ঘটনাবোৰত বহুতো বিজেপি নেতা আৰু কৰ্মী জড়িত হৈ আছে । তৃণমূল নেতাগৰাকীয়ে দাবী কৰা মতে যোৱা আঢ়ৈ বছৰত ত্ৰিপুৰা চৰকাৰৰ প্ৰতিবেদন অনুসৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২,০০০ ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তাৰ ভিতৰত ৩৮১ টা ধৰ্ষণৰ গোচৰ আছে ।

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনা বৃদ্ধি হোৱাৰ পাছতো মুখ্যমন্ত্ৰী নীৰৱ হৈ আছে বুলি তেওঁ অভিযোগ কৰে । যদি এনে পৰিস্থিতি অব্যাহত থাকে তৃণমূল কংগ্ৰেছে মৌন হৈ থাকিব নোৱাৰে (Tripura TMC leader slams BJP)। সেয়েহে আগৰতলাত ১৪ নৱেম্বৰত বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰা সিদ্ধান্ত লৈছে দলটোৱে । তেওঁ উল্লেখ কৰা মতে দলটোৱে ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনৰ সন্মুখত এক গণ সমাৱেশৰ আয়োজন কৰিব ।

দলটোৰ জ্যেষ্ঠ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে বিজেপি চৰকাৰক জুমলা বুলি অভিহিত কৰি কয় যে ২০১৮ চনৰ পূৰ্বে বিজেপিয়ে ভিজন ডকুমেণ্ট মুকলি কৰিছিল য'ত তেওঁলোকে ৰাইজৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতিৰ বিষয়ে উত্থাপন কৰিছিল (Sushmita Dev slams Tripura Govt)। কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছতো এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই । সেয়েহে তৃণমূল কংগ্ৰেছে ত্ৰিপুৰা চৰকাৰৰ অপশাসন আৰু বেংগল মডেলৰ বিষয়ে প্ৰচাৰ চলাব আৰু পত্ৰিকা বিতৰণ কৰিব বুলি উল্লেখ কৰে সুস্মিতা দেৱে । সংবাদমেলত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুজন বিশ্বাস আৰু অন্যান্য নেতাসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Kabadi player Sandeep Nangal murder : ফেচবুক লাইভযোগে স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.