ETV Bharat / bharat

Sushmita Dev demands resignation of Tripura CM: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাৰ পদত্যাগৰ দাবী সুস্মিতা দেৱৰ

author img

By

Published : Oct 27, 2022, 7:53 AM IST

TMC MP Sushmita Dev demands resignation of Tripura CM over law and order issue
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাৰ পদত্যাগৰ দাবী সুস্মিতা দেৱৰ

বুধবাৰে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে (Trinamool Congress leader and MP Sushmita Dev) ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাৰ পদত্যাগ দাবী কৰাৰ লগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত বিজেপি শাসিত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায় (Sushmita Dev demanded resignation of CM Manik Saha)।

আগৰতলা, 27 অক্টোবৰ: বুধবাৰে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে (Trinamool Congress leader and MP Sushmita Dev) ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাৰ পদত্যাগ দাবী কৰাৰ লগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত বিজেপি শাসিত চৰকাৰখনে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায় (Sushmita Dev demanded resignation of CM Manik Saha)।

দেৱে নিজৰ ফেচবুকৰ ৱালত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ কৈছে, ‘আমি দেখিবলৈ পাইছো যে, আগৰতলাৰ হৰিপদ দাস আৰু সঞ্জয় দাস নামৰ দুজন ব্যক্তি দুষ্কৃতিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে (Haripada Das and Sanjay Das of Agartala bullet injuries by miscreants)। বৰ্তমান এই দুগৰাকী আহত ব্যক্তিয়ে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । মই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীক সুধিব বিচাৰিছো যে, যিহেতু ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বও তেওঁৰ নিজৰ হাতত আছে, তেনেক্ষেত্ৰত জনসাধাৰণক সুৰক্ষিত ৰখাটোও তেওঁৰেই দায়িত্ব”।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাৰ পদত্যাগৰ দাবী সুস্মিতা দেৱৰ

লগতে পঢ়ক: Tripura BJP : বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

তদুপৰি ত্ৰিপুৰাৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত যদি ব্যৰ্থ হৈছে তেন্তে তেওঁ পদৰ পৰা পদত্যাগ কৰিব লাগে (Tripura CM failing to keep safe people of Tripura) বুলিও তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে কয় (Chief Minister of Tripura) । সাংসদ সুস্মিতা দেৱে লগতে ক’লে, “আপোনাৰ চৰকাৰে দুৱাৰে দুৱাৰে সু-শাসন আঁচনি আৰম্ভ কৰিছে (Duare Duare Sushasan) আৰু আনফালে মানুহে অসুৰক্ষিত তথা নিৰাপত্তাহীনভাৱে ৰাজ্যত জীৱন নিৰ্বাহ কৰিছে । এই বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক অথবা পদৰ পৰা তেওঁ পদত্যাগ কৰক । তেওঁ ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসনৰো দাবী কৰে ৷

উল্লেখ্য যে, মঙলবাৰে নিশা দুষ্কৃতিকাৰীয়ে কৰা গুলীচালনাত দুজনকৈ লোক গুলীবিদ্ধ হৈ আহত হৈছিল । অৱশ্যে ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক ।

লগতে পঢ়ক: Cyclone Sitrang : ত্ৰিপুৰা আৰু মেঘালয়ত হাই এলাৰ্ট জাৰি, ত্ৰিপুৰাত উপস্থিত NDRFৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.