ETV Bharat / bharat

Big defeat of CPIM in Tripura: টিপ্ৰা মঠাৰ গাত চিপিআইএমৰ পৰাজয়ৰ দোষ জাপিলে হান্নান মোল্লাহে

author img

By

Published : Mar 2, 2023, 7:05 PM IST

Updated : Mar 2, 2023, 7:19 PM IST

ত্ৰিপুৰাত চিপিআই(এম)ৰ পৰাজয়ৰ বাবে টিপ্ৰা মঠাক দোষাৰোপ কৰিলে দলটোৰ জ্যেষ্ঠ নেতা হান্নান মোল্লাহে ৷ টিপ্ৰা মঠাই বিজেপিৰে গোপন বুজাবুজি কৰি চিপিআই(এম)ৰ ভোট বিভাজন কৰা বুলি দাবী কৰিছে জ্যেষ্ঠ বাওঁপন্থী নেতাগৰাকীয়ে (Tripura assembly poll result) ৷ অৱশ্যে নিৰ্বাচনী সমীক্ষাই টিপ্ৰা মঠা কিংমেকাৰ হ’ব বুলি দাবী কৰিছিল যদিও শেহতীয়া ফলাফলে কৈছে যে, কিংমেকাৰৰ প্ৰয়োজন নহ’ব বিজেপি মিত্ৰজোঁটক (Tipra moth role in Tripura election) ৷

Tripura assembly poll result
Big defeat of CPIM in Tripura

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নিউজডেস্ক, 2 মাৰ্চ: ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ ত্ৰিপুৰাত পৰাজয়ৰ সন্মুখীন হৈছে চিপিআই(এম) দল ৷ নিৰ্বাচনত চিপিআই(এম) দলৰ পৰাজয় সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ এগৰাকী শীৰ্ষ নেতা হান্নান মোল্লাহে ৷ তেওঁ কয় যে, চিপিআই(এম)ৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছে টিপ্ৰা মঠা দল ৷ নিজৰ দলীয় পৰাজয়ৰ বাবে যেন নতুনকৈ উত্থান হোৱা দলটোক দোষাৰোপ কৰিব খুজিছে চিপিআই(এম) নেতাগৰাকীয়ে (Tripura assembly poll result) ৷

ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটে বৰ্তমানলৈকে 33 খন আসন লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে চিপিআই(এম) দলে 14 খন আসনত জয়লাভ কৰিছে ৷ নিৰ্বাচনী সমীক্ষাই কিংমেকাৰ হ’ব পাৰে বুলি অভিহিত কৰা টিপ্ৰা মঠাই লাভ কৰিছে 13 খন আসন ৷ ইয়াৰ পাচতেই প্ৰাক্তন সাংসদ তথা চিপিআই(এম)ৰ বয়োজ্যেষ্ঠ নেতা হান্নান মোল্লাহে কয়, ‘‘টিপ্ৰা মঠা আমাৰ পৰাজয়ৰ অন্যতম কাৰক ৷’’(Big defeat of CPIM in Tripura)

লগতে পঢ়ক: Nagaland Elections Results: মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ জয়লাভ; টেমজেন ইমনা আলঙে সাব্যস্ত কৰিলে নিজৰ বিজয়

নিৰ্বাচনৰ এই ফলাফল আশানুৰূপ নহয় বুলি উল্লেখ কৰি হান্নানে কয় যে, চিপিআই(এম)ৰ কৰ্মীসকলে যোৱা পাঁচ বছৰত যথেষ্ট কষ্ট কৰিছে ৷ ‘‘আমাৰ দলৰ সদস্যসকলে কঠোৰ পৰিশ্ৰম কৰিছে ৷ আনকি বিজেপি চৰকাৰে ত্ৰিপুৰাত আতংকৰ পৰিবেশ সৃষ্টি কৰিছে আৰু আমাৰ দলৰ সহস্ৰাধিক সদস্যৰ ওপৰত মিছা গোচৰ জাপি দিছে ৷’’ মোল্লাই কয় (Tripura assembly election result updates) ৷

তেওঁ লগতে কয় যে, এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দলে আশা কৰিছিল ৷ ‘‘নিৰ্বাচনত টিপ্ৰা মঠাৰ প্ৰবেশে বিজেপিক লাভান্বিত কৰিলে ৷ দুয়োটা দলৰে নিৰ্বাচনৰ পূৰ্বেই গোপন বুজাবুজি হৈছে ৷ টিপ্ৰা মঠাই চিপিআই(এম)ৰ ভোট বিভাজন কৰিছে ৷’’ নেতাগৰাকীয়ে ক্ষোভেৰে কয় ৷ ‘‘বহুকেইটা সমষ্টিত আমাৰ প্ৰাৰ্থী অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৷ কেইবাটাও সমষ্টিত আমাৰ জয় নিশ্চিত আছিল, টিপ্ৰা মঠাই আমাৰ ভোট বিভাজন কৰিলে ৷’’ মোল্লাই দোহাৰে ৷ কেইবাটাও সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে চিপিআই(এম) ৰ প্ৰাৰ্থীক প্ৰায় 500 ৰ পৰা 600 ভোটৰ ব্যৱধানত পৰাস্ত কৰা দেখা গৈছে (Tripura assembly poll result 2023) ৷

লগতে পঢ়ক: Meghalaya assembly poll updates: নিৰ্বাচনৰ ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পাচতহে মিত্ৰতাৰ চিন্তা কৰিব চাংমাই

আজি সন্ধিয়াৰ ভাগত ত্ৰিপুৰাৰ লগতে নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷ ত্ৰিপুৰাত যোৱা 16 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে মেঘালয় আৰু নাগালেণ্ডত 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ নিৰ্বাচনী সমীক্ষাসমূহত ত্ৰিপুৰাত পুনৰ বিজেপিৰেই চৰকাৰ হ’ব বুলি অনুমান কৰা হৈছিল ৷ একেদৰে নাগালেণ্ডতো বিজেপি আৰু এনডিপিপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ আহিব বুলি সমীক্ষাত প্ৰকাশ পাইছিল ৷ মেঘালয়ৰ নিৰ্বাচনী সমীক্ষাত ওলোমা চৰকাৰ গঠনৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছিল ৷ অৱশ্য়ে মেঘালয়ত বিজেপিয়ে ভাল ফল দেখুৱাব পৰা নাই যদিও 2018 চনৰ দৰেই দুখন লাভ কৰিছে গেৰুৱা দলটোৱে ৷

Last Updated : Mar 2, 2023, 7:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.