ETV Bharat / bharat

Meghalaya assembly poll updates: নিৰ্বাচনৰ ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পাচতহে মিত্ৰতাৰ চিন্তা কৰিব চাংমাই

author img

By

Published : Mar 2, 2023, 6:27 PM IST

ওলোমা চৰকাৰ হ’ব নেকি মেঘালয়ত ? মিত্ৰতাৰ বাবে চিন্তা-চৰ্চা কৰিছে নেকি কনৰাড চাংমাই ? মেঘালয়ৰ ৰাজনীতিত এতিয়া তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাজনৈতিক মহলে ৷ অৱশ্য়ে কনৰাড চাংমাই এতিয়ায়েই মিত্ৰতাৰ চিন্তা কৰা নাই বুলি উল্লেখ কৰিছে (Meghalaya assembly poll results updates) ৷

Meghalaya assembly poll results updates
Conrad Sangma on alliance

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নিউজডেস্ক, 2 মাৰ্চ: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে নিৰ্বাচনৰ পাচৰ মিত্ৰতা সন্দৰ্ভ হোৱা চৰ্চাক নস্যাৎ কৰে ৷ অৱশ্যে শেহতীয়া ভোট গণনাই মেঘালয়ত ওলোমা চৰকাৰ গঠন হোৱাৰে ইংগিত বহন কৰিছে ৷ কিন্তু ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিচতহে প্ৰকৃত ছবিখন পোহৰলৈ আহিব (Meghalaya assembly poll results updates) ৷

চাংমাই কয় যে, তেওঁৰ দলে আসনৰ সংখ্যা নিশ্চিত হোৱালৈ আৰু এখন স্পষ্ট ছবি প্ৰকাশ পোৱালৈকে অপেক্ষা কৰিব ৷ তাৰ পাচতহে বুজাবুজিৰ চিন্তা কৰা হ’ব ৷ তেওঁ কয়, ‘‘আমি ৰাজ্যৰ জনতাক আমাক ভোটদান কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ৷ আমাৰ কেইখনমান আসন কমি আছে, গতিকে আমি ফলাফল সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰিম ৷ আমি ফলাফলৰ ওপৰত ভিত্তি কৰিহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম ৷’’ (Conrad Sangma on alliance)

নিৰ্বাচন কমিচনে আগবঢ়োৱা তথ্য অনুসৰি, দিনৰ 2.20 বজালৈকে শাসকীয় এনপিপি দলে 5খন আসনত জয়লাভ কৰিছে আৰু 20 খন আসনত অগ্ৰগতি লৈ আছে ৷ ইউনাইটেড ডেমক্ৰেটিক পাৰ্টীয়ে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ তৃণমূল কংগ্ৰেছ, হিল ষ্টেট পিপলচ্ ডেমক্ৰেটিক পাৰ্টী, কংগ্ৰেছ আৰু ভইচ অৱ দ্য পিপলচ্ পাৰ্টীয়ে এখনকৈ আসনত জয়লাভ কৰিছে মেঘালয়ত (NPP results in Meghalaya election) ৷

লগতে পঢ়ক: Nagaland Elections Results: মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ জয়লাভ; টেমজেন ইমনা আলঙে সাব্যস্ত কৰিলে নিজৰ বিজয়

এনপিপিৰ প্ৰাৰ্থী ৱাইলাডমিকি শীলাই জোৱাই সমষ্টিত 2667 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল তৃণমূল কংগ্ৰেছে আওহাই এণ্ড্ৰিউ শোল্লাই ৷ এনপিপিৰ আন এগৰাকী প্ৰাৰ্থী কমিং ৱান ইম্বনে ৰেলিয়াং সমষ্টিত বিজেপি প্ৰাৰ্থী লাখন বিয়ামক পৰাস্ত কৰিছে ৷ একেদৰে এনপিপিৰ প্ৰাৰ্থী ৰক্কম এ চাংমাই ৰংগাৰা ছিজু সমষ্টিত কংগ্ৰেছৰ ৰোফুল এছ মাৰাকক পৰাস্ত কৰিছে ৷ মুঠ 3258 টা ভোটৰ ব্যৱধানত জয়ী হৈছে ৰক্কম এ চাংমা (Meghalaya assembly election results updates) ৷

ইউডিপিৰ প্ৰাৰ্থী লাকমেন ৰিমবুয়ে আমলাৰেম সমষ্টিত এনপিপিৰ প্ৰাৰ্থী ষ্টিফেনচন মুখিমক 57 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ বাঘমাৰা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী কাৰ্টুশ আৰ মাৰাকে বিজেপি প্ৰাৰ্থী চেমুৱেল এম চাংমাক 2225 টা ভোটত পৰাস্ত কৰে ৷ কংগ্ৰেছৰ চালেং এ চাংমাই তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সাধিৰাণী এম চাংমাক 2871 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে ৷ গেম্বাৰ্জ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল চালেং এ চাংমাই (Meghalaya election results 2023) ৷

মেঘালয়ত চৰকাৰ গঠনৰ বাবে কোনো এটা দলক প্ৰয়োজন হ’ব 31 খন আসনৰ ৷ এনপিপিয়ে বৰ্তমানলৈকে সৰ্বাধিক আসন নিজৰ দখলত ৰাখিছে ৷ সকলো দলৰ সমৰ্থকে ভোট গণনাৰ পৰিপ্ৰেক্ষিতত শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এনপিপিৰ সমৰ্থকসকলে কনৰাড চাংমাৰ তুৰাস্থিত বাসভৱনৰ চৌহদতো ভিৰ কৰা দেখা গৈছে ৷

লগতে পঢ়ক: Manik Saha wins from Town Bardowali : পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি মাণিক সাহাৰ

মেঘালয় বিধানসভাৰ আসনৰ সংখ্যা যদিও 60 খন এইবাৰ 59 খন আসনৰ বাবেহে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ কিয়নো ছ’হিয়ং সমষ্টিৰ ইউডিপি প্ৰাৰ্থী তথা প্ৰাক্তন গৃহমন্ত্ৰী এইছ ডি আৰ লিংডোৰ মৃত্যু হোৱা বাবে সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.