ETV Bharat / bharat

Manik Saha wins from Town Bardowali : পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি মাণিক সাহাৰ

author img

By

Published : Mar 2, 2023, 5:16 PM IST

ত্ৰিপুৰাত বিজেপিৰ শক্তিশালী স্থিতি । ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি (Tripura election results 2023)। টাউন বৰদোৱালী সমষ্টিৰ পৰা জয়ী হ'ল মুখ্যমন্ত্ৰী মাণিক সাহা । কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাক ১,২৫৭ টা ভোটত পৰাস্ত ।

Manik Saha wins from Town Bardowali
পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি মাণিক সাহাৰ

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নিউজ ডেস্ক,২ মাৰ্চ : উত্তৰ-পূৱৰ তিনিখন ৰাজ্য ক্ৰমে মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । তিনিওখন ৰাজ্যতে বিজেপি দলে এক শক্তিশালী স্থিতিত আছে (BJP in North East)। ইফালে ত্ৰিপুৰাত পুনৰ বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰা প্ৰায় নিশ্চিত হৈ পৰিছে । ইতিমধ্যে ত্ৰিপুৰাত বিজেপি দলে সৰ্বাধিক সংখ্যক আসনত জয়লাভ কৰিছে । ফলাফল ঘোষণা হোৱা নাই যদিও বিজেপি কৰ্মী আৰু সমৰ্থকৰ মাজত বিজয় উল্লাস প্ৰায় আৰম্ভ হৈছে ।

ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ টাউন বৰদোৱালী সমষ্টিৰ পৰা ইতিমধ্যে জয়ী হৈছে মুখ্যমন্ত্ৰী মাণিক সাহা (Manik Saha wins from Town Bardowali)। ১,২৫৭ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী আশীষ কুমাৰ সাহাক পৰাস্ত কৰি সমষ্টিটোৰ পৰা জয়ী হৈছে মুখ্যমন্ত্ৰী মাণিক সাহা । লগে লগে সমষ্টিটোত বিজেপি নেতা-কৰ্মীসকলৰ মাজত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । ইফালে তেওঁৰ এই বিজয়ৰ লগে লগে দ্বিতীয়বাৰৰ বাবেও ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰায় মুকলি হৈ পৰিছে ।

শেহতীয়া তথ্য অনুসৰি ৬০ খন আসনৰ আধাতকৈও অধিক আসনত বিজেপি প্ৰাৰ্থীসকল আগবাঢ়ি আছে । ইফালে নিজৰ বিজয়ৰ লগতে বিজেপিৰ শক্তিশালী স্থিতিক লৈ আনন্দ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মাণিক সাহাই (Manik Saha reaction after wins)। মাণিক সাহাৰ মতে তেওঁক এই বিজয়ে আনন্দিত কৰি তুলিছে । সংবাদমাধ্যমৰ আগত তেওঁ কয় যে বিজেপিয়ে আকৌ এবাৰ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি তেওঁ আগতেই কৈছিল ।

এতিয়ালৈকে নিৰ্বাচনী ফলাফলে দেখুৱাইছে যে বিজেপিয়ে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিবলৈ গৈ আছে । বিজেপিৰ এই সফলতাক লৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, জে পি নাড্ডা, ৰাজনাথ সিং আৰু সকলো দলীয় কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে ।

তেওঁ উল্লেখ কৰা মতে বিজেপিয়ে অধিক আসনৰ আশা কৰি আছিল কিন্তু ফলাফল কিয় এনে হ'ল সেই বিষয়ে নিৰ্বাচনৰ পাছত বিশ্লেষণ কৰা হ'ব বুলি তেওঁ কয় । কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছত শপত গ্ৰহণ অনুষ্ঠানৰ দিন নিৰ্ধাৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ত্ৰিপুৰাৰ অতি গুৰুত্বপূৰ্ণ চাব্ৰুম সমষ্টিৰ পৰা চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰী জয়ী হৈছে (CPIM candidate Jitendra Choudhury wins)। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহাও কৈলাশাহাৰ আসনত জয়ী হৈছে । শিক্ষামন্ত্ৰী ৰতন লাল নাথ মোহনপুৰ সমষ্টিৰ পৰা জয়ী হৈছে ।

লগতে পঢ়ক :Election Results 2023 Live Updates: তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ প্ৰতিটো শেহতীয়া খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.