ETV Bharat / bharat

TTAADC Village Committees general election: গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী টিপ্ৰাৰ

author img

By

Published : Feb 17, 2022, 11:58 AM IST

২০২১ চনৰ ৭ মাৰ্চতে উকলি গৈছে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অন্তৰ্গত গাঁও কমিটিৰ কাৰ্যকাল । কিন্তু এতিয়ালৈ চৰকাৰে নিৰ্বাচন (TTAADC Village Committees general election) অনুষ্ঠিত নকৰাত ক্ষোভিত টিপ্ৰা দল । নিৰ্বাচন সন্দৰ্ভত ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ দলটোৰ । অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ হস্তক্ষেপ দাবী ।

TTAADC Village Committees general election
গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী টিপ্ৰাৰ

আগৰতলা,১৭ ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ আঞ্চলিক ৰাজনৈতিক দল টিপ্ৰাৰ(TIPRA) দাবী অতি শীঘ্ৰে অনুষ্ঠিত কৰিব লাগে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ (TTAADC) অন্তৰ্গত গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন । দলটোৱে জনোৱা মতে গাঁও কমিটিবোৰৰ কাৰ্যকাল ২০২১ চনৰ ৭ মাৰ্চতে উকলি গৈছে (The term of village committees of TTAADC has expired)। টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মানিক্য দেৱবৰ্মাৰ নেতৃত্বত দলটোৱে ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে । লগতে সমগ্ৰ বিষয়টোত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিছে ।

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত শাসন চলাই থকা আঞ্চলিক দলটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে যে অঞ্চলটোত ৫৮৭ খন এডিচি গাঁও কমিটি আছে । ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ অধীনত থকা ৰাজ্যিক নিৰ্বাচন আয়োগে কমিটিৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো নিৰ্বাচন অনুষ্ঠিত কৰা নাই । ৰাজ্য চৰকাৰে আগৰতলা পৌৰ নিগম আৰু অন্যান্য পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিছে যদিও এডিচি গাঁও কমিটিৰ নিৰ্বাচনৰ (TTAADC Village Committees general election) প্ৰতি পিঠি দি আহিছে ।

টিপ্ৰা দলটোৱে আনুষ্ঠানিকভাৱে চৰকাৰৰ জনজাতীয় কল্যাণ বিভাগক TTAADC গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল । কিন্তু এতিয়ালৈ চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে দলটোৱে । ইফালে গাঁও কমিটি নথকাৰ বাবে TTAADC অঞ্চলত থকা সকলো গ্ৰামোন্নয়ন খণ্ডই কমিটি অবিহনে কাম কৰি আছে ।

ত্ৰিপুৰা চৰকাৰে নিজাববীয়াকৈ এখন মনোনীত গাঁও কমিটি গঠন কৰা নাই আৰু TTAADCয়ে গঠন কৰি দিয়া সমিতিসমূহকো স্বীকৃতি দিয়া হোৱা নাই । টিপ্ৰাৰ অভিযোগ চৰকাৰে TTAADC অঞ্চলৰ লোকসকলৰ গণতান্ত্ৰিক অধিকাৰৰ পৰাও বঞ্চিত কৰিছে । সেয়েহে চৰকাৰক অতি শীঘ্ৰে গাঁও কমিটি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে । লগতে স্মাৰক পত্ৰ জৰিয়তে সমগ্ৰ বিষয়ত ৰাজ্যপালৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে ।

লগতে পঢ়ক :'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.