ETV Bharat / bharat

Encounter in Srinagar : শ্ৰীনগৰ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 31, 2021, 7:13 PM IST

শ্ৰীনগৰত এনকাউণ্টাৰত নিহত ৩ সন্ত্ৰাসবাদী (3 militants were killed in Srinagar encounter)। গুলীয়াগুলিত ৪ গৰাকী সশস্ত্ৰ বাহিনীৰ জোৱান আহত বুলি জানিব পৰা গৈছে । এই বছৰত বিভিন্ন এনকাউণ্টাৰত মুঠ ১৭১ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

Srinagar encounter
শ্ৰীনগৰ সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Encounter in Jammu and Kashmir)। তেনে এক সংঘৰ্ষৰ মাজতে শ্ৰীনগৰৰ সমীপত তিনিটা সন্ত্ৰাসবাদী নিহত হয় (3 militants were killed in Srinagar encounter)। দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত ৪ গৰাকী সশস্ত্ৰ বাহিনীৰ জোৱান আহত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, যোৱা ৪৮ ঘণ্টাত অনুৰূপ দুটাকৈ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল য'ত ৬ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এগৰাকী সেনা জোৱান শ্বহীদ হয় । আৰক্ষী বিষয়াৰ মতে বৃহস্পতিবাৰে নিশা শ্ৰীনগৰৰ পন্থা চক অঞ্চলত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল । আৰক্ষীয়ে জনোৱা মতে তিনিগৰাকী জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ বিষয়া আৰু এগৰাকী চিআৰপিএফ জোৱান আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে নিহত সন্ত্ৰাসবাদীসকলৰ এটাক জেইএম (JeM) সন্ত্ৰাসবাদী সংগঠনৰ সুহাইল আহমেদ ৰাথাৰ বুলি চিনাক্ত কৰিছে । আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে উল্লেখ কৰা মতে সুহাইল আহমেদ ৰাথাৰ জেৱান সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল (Suhail was involved in Zewan Terror Attack) । ইফালে এই আক্ৰমণত জড়িত আটাইকেইটা সন্ত্ৰাসবাদী নিহত হোৱা বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে ।

তেওঁ লগতে কয় যে এই বছৰত বিভিন্ন এনকাউণ্টাৰত মুঠ ১৭১ টা সন্ত্ৰাসবাদী নিহত হৈছে । তাৰ ভিতৰত ১৯ টা পাকিস্তানী সন্ত্ৰাবাদী আৰু ১৫২ টা স্থানীয় সন্ত্ৰাসবাদী বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে বিভিন্ন ঘটনা ২০২০ চনত ৩৭ গৰাকী সাধাৰণ লোক নিহত হৈছিল যদিও এই বছৰ ৩৪ গৰাকী সাধাৰণ লোক নিহত হৈছে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে যোৱা সপ্তাহত দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰায় ৫ টাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হয় । ২৫ ডিচেম্বৰৰ পৰা বৰ্তমানলৈ গুলীচালনাত ১৪ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এগৰাকী সেনা জোৱান শ্বহীদ হয় ।

লগতে পঢ়ক :Gunfight in South Kashmir : দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৬ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.