ETV Bharat / bharat

পুলৱামাত উগ্ৰপন্থীৰ আক্ৰমণ : আহত তিনিগৰাকী সাধাৰণ লোক

author img

By

Published : Sep 14, 2021, 5:31 PM IST

grenade attack
পুলৱামাত উগ্ৰপন্থীৰ আক্ৰমণ

পুনৰ উগ্ৰপন্থীৰ লক্ষ্য পুলৱামা । এইবাৰ আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি উগ্ৰপন্থীৰ গ্ৰেনেড নিক্ষেপ । ঘটনাত আহত তিনিজন লোক ।

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰত যুদ্ধ সদৃশ পৰিৱেশ । উগ্ৰপন্থীয়ে শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত তেওঁলোকৰ হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিছে । পুলৱামাত পুনৰ নিৰাপত্তা বাহিনীক আক্ৰমণ উগ্ৰপন্থীৰ ।

আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিলে উগ্ৰপন্থীয়ে (militants) । ঘটনাত তিনিগৰাকীকৈ সাধাৰণ লোক (civilians) গুৰুতৰভাৱে আহত হয় । শীৰ্ষ বিষয়াসকলে জানিবলৈ দিয়া মতে পুলৱামাৰ ৰাজপোৰাৰ শ্বহীদ পাৰ্ক অঞ্চলৰ সমীপত এখন আৰক্ষীৰ বাহনক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গ্ৰেনেড নিক্ষেপ কৰিছিল । কিন্তু গ্ৰেনেডটো (grenade) আৰক্ষীৰ বাহনৰ পৰিৱৰ্তে ৰাজপথতে বিস্ফোৰণ হয় ।

ফলত তিনিগৰাকী পথচাৰী আহত হয় আৰু ততাতৈয়াকৈ আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাৰ পাছতে অঞ্চলটো আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :হিন্দী দিৱস : কি আছে ইয়াৰ অন্তৰালত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.